সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা: ভাৰতত এদিনত আক্ৰান্ত ৪,২১৩

ক’ৰোনা সংক্ৰমনৰ ক্ষেত্ৰত কালিৰ দিনটো ভাৰতৰ বাবে আছিল অত্যন্ত চিন্তনীয়৷
• এদিনত দেশত সৰ্বাধিক লোক আক্ৰান্ত হয় দেওবাৰৰ দিনটোত৷ বিগত ২৪ ঘন্টাত ভাৰতত ৪,২১৩ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ মৃত্যু হ’ল ৯৭ গৰাকী ৰোগীৰ৷
• ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৬৭,১৫২ গৰাকী৷ এতিয়ালৈকে মৃত্যুমুখত পৰিছে ২,২০৬ গৰাকী৷
• ২০,৯১৬ আক্ৰান্ত সুস্থ হৈ উঠিছে ৷ তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷৪৪,০২৯ গৰাকী ৰোগীৰ চিকিৎসা অব্যাহত আছে৷
• সৰ্বাধিক আক্ৰান্ত ৰাজ্যকেইখন হ’ল- মহাৰাষ্ট্ৰ (২২,১৭১ আক্ৰান্ত),গুজৰাট(৮,৯১৬ আক্ৰান্ত),তামিলনাডু(৭২০৪ আক্ৰান্ত) আৰু দিল্লী(৭২৩৩আক্ৰান্ত)

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.