সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা: ভাৰত বিশ্বৰ ৮ নম্বৰত

বিশ্বজুৰি মহামাৰীৰ সূচনা কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমন এতিয়াও দেশে দেশে অব্যাহত আছে ৷ভাৰততো শেহতীয়াকৈ ক’ৰোনাৰ সংক্ৰমনে ভয়াবহ ৰূপ লৈছে৷ কিন্তু তাৰ মাজতো আশাৰ খবৰটো হ’ল – বহু ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যাৰ ফালৰ পৰা ভাৰত আজিৰ দিনটোত বিশ্বৰ ৮ নম্বৰ দেশ৷ প্ৰথমখন দেশ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ আমেৰিকাত বৰ্তমান ১০,৪১,৮১৪ গৰাকী ৰোগীৰ দেহত ক’ৰোনাৰ সংক্ৰমন আছে৷ ইয়াৰ পাছতে স্পেইন, ইটালী,ফ্ৰান্স,ৰাছিয়া ,ইংলেণ্ড আৰু ব্ৰাজিলত বৃহৎসংখ্যক ক’ৰোনা পজিটিভ ৰোগী এতিয়াও আছে৷ আনহাতে , জাৰ্মানী ,ইৰাণ আৰু কানাডাত ভাৰততকৈ বেছি লোক ক’ৰোনাত আক্ৰান্ত হৈছিল যদিও তাত অধিকাংশ ৰোগীয়ে ইতিমধ্যে আৰোগ্য হৈ উঠিছে৷ জাৰ্মানীত ১,৭২,৫৭৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ৭৬০০ লোক মৃত্যুমুখত পৰিছিল৷ কিন্তু এতিয়া দেশখনত মাত্ৰ ১৯,২৯৮ গৰাকী লোকৰ দেহতহে ক’ৰোনাৰ সংক্ৰমন আছে৷ ইৰাণত ১,০৯,২৮৬ লোক ক’ৰোনাত আক্ৰান্ত হৈছিল যদিও ১৫,১৭৯ গৰাকী ৰোগীৰ দেহতহে এতিয়া ভাইৰাছৰ উপস্থিতি আছে৷ কানাডাতো বৰ্তমান ৩১,৯৯৪ গৰাকী ৰোগী এতিয়াও চিকিংসাধীন হৈ আছে৷ আনহাতে , ভাৰতত ৭০ হাজাৰতকৈ অধিক লোক সংক্ৰমিত হৈছে যদিও বৰ্তমান ৪৬,০০৮ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ৱৰ্ল্ডমিটাৰ অনুসৰি বৰ্তমানেও ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ দিশৰ পৰা ভাৰত হ’ল বিশ্বৰ অষ্টমখন দেশ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.