সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জিনজিয়াত হত্যাকাণ্ড

নিশা বিহালীৰ জিনজিয়াৰ বৰজাৰণীৰ সমীপৰ জিনজিয়া চাহ বাগিছাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। প্ৰায় ৩৮বছৰীয়া মুছলিম মুল্লা নামৰ ব্যক্তিগৰাকীয়ে নিশা ২নং বৰজাৰণীৰ নিজৰ ঘৰলৈ চাইকেলৰে গৈ থকা অৱস্থাত কোনো অচিনাকি দুৰ্বৃত্তই নৃশংস ভাৱে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ।ইতিমধ্যে জিনজিয়া আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইফালে বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰনাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত ক্ষীপ্ৰতাৰে অব্যাহত ৰখাৰ লগতে দোষীক অতি শীঘ্ৰেই চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.