ফলাফল শূন্য হ’লেও ,চৰকাৰ গঠন কৰিব বিজেপিয়েই !

Share This Article

বহু প্ৰতীক্ষিত মিজোৰামৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে । আনহাতে,ছত্তীশগড়তো আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।মিজোৰামৰ ৪০ টা বিধানসভাৰ সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জনসাধাৰণৰ ভোটদানৰ উৎসুকতা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে । মিজোৰামৰ দুয়োটা স্থানীয় দল মিজো নেশ্যনেল ফ্ৰণ্ট আৰু জ’ৰাম পিপুলচ ম’ভমেন্টৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতা হোৱাৰ বিপৰীতে কংগ্ৰেছ দলেও যথেষ্ট শক্তিশালী ৰূপত এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত পোৱা গৈছে।স্থানীয় দল MNF বিজেপি নেতৃত্বাধীন NDA ৰ সহযোগী হিচাপে আছিল যদিও কিন্তু MNF এ ইতিমধ্যে এই মিত্ৰজোঁটৰ সংগ এৰি নিজাববীয়াকৈ প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।মুঠ ৪০ জনীয়া বিধানসভাত ২০১৮ চনৰ নিৰ্বাচনত MNF দলে লাভ কৰিছিল ২৬ খন আসন । ২৬ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভৰ পিছতো মাত্ৰ ১ খন আসন লাভ কৰা বিজেপিয়ে MNF চৰকাৰৰ অংশীদাৰ হৈ নেডাৰ চৰকাৰ বুলি ক্ৰেডিট লৈছিল মিজোৰামত।ঠিক সেইদৰে ২০১৮ চনত বিজেপি আৰু মেঘালয়ৰ NPP দলে পৃথকে পৃথকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল । ৬০ খন আসনৰ ভিতৰত ৪৭ খনত প্ৰতিন্দন্দ্বিতা আগবঢ়াই মাত্ৰ ২খন আসন লাভ কৰিছিল বিজেপিয়ে ।তাৰ বিপৰীতে NP P এ লাভ কৰিছিল ২৬ খন আসন।কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ৰেডিট লোৱাৰ মানসিকতাৰে আন দলৰ সহায় লৈ চৰকাৰ গঠন কৰিব পৰা NPP ৰ সহযোগী দল হিচাপে বিজেপিক অন্তৰ্ভুক্ত কৰায় লৈ বিজেপিকো চৰকাৰৰ অংশীদাৰ কৰাত সফল হৈছিল । বিগত ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত NPP এ ২৬ খন,UDP এ ১১ খন,তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দলে ৫ খন,ভয়চ অব পিপুলচ পাৰ্টিয়ে ৪ খন,পিপুলচ ডেমক্ৰেটিক ফ্ৰণ্টে ২ খন,HSPDP এ ২ খন আৰু নিৰ্দলীয়ই ২ খন আসন লাভ কৰিছিল।তাৰ বিপৰীতে মুঠ ৪৭ খন আসনত প্ৰতিন্দন্দ্বিতা কৰি ২ খন আসন লাভ কৰিছিল বিজেপিয়ে।ঠিক সেইদৰে বিগত বিধানসভাৰ নিৰ্বাচনত নাগালেণ্ডত নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিয়ে মুঠ ৬০ খন আসনত প্ৰতিন্দন্দ্বিতা কৰি ২৫ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে বিজেপি দলেও ৰাজ্যখনৰ ৬০ টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াই ১২ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।অৱশ্যে ২০১৮ চনতো ১২ খন আসনতেই জয়ী হৈছিল বিজেপি । নিৰ্বাচনটোত NPF এ ২খন আৰু আন দলে ২১খন আসন লাভ কৰিছিল যদিও ফলাফল ওলোৱাৰ আগতে NDPP ক NDA ৰ সহযোগী হিচাপে লৈ নাগালেণ্ডতো চৰকাৰ গঠনৰ কৃতিত্ব লৈছিল নেডাৰ অধ্যক্ষ তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মিজোৰামৰ নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত ২৩খনতহে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে বিজেপিয়ে । মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাব লৈ সাহসেই গোটাব নোৱাৰিলে মিজোৰামত।এইবাৰ মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰত কোনো ধৰণৰ ভূমিকা নোলোৱা ড° শৰ্মাই যে নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত ঘোঁৰা বিচৰাৰ ৰাজনীতিৰে NEDA ৰ চৰকাৰ গঠনৰ কূটকৌশল ৰচনা কৰিব পাৰে বুলি সম্ভাৱনীয়তা ব্যক্ত কৰিছে মিজোৰামৰ জনতাই ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.