পুনৰ তেজৰ ফাকু জেৰুজালেম

Share This Article

পূব জেৰুজালেমত অৱস্থিত এটা ছিনাগগত শুকুৰবাৰে সংঘটিত গুলীচালনাত অতি কমেও ৮ জন লোক নিহত হয়।শুকুৰবাৰে বিয়লিৰ ভাগত সংঘটিত এই ঘটনাক প্ৰথম অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি ধাৰণা কৰা হৈছিল যদিও পিছত এজন বন্দুকধাৰীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ বিষয়টো স্পষ্ট হয়।পূব জেৰুজালেমৰ বাসিন্দা বন্দুকধাৰীজনক ইতিমধ্যে ইজৰাইলী সেনাই গুলীয়াই হত্যা কৰিছে বুলি আৰক্ষী সূত্ৰই স্পষ্ট কৰিছে।আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ‘আজি সন্ধিয়া প্ৰায় ৮ বাজি ৩০ মিনিটত জেৰুজালেমৰ নেভে ইয়াকোভ বলিভাৰ্ডৰ এটা ছিনাগগত এজন বন্দুকধাৰী সন্ত্ৰাসবাদী উপস্থিত হৈ অঞ্চলটোৰ কেইবাজনো লোকৰ ওপৰত গুলীচালনা কৰে৷ফলত প্ৰায় ৮ জন লোকৰ মৃত্যু হয়।’ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘাত নতুন কথা নহয়।বৃহস্পতিবাৰে ৱেষ্ট বেংকৰ জেনিন কেম্প অঞ্চলত ইজৰাইলী সেনাই অভিযান চলাই মুঠ ৯ জন পেলেষ্টাইনী লোকক হত্যা কৰে।নিৰাপত্তাৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে সংঘটিত এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ পূব জেৰুজালেমত শুকুৰবাৰে এই ঘটনা সংঘটিত কৰে সন্ত্ৰাসবাদী সদস্যই।আল জাজিৰা নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি পূব জেৰুজালেমৰ ঘটনাস্থলীলৈ এখন গাড়ী আহিছিল আৰু তাৰপৰা এজন ব্যক্তি নামিছিল।সেই ব্যক্তিজনেই সেই স্থানত যধেমধে গুলীওৱা আৰম্ভ কৰিছিল।আল জাজিৰাৰ মতে তাত ৮ জনতকৈ অধিক লোক নিহত হোৱাৰ সম্ভাৱনাই বেছি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.