সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কৰ’নাতন্ত্ৰ, গণতন্ত্ৰ ইত্যাদি

কৰ’নাৰ আগ্ৰাসনে সৃষ্টি কৰা সংকটৰ পৰৱৰ্তী সময়ত আমি কেনে এক ৰাষ্ট্ৰব্যৱস্থা পাম? মহামাৰীৰ ভয়াৱহ সংক্ৰমণে সৃষ্টি কৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰ‌ই গ্ৰহণ কৰা নীতিসমূহে ৰাষ্ট্ৰক এক স্বেচ্ছাচাৰী পুলিচ ৰাষ্ট্ৰত পৰিণত কৰিব নেকি?

লেখক শান্তনু বৰঠাকুৰ

কৰ’নাৰ পাছৰ পৃথিৱীখন কেনে হ’ব? এই মহামাৰীয়ে ইতিমধ্যেই আমাৰ সামাজিক-অৰ্থনৈতিক জীৱনক তচনচ কৰি পেলাইছে। এনে পৰিপ্ৰেক্ষিততে প্ৰশ্ন আহিছে কৰ’না উত্তৰ পৃথিৱীৰ ৰূপ সম্পৰ্কে। কেনে হ’ব ৰাষ্ট্ৰৰ ৰূপ? ত্ৰিশৰ দশকৰ ‘মহামন্দা’ (Great recession)ৰ দৰে কোভিড-১৯ৰ আক্ৰমণো বিশ্বৰ বাবে এক জলচ্ছেদ (watershed) সময় হ’ব নেকি?।বিংশ শতিকাৰ ত্ৰিশৰ দশকৰ সংকটে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ সৃষ্টি কৰিছিল।ৰাষ্ট্ৰ‌ই মানুহৰ (বিশেষকৈ পশ্চিমত) মাজত গণতান্ত্ৰিক চেতনাৰ প্ৰসাৰ ঘটাইছিল। স্বেচ্ছাচাৰী ৰাষ্ট্ৰ একধৰণৰ গণতান্ত্ৰিক দায়বদ্ধতাৰ মাজলৈ আহিছিল, তাৰ সীমাবদ্ধতা যিমানেই নাথাকক কিয়। কৰ’নাৰ আগ্ৰাসনে সৃষ্টি কৰা সংকটৰ পৰৱৰ্তী সময়ত আমি কেনে এক ৰাষ্ট্ৰব্যৱস্থা পাম? মহামাৰীৰ ভয়াৱহ সংক্ৰমণে সৃষ্টি কৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰ‌ই গ্ৰহণ কৰা নীতিসমূহে ৰাষ্ট্ৰক এক স্বেচ্ছাচাৰী পুলিচ ৰাষ্ট্ৰত পৰিণত কৰিব নেকি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আজিৰ সময়ত। ইজৰাইলৰ বিশিষ্ট লেখক নৱা হাৰাৰীয়ে “কৰ’না ভাইৰাছৰ পিছৰ পৃথিৱীখন “(The world after Coronavirus) শীৰ্ষক এক লেখাত কৰ’না উত্তৰ পৃথিৱীৰ বাবে খোলা থকা দুটা পথৰ কথা কৈছে। এটা হ’ল-চোৰাংচোৱা ৰাষ্ট্ৰ বা পুলিচ ৰাষ্ট্ৰ, য’ত নাগৰিকৰ সকলো কাৰ্য নীৰিক্ষিত হ’ব, আৰক্ষীৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব। আৰু আনটো হ’ল সহযোগিতাৰ, গণতান্ত্ৰিক চেতনা পৰিসৰ বহলোৱাৰ। অৰ্থাৎ দ্বিতীয়টো পথত ৰাষ্ট্ৰ আৰু নাগৰিক হ’ব এক উমৈহতীয়া লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাৰ সমান অংশীদাৰ। এতিয়া স্বাভাৱিকতেই প্ৰশ্ন আহে-কৰ’নাক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা শেহতীয়া নীতিবোৰে আমি ওপৰত উল্লেখ কৰা ভবিষ্যত সম্পৰ্কে কেনে ইংগিত দিয়ে? আমাৰ দেশৰ প্ৰেক্ষাপটত আমি বিষয়টো চাব পাৰোঁ।

কোভিড-১৯ৰ আক্ৰমণৰ লগে লগে বিশ্বৰ প্ৰায় সকলো দেশতে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা হ’ল। আমাৰ দেশো ইয়াৰ ব্যতিক্ৰম নহয়। লকডাউনৰ জৰিয়তে ভাৰতবৰ্ষয়ো মহামাৰীৰ সংক্ৰমণ ৰোধৰ যুঁজ চলালে। যদিও ইমানদিনে ৰোগৰ সংক্ৰমণৰ বিৰুদ্ধে কেৱল চিকিৎসক আৰু চিকিৎসাকৰ্মীকেহে দেখিছিলো,কিন্তু এইবাৰৰ যুঁজ আমি কিছু ব্যতিক্ৰম দেখিলো। সংক্ৰমণ ৰোধ কৰাত আৰক্ষী বা পুলিচক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ’ল। কঠোৰ লকডাউন সফল কৰাৰ দায়িত্ব দিয়া হ’ল আৰক্ষীক। এই পৰ্যন্ত আৰক্ষীক আমি মূলতঃ দুটা দায়িত্ব সম্পাদন কৰা দেখিছিলো-(ক) শান্তি-শৃংখলা অটুত ৰখা আৰু (খ) অপৰাধৰ তদন্ত। কিন্তু আজিৰ এই জৰুৰীকালীন অৱস্থাত আৰক্ষীক অতিৰিক্তভাৱে মহামাৰীয়ে সৃষ্টি কৰা দূৰ্যোগ প্ৰতিৰোধত নিয়োজিত কৰা হ’ল। এই কামত আৰক্ষী নিয়োজিত হোৱাৰ কাৰণ আছিল মহামাৰী প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা লকডাউনৰ দৰে কঠোৰ ব্যৱস্থা।

লকডাউন পৰৱৰ্তী সময়ত আমি আৰক্ষীৰ ক্ষমতাৰ প্ৰয়োগৰ এক ভিন্ন ৰূপ দেখিলো। আৰক্ষীৰ এই ৰূপ স্বাভাৱিক সময়ত দেখা পোৱা নায়ায়। লকডাউন সফল কৰাৰ বাবে প্ৰয়োজনীয় কামত বাহিৰলৈ যোৱা নাগৰিকক কাণত ধৰি উঠা-বহা কৰোৱা, বুকডাউন মাৰিবলৈ দিয়া, লাঠীৰে কোবোৱা, পথাৰলৈ যোৱা মহিলাৰ ওপৰত লাঠিচালনা আদি ঘটনা সুলভ হৈ পৰে। বহুঠাইত সময়তকৈ কিছু দেৰিলৈকে দোকান খোলাৰ বাবে দোকানীক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ দৰে ঘটনা ঘটিছিল(দেৰগাঁৱৰ ওচৰৰ কোনো ঠাইত ঘটা এনে এটা ঘটনাৰ বিৱৰণ সামাজিক/বৈদ্যুতিন মাধ্যমত পাইছিলো)। কথাটো এনে নহয় যে সকলো আৰক্ষীয়ে এনে কৰিছিল। কিন্তু এনে এটা ধাৰা দেখা পোৱা গৈছিল। অৱশ্যে কথাটো এনেও নহয় যে আৰক্ষীৰ ক্ষমতাৰ প্ৰয়োগ কেৱল ভাৰততহে হৈছে। পৃথিৱীৰ ভিন্ন দেশত লকডাউন সফল কৰাৰ বাবে আৰক্ষীক অতিৰিক্ত ক্ষমতা দিয়া হৈছিল আৰু এই ক্ষমতাৰ প্ৰয়োগক লৈ বিতৰ্ক হৈছিল। ইউৰোপৰ দেশবোৰত হয়তো আমাৰ ইয়াৰ দৰে আৰক্ষীৰ ক্ষমতাৰ প্ৰয়োগ খুব ৰুক্ষ বা crude নহয়, কিন্তু সমস্যাটো আছিল। কিন্তু, এই ঘটনাবোৰে স্বাভাৱিক সময়ত যি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেহেঁতেন, পেণ্ডেমিকৰ সময়ত হোৱা নাই। কাৰণ, দেশৰ শিক্ষিত মানুহেও জৰুৰীকালীন সময়ত এনে ক্ষমতাৰ প্ৰয়োগ সঠিক ৰূপেই গণ্য কৰে। কিয় এনে হয়,এই সম্পৰ্কে “The shock doctrine-The rise of disaster capitalism” গ্ৰন্থৰ লেখিকা নাউমী ক্লেইনে শেহতীয়াকৈ এক সাক্ষাৎকাৰত তাৰ ব্যাখ্যা দিছিল-” সংকটৰ সময়ত মানুহে সংকটে সৃষ্টি কৰা দৈনন্দিন জৰুৰীকালীনতাক যিকোনো প্ৰকাৰে অতিক্ৰম কৰাৰ চেষ্টা কৰে আৰু ক্ষমতাত থকাসকলৰ ওপৰত অত্যাধিক বিশ্বাস কৰে।” নাগৰিকৰ এনে প্ৰশ্নাতীত বিশ্বাসে ৰাষ্ট্ৰৰ আৰক্ষীৰ ক্ষমতাৰ (অপ)প্ৰয়োগৰ সুযোগ দিয়ে

কেৱল আৰক্ষী ক্ষমতাৰ প্ৰয়োগেই নহয়, ইয়াতকৈ ভয়ংকৰ বিষয় হৈছে কোভিড-১৯ আক্ৰান্ত বিচৰাৰ বাবে কৰা প্ৰযুক্তিৰ ব্যৱহাৰ। পৃথিৱীৰ বিভিন্ন দেশত এক বিশেষ ‘এপ’ৰ দ্বাৰা সাম্ভাৱ্য কোভিড আক্ৰান্ত বিচৰা আৰম্ভ হৈছে। চীন, ইজৰাইল আদি দেশত এনে প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগ হৈছে।আমাৰ দেশত “আৰোগ্য সেতু” নামৰ একেধৰণৰ এক ‘এপ’ৰ ব্যৱহাৰ ইতিমধ্যেই আৰম্ভ হৈছে। এনে প্ৰযুক্তিৰ ব্যৱহাৰেৰে নাগৰিকৰ গতি-বিধি নিৰীক্ষণৰ দ্বাৰা সাম্ভাব্য কোভিড-১৯ত আক্ৰান্ত সকলক বিচাৰি উলিওৱা হয়। কিন্তু, জৰুৰীকালীন সময়ৰ এই ব্যৱস্থা যদি স্বাভাৱিক সময়তো চলাই নিয়া হয়, তেনেহ’লে ই আমাক এক চোৰাংচোৱা ৰাষ্ট্ৰৰ নাগৰিক কৰি পেলাব নেকি? এনে ব্যৱস্থাই সাংবিধানিকভাৱে স্বীকৃত গোপনীয়তাৰ অধিকাৰ(Right to privacy) ভংগ নকৰিবনে? আমাৰ দেশৰ আৰোগ্য সেতুৰ ক্ষেত্ৰত দেখা গৈছে যে বিভিন্নধৰণেৰে ইয়াৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে, কিন্তু এনে ব্যৱহাৰক নিয়ন্ত্ৰিত কৰাৰ বাবে কোনো আইন নাই। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি এন কৃষ্ণই(কৃষ্ণ, তথ্য সুৰক্ষা বিধেয়কৰ সন্দৰ্ভত চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰো সভাপতি) আৰোগ্য সেতু এপৰ বাধ্যতামূলক ব্যৱহাৰক অনুচিত আখ্যা দিছে।

এইবোৰ ঘটনা গণতন্ত্ৰৰ ভবিষ্যতৰ বাবে বিপদজনক। গণতন্ত্ৰ মানে কেৱল ৫বছৰৰ অন্তত ভোট দি চৰকাৰক নিৰ্বাচিত কৰাই নিশ্চয় নহয়। ইয়াৰ মূল উদ্দেশ্য হ’ল সকলো মানুহে মৰ্যাদা সহকাৰে জীয়াই থাকিব পৰা, নিজস্ব বিশ্বাস, চিন্তা, আদৰ্শ, পচন্দক সুৰক্ষিত কৰি ব্যক্তিৰ পূৰ্ণাংগ বিকাশ সম্ভৱ কৰি তুলিব পৰা এক পৰিৱেশ সৃষ্টি কৰা। সেয়েহে আমাৰ সংবিধানৰ ২১নং অনুচ্ছেদত জীয়াই থকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ কথা কোৱা হৈছে। দেশৰ উচ্চতম ন্যায়ালয়ে ২১নং অনুচ্ছেদক সংবিধানৰ আত্মা আখ্যা দিছে। আনহাতে উচ্চতম ন্যায়ালয়ে জীয়াই থকাৰ অধিকাৰ মানে মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ বুলিছে। কিন্তু, যোৱা দুটা মাহত লক্ ডাউন সফল কৰাৰ নামত আমি দেখা পাইছিলো এনে মৰ্যাদা হানিৰ মুকলি উদাহৰণ। লক্ডাউন বন্ধ কৰাৰ বাবে আৰক্ষীয়ে লোৱা চৰম কাৰ্যব্যৱস্থাবোৰ এজন নাগৰিকৰ মৰ্যাদা হানিৰ উদাহৰণ নহয়নে? এনে ব্যৱস্থাবোৰ স্বাভাৱিক সময়তো ব্যৱহাৰ কৰা হ’ব পাৰে বুলি আমি ধাৰণা কৰাৰ কাৰণ হ’ল কৰ’নাৰ প্ৰতিৰোধৰ নামত আৰক্ষীক ব্যৱহাৰ কৰা হৈছে সকলো বিৰোধীৰ মুখ বন্ধ কৰাৰ বাবে। চৰকাৰৰ কৰ’না প্ৰতিৰোধী কাম-কাজক সমালোচনা কৰা সাধাৰণ নাগৰিক, ৰাজনৈতিক কৰ্মী, চিকিত্সক আদিৰ ওপৰত যিদৰে গোচৰ জাপি দিয়া হৈছে, সেয়া আমি লক্ষ্য কৰিছো। আৰক্ষী সকলোধৰণৰ দায়বদ্ধতাৰ পৰা মুক্ত হৈ ৰোৱাটোৰ বাবেই এনেধৰণৰ আতিশয্য সম্ভৱ হৈ পৰিছে। আৰক্ষীৰ হাতত পৰা এনে ক্ষমতাৰ লগত যেতিয়া নাগৰিকৰ কামকাজৰ প্ৰতিনিয়ত নিৰীক্ষণৰ ব্যৱস্থা থাকিব, সি আমাক এক স্বেচ্ছাচাৰী ৰাষ্ট্ৰৰ প্ৰজা কৰি তুলিব। এক স্বেচ্ছাচাৰী ৰাষ্ট্ৰ সমান চোৰাংচোৱা ৰাষ্ট্ৰ আৰু এনে হ’লে গণতন্ত্ৰৰ কাঠামো ভাঙি পৰিব।

ওপৰত উল্লেখ কৰা ধৰণৰ সম্ভাৱনাৰ বিষয়ে আমি ভাবিবলৈ বাধ্য হৈছো, কাৰণ ক্ষমতাৰ সমতুল(Balance) বৰ্তাই ৰখাৰ বাবে থকা সাংবিধানিক প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা দুৰ্বল ভূমিকাৰ বাবে। জৰুৰীকালীন সময়তো সাংবিধানিক অধিকাৰসমূহৰ,বিশেষকৈ অনুচ্ছেদ ১৪, ১৯ আৰু ২১ৰ উপভোগ সুনিশ্চিত কৰাটো এই প্ৰতিষ্ঠানসমূহৰ, বিশেষকৈ ন্যায়ালয়ৰ দায়িত্ব। কিন্তু যোৱা সময়ছোৱাত ক্ষমতাৰ Check and balance নিশ্চিত কৰাত যেন ন্যায়ালয় ব্যৰ্থ হৈছে- এনে ধাৰণা মানুহৰ মনলৈ আহিছে। সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ এনে ভূমিকাই স্বাভাৱিকতে কাৰ্যপালিকা বা শাসকৰ স্বেচ্ছাচাৰিতাক উদগনি যোগাব। আৰু সকলো ধৰণৰ স্বেচ্ছাচাৰিতাই গণতন্ত্ৰৰ পৰিপন্থী।

বহুতেই ভাবিব পাৰে যে এই সময়ত এই ব্যৱস্থাবোৰৰ বাদে আমাৰ কোনো ৰাস্তা নাই, কিন্তু জৰুৰীকালীন সময়ৰ এই ব্যৱস্থাবোৰ যদি সাময়িক নহয়, তেনেহলে কি হ’ব। নৱা হাৰাবীয়ে ক’বৰ দৰে-“Temporary measures have a nasty habit of out lasting emergencies, especially as there is always a new emergency a curking on the horizon.”। সেয়েহে আমাৰ শংকা উপজিছে যে এয়া কৰ’নাতন্ত্ৰৰ সূচনা নেকি!

শান্তনু বৰঠাকুৰ গুৱহাটী উচ্চ ন্যায়েলয়ৰ অধিবক্তা, চিন্তাশীল লেখক, বিশিষ্ট সমাজকৰ্মী

প্ৰকাশিত মন্তব্য লেখকৰ নিজা

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.