অগ্নিকাণ্ডত মৃত্যু চিকিৎসক সহ ৰোগীৰ

Share This Article

ঝাৰখাণ্ডৰ ধানবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।শুকুৰবাৰে নিশা পুৰণা বজাৰৰ হাজাৰা হস্পিটেলতৰ দ্বিতীয় মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।অগ্নিকাণ্ডটোত অতি কমেও ৬ জন লোকৰ মৃত্যু হৈছে।ঘটনাস্থলীৰ পৰা ইতিমধ্যে ৯ জন লোকক উদ্ধাৰ কৰা হৈছে।নিহত সকলৰ ভিতৰত এহাল চিকিৎসক দম্পতীও আছে।ডাক্তৰ বিকাশ হাজৰা আৰু তেওঁৰ পত্নী প্ৰেমা হাজৰাই এই অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছে।চিকিৎসালয়খনৰ দ্বিতীয় মহলাত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু প্ৰথম মহলালৈ জুই বিয়পি পৰে।নিশাৰ ভাগত সংঘটিত এই অগ্নিকাণ্ডত নিদ্ৰাৰত অৱস্থাত থকা লোকসকলে শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয়।অগ্নিসেৱা বিভাগৰ বিষয়াই জনোৱা মতে চিকিৎসালয় খনত অগ্নি নিৰ্বাপনৰ কোনো ব্যৱস্থা নাছিল ৷ আনকি এণ্টিফায়াৰ মেচিনবোৰো কাৰ্যক্ষম হৈ থকা নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.