সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিয় বাৰে বাৰে ফুটে জাইকাৰ পাইপ?

জাইকাৰ প্ৰকল্পৰ ডি পি কৰোতেই সাম্ভাৱ্য কেলেংকাৰীৰ উমান পোৱা গৈছিল।জাইকাৰ প্ৰকল্পৰ নামত কোনে খাইছিল কৌটি কৌটি টকা?কিয় চি বি আই তদন্তত ধৰা নপৰে কেলেংকাৰীৰ খলনায়ক? কাৰ ভয়ত থমকিছে লুই বাৰ্জাৰ কেলেংকাৰীৰ চি বি আই তদন্ত?
খাৰঘুলিৰ পাছত এইবাৰ চানমাৰি । পুনৰ জাইকা প্ৰকল্পত জলবিস্ফোৰণ । সোমবাৰে বিয়লি পুনৰ এক জলবিস্ফোৰণৰ ঘটনা সংঘটিত হ’ল চানমাৰি অঞ্চলত । পানীৰ পাইপ ফাটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’ল গুৱাহাটীৰ ৰাজগড় আৰু চানমাৰি অঞ্চলত । এই জলবিস্ফোৰণৰ ঘটনাৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে গুৱাহাটীৰ পানী যোগান কেলেংকাৰীৰ প্ৰসংগ । কাৰণ জাইকাৰ প্ৰকল্পৰ ডি পি আৰ প্ৰস্তুতৰ সময়তেই সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰী । ডি পি আৰৰ ঠিকা পাবলৈ আমেৰিকাৰ লুই বাৰ্জাৰ কোম্পানীয়ে ধন দিছিল অসমৰ চৰকাৰী ব্যক্তিক ।যি কেংলেংকাৰী প্ৰমাণ হৈছে খোদ আমেৰিকাৰ আদালতত । কিন্তু চি বি আয়ে আজি পাঁচ বছৰেও বিচাৰি উলিয়াব নোৱাৰিলে গুৱাহাটীৰ পানী যোগান কেলেংকাৰীৰ খলনায়কক ।কিন্তু কোনে খাইছিল গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ ধন ? চি বি আয়ে কিয় কাষ চাপিব নোৱাৰে দুৰ্নীতিৰ খলনায়কৰ?অসম চৰকাৰৰ প্ৰতিবেদনত কি আছে , কি আছে লুই বাৰ্জাৰ কেলেংকাৰী এজাহাৰত , এই আটাইবোৰ বিষয়েই পুনৰ প্ৰাসংগিক হৈ পৰিছে ।

দ্য ক্ৰছকাৰেন্টৰ হাতত আছে লুই বাৰ্জাৰ কেলেংকাৰী সন্দৰ্ভত চি বি আয়ে দাখিল কৰা এজাহাৰৰ প্ৰতিলিপি ।এই প্ৰতিলিপি অনুসৰি , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চি বি আয়ে ২০১৭ চনৰ ২৭ ছেপ্তেম্বৰত ৰুজু কৰিছিল লুই বাৰ্জাৰ কেলেংকাৰী সন্দৰ্ভত গোচৰ ।ভাৰতীয় দণ্ডবিধিৰ ১২০ বি , ৪০৬ আৰু ৪২০ ধাৰাৰ লগতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত ৰুজু কৰা হৈছিল গোচৰ ।এই গোচৰৰ এজাহাৰত চি বি আয়ে উল্লেখ কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৭ চনৰ ১ ছেপ্তেম্বৰত স্বৰাজ অধিকাৰ সংগ্ৰামৰ আহ্বায়ক ভবেন সন্দিকৈৰ পি আই এল অনুসৰি , চি আই ডিৰ ৪১/২০১৫ নং গোচৰটো চি বি আইলৈ হস্তান্তৰ কৰে ।ভবেন সন্দিকৈ আৰু অন্যসকলে দিছপুৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰ আৰু অসম চৰকাৰৰ গৃহ আু ৰাজনৈতিক বিভাগে চি আই ডিত ৰুজু কৰা দুটা গোচৰত একলগ কৰি চি আই ডিত ৰুজু কৰা হৈছিল ৪১/২০১৫ নং গোচৰটো। চি বি আইৰ আৰক্ষী অধীক্ষক ৰাজীৱ ৰঞ্জনে দাখিল কৰা এজাহাৰৰ লগত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ লগতে ভবেন সন্দিকৈ আৰু অন্যসকলৰ এজাহাৰো সংযোগ কৰি দিয়া হয়।চি বি আইৰ এজাহাৰৰ লগত সংযোজন কৰা আন এক গুৰুত্বপূৰ্ণ নথি আছিল অসম চৰকাৰৰ তদন্ত প্ৰতিবেদন ।লুই বাৰ্জাৰ কেলেংকাৰী সন্দৰ্ভত গৃহ আৰু ৰাজনৈতিক বিভাগে ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবক এক তদন্তৰ নিৰ্দেশ দিছিল।অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসে ২০১৫ চনৰ ১০ আগষ্টত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল ।কি আছিল সুভাষ দাসৰ প্ৰতিবেদনত ? অনুসন্ধানৰ প্ৰতিবেদন অনুসৰি গুৱাহাটী পানী যোগান প্ৰকল্পৰ বাবে ভাৰত চৰকাৰ আৰু জাপান ইণ্টাৰনেশ্যনেল কৰ্পোৰেশ্যনৰ মাজত এখন ঋণৰ চুক্তি হৈছিল।ইফালে , এই প্ৰকল্পৰ বাবে প্ৰজেক্ট মেনেজমেণ্ট কনছালটেণ্ট নিয়োগৰ বাবে ২০০৮ চনৰ ২০ ডিচেম্বৰত আন্তৰ্জাতিকভাৱে এক্সপ্ৰেছন অৱ ইণ্টাৰেষ্ট আহ্বান কৰা হৈছিল ।জাইকাৰ নিয়ম অনুসৰি প্ৰস্তুত কৰা এই ই অ’ আইত অনুমোদন জনাইছিল , সেই সময়ৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীয়ে ।২০০৯ চনৰ ৩১ জানুৱাৰী পৰ্যন্ত ই অ’ আইত ভাগ লৈছিল ১৫ টাকৈ প্ৰতিষ্ঠানে । গুৱাহাটী পানীযোগান প্ৰকল্পৰ মেনেজমেণ্টৰ ঠিকা প্ৰদানৰ বাবে পাঁচটা প্ৰতিষ্ঠানক শ্বৰ্ট লিষ্টেড কৰা হয় ।এই পাঁচটা প্ৰতিষ্ঠান আছিল –জাপানৰ নিহন কনছাল্টিং , এছ এম ই চি ইণ্টাৰনেশ্যনেল , জাৰ্মানীৰ লাহমেয়েৰ ইণ্টাৰবেশ্যনেল , টি চি ই কনছাল্টিঙ আৰু প্ৰাইচ ৱাটাৰ হাউচ ।এই প্ৰতিষ্ঠানকেইটাক ৰিকুয়েষ্ট ফৰ প্ৰপ’জেল দাখিল কৰিবলৈ কোৱা হয় ।ইয়াৰে তিনিটা প্ৰতিষ্ঠানে ৰিকুয়েষ্ট ফৰ প্ৰপ’জেল দাখিল কৰে ।ইয়াৰ ভিতৰত জাপানৰ নিহন ষ্টুডিও কনছালটেণ্ট আছিল আমেৰিকাৰ লুই বাৰ্জাৰ আৰু ভাৰতৰ শ্বাহ টেকনিকেল কনছালটেন্টৰ এক যুটীয়া অভিযান ।২০০৯ চনৰ ২১ ডিচেম্বৰত তেতিয়াৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগত পৰামৰ্শৰ পাছত গুৱাহাটী উন্নয়ন বিভাগে নিহন কনছালটেণ্টক ৭৮ কৌটি টকাৰ প্ৰজেক্ট মেনেজমেণ্টৰ ঠিকা প্ৰদানৰ সিদ্ধান্ত লয় ।২০১০ চনৰ৫ ফেব্ৰুৱাৰীত জি এম ডি এ , অসম চৰকাৰ আৰু লুই বাৰ্জাৰ – শ্বাহ টেকনিকেলৰ যুটীয়া অভিযান নিহন ষ্টুডিওৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়।এয়া আছিল লুই বাৰ্জাৰৰ ঠিকা লাভৰ প্ৰক্ৰিয়া।ইয়াৰ পাছত ২০১৫ চনৰ জুলাই মাহত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কাকতত প্ৰকাশিত এটা বাতৰিয়ে তোলপাৰ লগায়।কাৰণ লুই বাৰ্জাৰে ঘোচ দি ভাৰত , ইণ্ডোনেছিয়া , ভিয়েটনাম আৰু কুৱেইটত ঠিকা লোৱাৰ অভিযোগ প্ৰমাণিত হয় আমেৰিকাৰ আদালতত ৷ ইয়াৰ বাবে লুই বাৰ্জাৰৰ দুই বিষয়া দোষী সাব্যস্তও হয় ।লুই বাৰ্জাৰৰ বিষয়াৰ ই মেইলৰ পৰা ওলাই পৰে যে গোৱা আৰু গুৱাহাটীত ঠিকা লাভৰ বাবে লুই বাৰ্জাৰে দিছিল ৯,৭৬,৬৩০ ডলাৰৰ ঘোচ ।এই বিষয়টোৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা সুভাষ দাসৰ এজনীয়া তদন্ত কমিটীয়ে আমেৰিকাস্থিত ভাৰত চৰকাৰৰ যুটীয়া সচিব বিনয় কুমাৰ খাণ্ডৱা , ভাৰত চৰকাৰৰ জাইকা সম্পৰ্কীয় প্ৰকল্পৰ যুটীয়া সচিব এছ ছেলভা কুমাৰ , জাইকাৰ বিষয়া সুৰজিৎ ভট্টাচাৰ্য আদিৰ লগতো যোগাযোগ কৰে । বিদেশ মন্ত্ৰালয়ে অসম চৰকাৰক বিত্ত মন্ত্ৰালয়ৰ লগত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে ।লগতে আমেৰিকাৰ ন্যায় বিভাগৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰাৰ সলনি ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সহযোগতহে তথ্য সংগ্ৰহৰ নিৰ্দেশ দিয়ে ।নিজৰ প্ৰতিবেদনত সুভাষ চন্দ্ৰ দাসে এইবুলিও উল্লেখ কৰে যে চি বি আই আৰু আমেৰিকাৰ এফ বি আইৰ মাজত অপৰাধ সম্পৰ্কীয় তথ্য সংগ্ৰহৰ এক চুক্তি আছে ।গতিকে চি বি আয়েও নিজাববীয়াকৈ তথ্য সংগ্ৰহ কৰিব পাৰে । সুভাষ দাসৰ কমিটীয়ে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে নিজাববীয়াকৈ গোচৰটোৰ অনুসন্ধান কৰাৰ পোষকতা কৰে।২০১৫ চনৰ ১০ আগষ্টত সুভাষ দাসৰ কমিটীয়ে প্ৰতিবেদন দাখিল কৰে।কিন্তু তাৰ পাছতো আগনাবাঢ়িল লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত ।এই সময়ছোৱাত বিজেপিয়ে সংসদীয় দলৰ কাৰ্যালয়ে লুই বাৰ্জাৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগো উত্থাপণ কৰে ।কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজেই যোগদান কৰেগৈ বিজেপিত ।২০১৭ চনৰ ১ ছেপ্তেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে লুই বাৰ্জাৰ কেলেংকাৰীৰ চি বি আই তদন্তৰ নিৰ্দেশ দিয়ে ।তাৰ পাছত ২০১৭ চনৰ ২৭ ছেপ্তেম্বৰত চি বি আয়ে গোচৰো ৰুজু কৰে ৷ কিন্তু সেই গোচৰৰ তদন্ত আৰু আগনাবাঢ়িল ।সোমবাৰৰ বিস্ফোৰণৰ পাছতেই পুনৰ প্ৰাসংগিক হৈ পৰিছে লুই বাৰ্জাৰ কেলেংকাৰী ।প্ৰশ্ন হৈছে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিক লৈ হেতালি খেলা এই বিয়াগোম কেলেংকাৰিৰ তদন্ত হ’বনে ? ধৰা পৰিবনে পানী যোগান প্ৰকল্ৰ নামত দুৰ্নীতিৰ পোহাৰ মেলা বৰমূৰীয়া সকল ।নে আন এক বিস্ফোৰণলৈ বাট চাব চৰকাৰ – তদন্তকাৰী সংস্থাই ।

- Donation -

Leave A Reply

Your email address will not be published.