হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী!

Share This Article

অসমৰ গৌৰৱ হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী।হয়,হিমা দাসক লৈ আজি News 18 Bangla ত প্ৰকাশিত এক বাতৰিত হিমা দাসক এগৰাকী বাঙালী কন্যা বুলি অভিহিত কৰা হৈছে।

প্ৰতিজন অসমবাসীয়ে গৌৰৱৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হিমা দাস শেহতীয়াকৈ মনোনীত হৈছে ৰাজীৱ খেল ৰত্ন বঁটাৰ বাবে।এই সম্পৰ্কীয় বাতৰিটো প্ৰকাশ কৰি News18Bangla ত লিখা হৈছে,”বয়স মাত্ৰ বিশ বছৰ।এই বয়সতেই বাঙালী কন্যাই বুটলি আনিছে ইটোৰ পিছত সিটো আন্তৰ্জাতিক বঁটা।”

News 18 Bangla ত এই বাতৰিটো প্ৰকাশৰ পিছতে এতিয়া চচিয়েল মিডিয়াত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।সকলোৱে হিমা দাসক এগৰাকী গৌৰৱবান অসমীয়া হিচাপে গ্ৰহণ কৰি আহিছিল।এগৰাকী অসমীয়াৰ এই আন্তৰ্জাতিক খ্যাতিয়ে সকলোকে আনন্দিত কৰি ৰাখিছিল।কিন্তু শেহতীয়াকৈ এই সংবাদ প্ৰতিষ্ঠানটোত প্ৰকাশিত এনে বাক্যই অসমীয়া ৰাইজক আঘাত কৰাই নহয়,কৰি তুলিছে উত্তেজিতও।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.