সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

তিনিচুকীয়াৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ তেলৰ খাদত ফাঁটত মেলাৰ ফলত তেল নিগৰিত হৈ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে। বুধবাৰে ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ এটি দল ৰাওনা হৈছে অসমলৈ। প্ৰকাশিত বাতৰি অনুসৰি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ ঘটনা সন্দৰ্ভত সহায় বিচাৰিছিল মংগলাবাৰে। তাৰপিছতেই এতিয়া কেন্দ্ৰৰ পৰা বিশেষজ্ঞৰ দলটি প্ৰেৰণ কৰিছে তিনিটুকীয়াৰ বাঘজানলৈ।

উল্লেখ্য যে ২৭ মেৰ দিনা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কাষতে থকা বাঘজানত এই বিস্ফোৰণ সংঘটিত হৈছিল। বিভাগীয় কৰ্তৃপক্ষই বহু চেষ্টা কৰাৰ পিছতো ৬দিনলৈকে তেল নিগৰিত হৈয়ে আছে। অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু প্ৰবন্ধ নিবন্ধক সুশীল চন্দ্ৰ মিশ্ৰই কয় যে কোম্পানীটোৱে বিশ্বৰ বিশেষজ্ঞৰ সৈতে কথা বতৰা পাতিছে। মুখ্যমন্ত্ৰী সোণোৱালে টেলিফোনিক কথা বতৰাৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ততকালীন পদক্ষেপ ল’ব বুলি আশ্বাস প্ৰদান কৰে।

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.