দুখীয়া আৰু নিম্ন আয়ৰ লোকৰ বাবে গুৱাহাটীত নিৰ্মিত ফ্লেট লাভ কৰিছিল ৰাজনৈতিক নেতা – পালিনেতাই ৷ কেৱল সেয়াই নহয় , হাউছিঙ বৰ্ডৰ ফ্লেট চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু উদ্যোগ বিভাগৰ সহকাৰী প্ৰবন্ধকক হাউছিঙৰ ফ্লেট দিবলৈ চুপাৰিশ কৰিছিল এতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ অসম চৰকাৰৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ বহু প্ৰভাৱশালী লোকে নিজৰ উপাৰ্জন কমকৈ দেখুৱাইও দখল কৰিছিল দুখীয়াৰ আৰু নিম্ন আয়ৰ বাবে নিৰ্মিত ফ্লেট ৷
প্ৰতিবেদনৰ আৰম্ভণিতে আকৌ এবাৰ জনাই ল’ব বিচাৰিছো গুৱাহাটীৰ বৰসজাই আৰু ঘোৰামাৰাত দুখীয়া আৰু নিম্ন আয়ৰ লোকৰ বাবে নিৰ্মিত ৮২০ টা ফ্লেটৰ সবিশেষ তথ্য ৷
ভাৰত চৰকাৰৰ পূৰ্বৰ মিনিষ্ট্ৰী অৱ হাউছিঙ আৰবান প্ৰভাৰ্টী এলিভেশ্যনে গুৱাহাটীৰ বৰসজাই আৰু ঘোৰামাৰাত নিৰ্মান কৰিছিল মুঠ ৮২০ টা ফ্লেট ৷ মুঠ ৫১ কৌটি ১৫ লাখ টকা ব্যয়েৰে এই ৮২০ টা ফ্লেট নিৰ্মান কৰিছিল নেচনেল বিল্ডিঙ কনষ্ট্ৰাকশ্যন কৰ্পোৰেশ্যনে ৷ দ্য ক্ৰছকাৰেন্টে লাভ কৰা তথ্য অনুসৰি – ভাৰত চৰকাৰৰ এই হাউছিঙ প্ৰকল্প তিনিটা পৰ্যায়ত অসমত ৰূপায়ন হৈছিল ৷ ২০০১ ৰ পৰা ২০০২ চনৰ ভিতৰত অনুমোদিত হৈছিল এই তিনিটা প্ৰকল্প ৷ তিনিটা প্ৰকল্পৰ ভিতৰত আছিল চাৰিমহলীয়া বৰসজাই হাউছিঙ প্ৰকল্প ,চাৰিমহলীয়া ঘোৰামৰা হাউছিঙ প্ৰকল্প আৰু তিনিমহলীয়া হাউছিঙ প্ৰকল্প ৷
তিনিমহলীয়া বৰসজাই প্ৰকল্পত আছিল আৰ্থিকভাৱে দুৰ্বল শ্ৰেনীৰ বাবে ১৮০ টা ফ্লেট
চাৰিমহলীয়া বৰসজাই প্ৰকল্পত আছিল নিম্ন আয়ৰ লোকৰ বাবে ৩২০ টা ফ্লেট
আৰু
চাৰিমহলীয়া বৰসজাই প্ৰকল্পত আছিল নিম্ন আয়ৰ লোকৰ বাবে ৩২০ টা ফ্লেট
ফ্লেটসমূহ লাভ কৰিবৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল কেতবোৰ বিশেষ চৰ্ত ৷ এই চৰ্ত অনুসৰি –
আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মাহিলি উপাৰ্জন হ’ব লাগিব ৫ হাজাৰ টকাতকৈ কম
নিম্ন আয়ৰ লোকৰ মাহিলি উপাৰ্জন হ’ব লাগিব ৫০০১ টকাৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত
- Donation -
আৰ্থিকভাৱে দুৰ্বল বা EWS ৰ বাবে সংৰক্ষিত আছিল ১৮০ টা ফ্লেট
নিম্ন আয়ৰ অৰ্থাৎ LIG ৰ বাবে সংৰক্ষিত আছিল মুঠ ৬৪০ টা ফ্লেট
এই ফ্লেট সমূহৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছত আবন্টনৰ বাবে হস্তান্তৰ কৰা হৈছিল অসম ৰাজ্যিক গৃহ নিৰ্মান পৰিষদক ৷ ২০০৬ চনৰ পৰা এই ফ্লেটসমূহ আবন্টন দিয়া হয় ৷ কিন্তু এই ফ্লেট আবন্টনত চলিছিল ভয়ংকৰ ৰাজনৈতিক হস্তক্ষেপ আৰু স্বজন তোষণ ৷
আপোনাৰ আমাৰ সকলোৰে চিনাকি দেৱজিৎ সাহা ৷ আবেদনৰ তাৰিখ ২০০৭ চন ৷ তাৰ পূৰ্বে তেও সাৰে গামা পা ভইচ অৱ ইণ্ডিয়াৰ খিতাপ জয় কৰিছিল ৷ দেশজুৰি খ্যাতি অৰ্জন কৰাৰ পাছত তেও হাউছিঙৰ বাবে ফ্লেট বিচাৰি অসম ৰাজ্যিক গৃহ নিৰ্মান পৰিষদত আবেদন জনায় ৷ আবেদন পত্ৰত উল্লেখ কৰা অনুসৰি দেৱজিৎ সাহাৰ সেই সময়ত মাহিলী উপাৰ্জন আছিল ১০ হাজাৰ টকা ৷ দেৱজিৎ সাহাক হাউছিঙৰ ফ্লেট দিবৰ বাবে চুপাৰিশ কৰিছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ৷ এয়াই আছিল প্ৰভাৱশালী লোকৰ হাউছিঙৰ ফ্লেট দখলৰ পোনপটীয়া প্ৰক্ৰিয়া ৷
দেবজিৎ সাহাৰ পাছত হাউছিঙৰ ফ্লেট লাভ কৰা আন এজন কণ্ঠশিল্পীৰ পৰিচয় আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছো ৷ তেওক চিনি নোপোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে ৷ আবেদন পত্ৰখনলৈ মন কৰক ৷ হাউছিঙৰ ফ্লেট বিচাৰি আবেদন কৰা ব্যক্তিগৰাকীৰ নাম জুবিন মোহিনী গাৰ্গ ৷ ঠিকনা দিছপুৰ ৷ সেই সময়ত গুৱাহাটীত কোনো ঘৰ নাছিল বুলি আবেদন পত্ৰত উল্লেখ কৰিছিল জুবিন গাৰ্গে ৷ আবেদন পত্ৰত উল্লেখ থকা অনুসৰি জুবিন গাৰ্গৰ তেতিয়া মাহিলী উপাৰ্জন আছিল ৭ হাজাৰ ৪ টকা ৷ জুবিন গাৰ্গে ফ্লেট বিচাৰি আবেদন জনাইছিল ২০০৫ চনৰ ১৪ ছেপ্তেম্বৰত ৷ তেতিয়া তেওৰ মাহিলী উপাৰ্জন মাত্ৰ ৭০০৪ টকা বুলি উল্লেখ কৰিছে ৷ আবেদন পত্ৰৰ লগত উল্লেখ কৰা এয়া জুবিন গাৰ্গৰ পান কাৰ্ড ৷ পান নম্বৰ ADBPG6533A ৷ এই আবেদন মৰ্মেই জুবিন গাৰ্গে লাভ কৰে নিম্ন আয়ৰ লোকৰ বাবে নিৰ্মিত এটা এল আই জি ফ্লেট ৷ এয়া ফ্লেটৰ বাবে জুবিন গাৰ্গে ১৪ হাজাৰ টকা অসম ৰাজ্যিক গৃহ নিৰ্মান পৰিষদক আদায় দিয়াৰ ৰছিদ ৷ আমাৰ প্ৰতিবেদনৰ দ্বিতীয়টো খণ্ডত আমি দেখুৱালো অসম ৰাজ্যিক গৃহ নিৰ্মান পৰিষদৰ ফ্লেটৰ বাবে আবেদন কৰা আৰু ফ্লেট লাভ কৰা দুজন নিম্ন আয়ৰ লোকৰ পৰিচয় ৷ এনেদৰেই বৰসজাই আৰু ঘোৰামাৰাত দুখীয়াৰ বাবে নিৰ্মিত ফ্লেট সোমাই পৰিছিল আমাৰ পৰিচিত বহু প্ৰভাৱশালী লোকৰ কব্জাত ৷ ৰাজনীতিক- আমোলাৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় শিল্পীলৈ – সকলোৱে কিদৰে দুখীয়া আৰু নিম্ন আয়ৰ লোকৰ বাবে নিৰ্মিত ফ্লেটৰ ওপৰত জপিয়াই পৰিছিল , সেয়া এই তথ্যৰ পৰাই স্পষ্ট হৈ পৰে ৷ বহুতে অবৈধ ভাৱে লাভ কৰা ফ্লেট ওভতাই দিছে যদিও এতিয়াও তেনে বহু ধনী লোকৰ দখলতে আছে হাউছিঙৰ ফ্লেট ৷ সঠিক তদন্তই নিশ্চয় অসমৰ ইতিহাসৰ এই বৃহৎ হাউছিঙ স্কেম উন্মোচিত কৰিব ৷ ৰাজনীতিক , আমোলা আৰু প্ৰভাৱশালী লোকৰ দখলৰ পৰা দুখীয়াৰ বাবে নিৰ্মিত ফ্লেট উদ্ধাৰ কৰাৰ সাহস দেখুৱাব পাৰিবনে চৰকাৰে ? নে এই বৃহৎ হাউছিঙ স্কেম কেৱল মুখচুপতিৰ বিষয় হৈ থাকিব ? তাৰ ওপৰত অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব ৷