মোদী চৰকাৰৰ নিয়ন্ত্ৰণত টুইটাৰ : টুইটাৰৰ প্ৰতিষ্ঠাপকৰ বিস্ফোৰণ

Share This Article

গণতান্ত্ৰিক দেশৰ এখন অগণতান্ত্ৰিক চৰকাৰ । জনগণৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ টুইটাৰক সকীয়ণি মোদী চৰকাৰৰ ।সংবাদ মাধ্যমৰ পাছত সামাজিক মাধ্যমতো চেঞ্চৰশ্বিপ চলাইছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ।চৰকাৰ বিৰোধী টুইট ডিলিট নকৰিলে ভাৰতত টুইটাৰ নিষিদ্ধ কৰি দিয়াৰ সকীয়ণি দিছিল মোদী চৰকাৰে ।এই বিস্ফোৰক মন্তব্য টুইটাৰৰ সহ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন চি ই অ’ জেক ড’ৰছেৰ ।ইউ টিউব চেনাল ব্ৰেকিঙ পইণ্টক দিয়া এক সাক্ষাৎকাৰত জেক ড’ৰছে স্পষ্ট ভাষাৰে কয় যে তেওঁ টুইটাৰৰ চি ই অ’ হৈ থকা সময়ত ভাৰত চৰকাৰৰ পৰা কেবাটাও টুইটাৰ একাউণ্ট বন্ধ কৰাৰ লগতে টুইট ডিলিট কৰাৰ অনুৰোধ লাভ কৰিছিল । বিশেষকৈ ভাৰতত কৃষক আন্দোলন চলি থকা সময়ত চৰকাৰৰ প্ৰতি সমালোচনাত্মক বহু সাংবাদিকৰ টুইটাৰ একাউন্ট বন্ধ কৰাৰ অনুৰোধ লাভ কৰিছিল । যদি টুইটাৰ কৰ্তৃপক্ষই সেয়া নকৰে তেনেহ’লে ভাৰতত টুইটাৰ বন্ধ কৰি দিয়াৰ ভাবুকিও দিছিল ।আনকি টুইটাৰৰ কৰ্মচাৰী ঘৰত তালাচী চলোৱাৰ সকীয়ণিও দিছিল মোদী চৰকাৰে । টুইটাৰৰ প্ৰাক্তন চি ই অ’ৰ মন্তব্য – কৃষক আন্দোলন চলি থকা সময়ত ভাৰত চৰকাৰে খালিস্তানী সংযোগ থকাৰ অভিযোগ তুলি ১২০০ টুইটাৰ একাউন্ট বন্ধ কৰি দিবৰ বাবে অনুৰোধ জনাইছিল ।তাৰ পূৰ্বেও ২৫০ টা টুইটাৰ একাউন্ট বন্ধ কৰাৰ বাবে অনুৰোধ জনাইছিল ।প্ৰথমতে টুইটাৰে তেনে কেতবোৰ একাউন্ট বন্ধ কৰি দিছিল যদিও তাৰ পাছতেই পুনৰ মুকলি কৰি দিছিল । যাৰ বাবে টুইটাৰৰ ওপৰত ক্ষুন্ন হৈ পৰিছিল তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়।কেৱল সেয়াই নহয় , ২০২১ চনৰ মে’ মাহত টুইটাৰে শাসকীয় দলৰ কেবাজনো নেতাৰ টুইটক বিকৃত বুলি চিহ্নিত কৰিছিল।তাৰ পাছতেই অমিত শ্বাহৰ নেতৃত্বাধীন দিল্লী আৰক্ষী উপস্থিত হৈছিল টুইটাৰৰ দিল্লী আৰু গুড়গাঁৱৰ কাৰ্যালয়ত।এনেদৰেই এতিয়া সামাজিক মাধ্যমকো দমন কৰাৰ কৌশল হাতত লৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ।যি কথা মুকলিকৈ প্ৰকাশ কৰিছে টুইটাৰৰ প্ৰাক্তন চি ই অ’ জেক ড’ৰছে।জেক ড’ৰছেৰ এই মন্তব্যই এতিয়া দেশে বিদেশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ অগণতান্ত্ৰিক চৰিত্ৰ সৰ্বত্ৰ সমালোচিত হৈছে ।কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে জেক ড’ৰছেৰ মন্তব্যক মিথ্যাচাৰ বুলি অভিহিত কৰিছে যদিও টুইটাৰৰ প্ৰাক্তন চি ই অ’ গৰাকীৰ মন্তব্যই চৰম অস্বস্তিত পেলাইছে মোদী চৰকাৰক ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.