ভাৰত-চীন যুদ্ধ নিশ্চিত নেকি?

Share This Article

ইতিমধ্যে ভাৰতীয় সেনাই চীনা সৈন্যৰ লগত শান্তি আলোচনাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছিল।বিগত সপ্তাহত দুয়োপক্ষৰ মেজৰ জেনেৰেল পয্যায়ত এখন শান্তি বৈঠকৰ পৰিকল্পনাঃ গ্ৰহণ কৰা হৈছিল।কিন্তু বিফল হৈছিল এই প্ৰচেষ্টা।অৱশ্যে যুদ্ধ নিশ্চিতি সম্পৰ্কেও কোনো এখন দেশে প্ৰকাশ কৰা নাছিল আনুষ্ঠানিক মতামত।এই দোধোৰ মোধোৰ পৰিস্থিতিৰ মাজতে ভাৰত চীন সীমান্তৰ কিছু শেহতীয়াকৈ ছবিয়ে উত্থাপন কৰিছে আন এক প্ৰশ্ন,ভাৰত চীন যুদ্ধ নিশ্চিত নেকি?
চীন সীমান্তত আৰম্ভ হৈছে ভাৰতৰ যুদ্ধ শক্তি বৰ্ধনৰ প্ৰক্ৰিয়া।ভাৰত চীন সীমান্তৰ দাৰবুক গাঁওৰ মাজেৰে চলিছে ভাৰতীয় সেনাৰ বিশাল কনভয়।সেই কথা প্ৰকাশ কৰিছে দাৰবুক গাঁওৰ স্থানীয় বাসিন্দাই।প্ৰকাশিত বাতৰি অনুসৰি নিতৌ ৰাতি ভাৰতীয় সেনাৰ আশী -নব্বৈখন সেনা ট্ৰাক পাৰ হৈছে দাৰবুক গাঁওৰ মাজেৰে।বিশাল সংখ্যক সেনা জোৱান, যুদ্ধ সামগ্ৰী আৰু অন্যান্য ৰচদ পাতি কঢ়িয়াই নিয়া হৈছে সীমান্তলৈ।এনেদৰেই এতিয়া কাশ্মীৰৰ পৰা লাডাখলৈ কঢ়িয়াই নিয়া হৈছে জোৱান সকলক।সংবাদ মাধ্যম সমূহত প্ৰকাশিত বাতৰি অনুসৰি বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সেনা জোৱান সকলক লাডাখলৈ স্থানান্তৰিত কৰা হৈছে বুলি সেনাৰ এজন উচ্চ পদস্থ বিষয়াইও প্ৰকাশ কৰিছে।আনহাতে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীৰ ওপৰত চাপ সৃষ্টি কৰিবলৈও ভাৰতীয় সেনাই এনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে।ইফালে ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল এছ এল নৰসীমাই ব্যক্ত কৰে যে,শীতকালত গালোৱান উপত্যকাৰ বাট পথ সমূহ দুৰ্গম হৈ পৰে বাবেই আগতীয়াকৈ পয্যাপ্ত ৰচদ পাতি লাডাখলৈ প্ৰেৰণ কৰা হৈছে।
ভাৰতৰ এই প্ৰচেষ্টাৰ মাজতে,চীনা সৈন্যও ইতিমধ্যে যুদ্ধৰ বাবে সীমান্তত প্ৰস্তুতি আৰম্ভ কৰিছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে।সেই অনুসৰি চীনা সৈন্যই টাইপ১৫ ট্ৰেংক,জিজে ২ দ্ৰ’ন আৰু জেদ ২০ হেলিকপ্টাৰ সীমান্তত সাজু কৰিছে বুলি জানিব পৰা গৈছে।যুদ্ধৰ কোনো আনুষ্ঠানিক বাৰ্তা এতিয়ালৈকে প্ৰকাশ নহলেও,সীমান্তৰ এই প্ৰস্তুতিৰে ভাৰত চীনৰ যুদ্ধ অনিবাৰ্য বুলি বহুতকে ভাবিবলৈ বাধ্য কৰিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.