সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত যোগী নে অখিলেশ আগত ?

দেওবাৰে সম্পন্ন হৈ গ’ল উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ এইদৰে এতিয়ালৈকে মুঠ ১৭২ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় ৷ বিগত ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত এই ১৭২ টা সমষ্টিৰ ১৪০ টাতে বিজেপিয়ে বিজয় সাব্যস্ত কৰিছিল ৷ বিৰোধীৰ হাতত আছিল মাত্ৰ ৩২ টা সমষ্টি ৷ কিন্তু এইবাৰৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত কোনো একপক্ষীয় ঢৌ নাই ৷ এনে পৰিস্থিতিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণিত কোন আগত আছে , মুখ্যমন্ত্ৰীত্বৰ দৌৰত কোন আগবাঢ়ি আছে ,
উত্তৰ প্ৰদেশত মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইয়াৰে তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ ইতিমধ্যে সামৰণি পৰিছে ৷ দেওবাৰে ৫৯ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় ৷ ইয়াকে লৈ মুঠ ১৭২ টা সমষ্টিৰ ভোটগ্ৰহণ এতিয়ালৈকে হৈ গৈছে ৷ কিন্তু নিৰ্বাচনী ছবিখন এতিয়াও পৰিষ্কাৰ হৈ পৰা নাই ৷ ভোটগ্ৰহণৰ হাৰ আৰু বিশেষজ্ঞৰ অভিমতে দুটা পৃথক আলোচনাৰ বাট মুকলি কৰিছে ৷ গতিকে এইবাৰ অখিলেশ যাদৱ আৰু যোগী আদিত্যনাথৰ মাজত কাৰ ভাগ্য মুকলি হয় , সেয়া এতিয়াও অনিশ্চয়তাৰ মাজতে আছে ৷
সামগ্ৰিকভাৱে যদি ভোটদানৰ হাৰলৈ লক্ষ্য কৰা যায় , তেনেহ’লে দেখিবলৈ পোৱা যায় যে বিগত নিৰ্বাচনতকৈ এইবাৰ ভোটদানৰ হাৰ হ্ৰাস পাইছে ৷ দেওবাৰে ৫৯ টা সমষ্টিত ভোটদানৰ হাৰ আছিল ৬১ শতাংশ ৷ কিন্তু ২০১৭ চনত এই সমষ্টিকেইটাত ভোটদানৰ হাৰ আছিল ৬২.২১ শতাংশ ৷ অৰ্থাৎ যোৱাবাৰতকৈ এইবাৰ হ্ৰাস পালে ভোটদানৰ হাৰ ৷ তাৰ পূৰ্বৰ ২০১২ চনত একেকেইটা সমষ্টিত ভোটদানৰ হাৰ আছিল ৫৯.৭৯ শতাংশ ৷ এই পৰিসংখ্যাৰ পৰা দেখা যায় যে ২০১৭ ৰ পাছত সমষ্টিকেইতাত ভোটদান হ্ৰাস পাইছে ৷ পৰিসংখ্যাৰ পৰা আন এটা কথাও দেখা যায় যে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহন অনুষ্ঠিত হোৱা ৫৯ টা সমষ্টিৰ ৪১ টাতে বিজয় সাব্যস্ত কৰিছিল বিজেপিয়ে ৷ ২০১২ চনত এই ৫৯ টা সমষ্টিৰ ৩৭ টাই দখল কৰিছিল সমাজবাদী পাৰ্টীয়ে ৷ ২০১৭ চনত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে সেই সময়ৰ বিৰোধী দল বিজেপি পোনপটীয়াকৈ লাভান্বিত হোৱা দেখা গ’ল ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হোৱা ৫৫ টা সমষ্টিত এইবাৰ ভোটদানৰ হাৰ আছিল ৬৪.৫৩ শতাংশ ৷ ২০১৭ চনত এই সমষ্টিকেইটাত ভোটদান হৈছিল ৬৫.৫৩ শতাংশ ৷ ২০১২ ত একেকেইটা সমষ্টিত ভোটদানৰ হাৰ আছিল ৬৫.১৭ শতাংশ ৷ তাৰ পাছৰ বছৰ ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে বিজেপি লাভান্বিত হ’ল ৷ এই ট্ৰেণ্ড লক্ষ্য কৰিলে ক’ব পাৰি যে ভোটদানৰ হাৰ হ্রাস পোৱাটো স্থিতাৱস্থা বাহাল থকাৰ লক্ষণ ৷ সমাজবাদী পাৰ্টীৰ পক্ষত বা চৰকাৰৰ বিপক্ষত প্ৰতিষ্ঠানবিৰোধী ভোট নাছিল যেনেই লাগে ৷ কিন্তু নিৰ্বাচন বিশেষজ্ঞসকলে এইক্ষেত্ৰত আগবঢ়াইছে ভিন্ন অভিমত ৷
ৰাজনৈতিক বিশ্লেষক অভয় কুমাৰ ডুবে বিবিচি হিন্দীৰ আগত সদৰী কৰা অনুসৰি এইবাৰ উত্তৰ প্ৰদেশত ডাবল ইঞ্জিনৰ চৰকাৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সন্মুখীন হৈছে ৷ কোনো দ্বিমত নাই যে প্ৰধানমন্ত্ৰী মোদীৰ ভাৱমূৰ্তি লাহে লাহে আদানী – আম্বানীৰ সমৰ্থকৰ দৰে হৈ পৰিছে ৷ তেওৰ আগৰদৰে দুখীয়া – পাছপৰা শ্ৰেণীৰ লোকৰ বাবে ভগৱানৰ ভাৱমূৰ্তি নাই ৷ লগতে গুজৰাট মডেলৰ আকৰ্ষণো এতিয়া নাই ৷মোদী সমৰ্থসকলে মাত্ৰ এটা কথাতে সন্তুষ্টি ব্যক্ত কৰিব পাৰে যে যোগীৰ শাসনকালত উত্তৰ প্ৰদেশৰ মুছলমানসকল শাসনৰ পৰা নিলগত অৱদমিত হৈ আছে ৷ আন আন বিশ্লেষকসকলৰ মতেও বিগত ছটা মাহত উত্তৰ প্ৰদেশৰ ৰাজনৈতিক দৃশ্যপট সম্পূৰ্ণৰূপে সলনি হৈ গৈছে ৷ পশ্চিম উত্তৰ প্ৰদেশত ৰাকেশ টিকেইটৰ নেতৃত্বত হোৱা কৃষক বিদ্ৰোহ আৰু পূৱ উত্তৰ প্ৰদেশত সুহলদেৱ ভাৰতীয় সমাজ পাৰ্টীয়ে বিজেপিৰ বিৰিদ্ধে গ্ৰহণ কৰা স্থিতিয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ৰাজনীতিক নতুন মাত্ৰা দিছে ৷ ইয়াৰ বাহিৰেও বহুজন সমাজ পাৰ্টীৰ কেবাগৰাকীও দলিত নেতাই এইবাৰ সমাজবাদী পাৰ্টীত যোগদান কৰিছে ৷ সাতে পাঁচে মিলি ২০১৭ ৰ তুলনাত এইবাৰ সমাজবাদী পাৰ্টীৰ জোটবন্ধন বহু পৰিমানে শক্তিশালী ৷ কিন্তু যাদৱ সম্প্ৰদায়ৰ বাহিৰে আন অ’ বি চি সম্প্ৰদায়ৰ ভোট সমাজবাদী পাৰ্টীয়ে কিমান পৰিমানে লাভ কৰে , তাৰ ওপৰত অখিলেশ যাদৱৰ ভাগ্য বহুগুণে নিৰ্ভৰ কৰিব ৷ লগতে দলিত সমাজৰ ভোট বিজেপিয়ে আকৰ্ষিত কৰিব পৰাৰ ওপৰতে যোগী আদিত্যনাথৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে ৷ কাৰণ জাট আৰু মুছলমান সমাজে এইবাৰ সমাজবাদী পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোকদলৰ পক্ষ গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈছে ৷ তৃতীয় পৰ্যায়ৰ পাছৰ পৰা যাদৱ বহিৰ্ভূত ভোট আৰু দলিত ভোটৰ ওপৰতে নিৰ্ভৰ কৰিব যে এইবাৰ উত্তৰ প্ৰদেশত শাসনলৈ কোন আহিব ৷

- Donation -

Leave A Reply

Your email address will not be published.