সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চীনৰ ৰাষ্ট্ৰপতিৰ লগত দোলনাত উঠিছিল মোডী।তাৰপিছতো আক্ৰমণ কিয়?

২০১৪ চন।সাবৰমতীত এখন দোলনাত উঠিছিল নৰেন্দ্ৰ মোডী, লগত আছিল চীনৰ ৰাষ্ট্ৰপতি চি জিংপিং।২০১৮ চন।ৱুহানৰ এক মনোৰম হ্ৰদৰ পাৰত নৰেন্দ্ৰ মোডীয়ে এক কূটনৈতিক আলোচনা কৰিছিল চীনৰ ৰাষ্ট্ৰপতি জনৰ লগত।আঠ মাহ আগৰ কথা।মমল্লপুৰমৰ এখন নদীৰ বুকুত দুয়োজনৰ মাজত হৈছিল আন এখন আলোচনা।
লাদাখৰ পৰিস্থিতি দুমাহ ধৰি স্পৰ্শকাতৰ।দুমাহ ধৰি বিৰোধীৰ প্ৰশ্ন,চীনৰ লগত ইমান আলোচনাৰ লাভ কি হ’ল?অৱশেষত চীনা সৈন্যৰ আক্ৰমণত নিহত হ’ল বিশজন ভাৰতীয় সেনা।অভিযোগ উঠিছে,৫৬ ইঞ্চিৰ বুকুৰ গৰাকী,কিয় মৌন হৈ ৰ’ল এই সময়ত।কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ প্ৰশ্ন,পাঁচ মে’ৰ পৰা মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।বিদেশী সেনাই দেশৰ ভূখণ্ড দখল কৰিলে।অথচ,দেশৰ প্ৰধানমন্ত্ৰী নীৰৱ।অন্য দেশত এনে হ’লহেঁতেন বুলি ভাবিব পাৰি নে?
উল্লেখনীয় যে,নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হৈয়ে তৎপৰ হৈ পৰিছিল দেশৰ বৈদেশিক ক্ষেত্ৰখনত।বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ,ৰাষ্ট্ৰপ্ৰধান সকলৰ আলোচনা আদিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সবল কৰি তুলিবলৈ চেষ্টা কৰিছিল ভাৰতৰ বৈদেশিক ক্ষেত্ৰখন।চীন ভাৰতৰ সংঘাত নতুন নহলেও,১৯৭৫ চনৰ পিছত এজনো সেনা নিহত হোৱা নাছিল ভাৰত চীন সীমান্তৰ সংঘাতত।কিন্তু শেহতীয়াকৈ ভাৰত চীন সীমান্তৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটাৰ পিছতো মৌন হৈ ৰৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।সেইবাবেই এতিয়া ২০ জনকৈ ভাৰতীয় সেনা নিহত হোৱাৰ পিছত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
উল্লেখনীয় যে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ পৰা পাঁচবাৰ চীন ভ্ৰমণ কৰিছে আৰু চীনৰ ৰাষ্ট্রপতিক মুঠ ১৮বাৰ সাক্ষাৎ কৰিছে।

Leave A Reply

Your email address will not be published.