সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাৰ্টুনৰ ৰূপত উভতি আহিছে নেকি বিভৎসতাৰ ইতিহাস ?

মানুহৰ ইতিহাসৰ বিভৎতম খলনায়ক হিচাপে বিবেচনা কৰা হয় জাৰ্মান শাসক হিটলাৰক ৷ নাজী বাহিনীক ইতিহাসে সদায়ে মানৱতাৰ শত্ৰু বুলিয়ে গণ্য কৰি আহিছে ৷ সকলোৱে ক’ব বিচাৰে যে আধুনিক সমাজ ব্যৱস্থাত হিটলাৰ আৰু নাজী কাৰোৱে স্থান নাই ৷ কিন্তু ইতিহাসৰ পুণৰাবৃত্তি হয় ৷ প্ৰথমতে ট্ৰেজেডিৰ ৰূপত আৰু তাৰ পাছত কাৰ্টুনৰ ৰূপত ৷ আজি দ্য টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছে এটা বিশেষ বাতৰি ৷ এই বাতৰিৰ শিৰোনাম হ’ল ‘হিষ্ট’ৰী ৰিপিট ইতচেল্ফ , ফাৰ্ষ্ট এজ ট্ৰেজেডি , ছেক’ণ্ড এজ কাৰ্টুন ৷ ‘ এই বাতৰিটোত লিখা হৈছে দুটা বিশেষ কাৰ্টুনৰ কথা ৷ এটা নাজী বাহিনীৰ আৰু আনটো ভাৰতৰ শাসক দল বিজেপিৰ ৷ কিয় চৰ্চালৈ আহিছে এই কাৰ্টুন দুটা সেয়া আমি আলোচনা কৰিম ডাঙৰ খবৰ শিতানত ৷ তাৰ পূৰ্বে চাই লও আহক এই বাতৰি আৰু কাৰ্টুনৰ লগত সম্পৰ্ক থকা আৰু কালিৰে পৰা সামাজিক মাধ্যমত ব্যাপক চৰ্চিত হৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ সেই বিশেষ অংশটো –
২০০৮ চনৰ ২৬ জুলাইত আহমদাবাদত সংঘটিত হৈছিল এটা ভয়ানক বোমা বিস্ফোৰণৰ ঘটনা ৷ এই বোমা বিস্ফোৰণত নিহত হৈছিল ৫৬ জন লোক ৷ শেহতীয়াকৈ আদালতে এই বিস্ফোৰণৰ বাবে ৩৮ জন লোকক জগৰীয়া কৰি মৃত্যুদণ্ডৰ আদেশ দিয়ে ৷ এই বোমা বিস্ফোৰণৰ ঘটনা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী সভাত কৈছে যে সন্ত্ৰাসবাদীয়ে কি কাৰণত সমাজবাদী পাৰ্টীৰ প্ৰতীক চিহ্ন চাইকেলত বোমা সংস্থাপন কৰিলে , সেয়া আশ্চৰ্যজনক ৷ ২০০৮ চনৰ এটা বোমা বিস্ফোৰণৰ লগত সমাজবাদী পাৰ্টীৰ নিৰ্বাচনী প্ৰতীক চাইকেলক সামৰি দিয়া এই ভাষণ এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপ আলোচিত – সমালোচিত হৈছে ৷ তাৰ লগে লগে গুজৰাট বিজেপিৰ টুইটাৰ হেণ্ডেলত প্ৰচাৰ কৰা এটা কাৰ্টুনো এতিয়া সমালোচনা –

দ্য টেলিগ্ৰাফ কাকতত প্ৰকাশিত আজিৰ মুখ্য বাতৰিটোৰ প্ৰথমতে উল্লেখ কৰা হৈছে এটা বিশেষ কাৰ্টুনৰ কথা ৷ এই কাৰ্টুনটো প্ৰথমতে আমি আপোনালোকক দেখুৱাব বিচাৰিছো ৷ এই কাৰ্টুনটোৰ পটভূমি ১৯৩৫ চনৰ নাজী শাসনকালৰ ৷ এই কাৰ্টুনটোত দেখা গৈছে যে ইহুদী , কমিউনিষ্ট আৰু নাজী বাহিনীৰ আন শত্ৰুসকলক ফাঁচীকাঠত ওলোমাই দিয়া হৈছে ৷ ফাঁচী কাঠত জিলিকি আছে নাজী বাহিনীৰ প্ৰতীক চিহ্ন ৷ ইউনাইটেড ষ্টেটছ হোলোকাষ্ট মিউজিয়ামৰ হোলোকাষ্ট এনচাইক্ল’পেডিয়াত থকা এই কাৰ্টুনটো আকৌ এবাৰ ভাৰতত চৰ্চালৈ আহিছে ৷ ইয়াৰ কাৰণ হ’ল গুজৰাট বিজেপিয়ে টুইটাৰত প্ৰচাৰ কৰা আন এটা কাৰ্টুন ৷ এইবাৰ চাই লওক বিজেপিয়ে প্ৰচাৰ কৰা সেই বিশেষ কাৰ্টুনটো –৷ গুজৰাট বিজেপিৰ টুইটাৰ হেণ্ডেলত প্ৰচাৰ কৰা এই কাৰ্টুনটোত দেখা গৈছে যে এদল লোকক একেলগে ফাঁচীকাঠত ওলোমাই দিয়া হৈছে ৷ এই কাৰ্টুনটোৰ টেগলাইন দিয়া হৈছে সত্যমেৱ জয়তে ৷ ফাঁচীকাঠত ওলমি থকা লোককেইজনৰ বেশভূষাৰ পৰা সহজতে অনুমান কৰিব পাৰি যে এই লোককেইজন মুছলমান ৷ আহমদাবাদ বিস্ফোৰণৰ ৰায়দানৰ পাছতেই গুজৰাট বিজেপিয়ে এই কাৰ্টুনটো শ্বেয়াৰ কৰিছে ৷ কিন্তু টুইটাৰে লগে লগে বিজেপিৰ এই কাৰ্টুনটোৰ প্ৰচাৰত প্ৰতিবন্ধকতা আৰোপ কৰে ৷
গুজৰাট বিজেপিৰ এই কাৰ্টুনটোৱে মনত পেলাই দিয়ে হিটলাৰৰ নাজী বাহিনীৰ সেই বিশেষ কাৰ্টুনটোলৈ ৷ দুয়োটা কাৰ্টুনৰ মাজত দেখা গৈছে এক বিশেষ সামঞ্জস্য ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাজী শাসনক প্ৰতিফলিত কৰা এই কাৰ্টুনটো শ্বেয়াৰ কৰি বিজেপিয়ে নিশ্চয় এটা কথাই বুজাব বিচাৰিছে যে উন্নয়নেই তেওলোকৰ প্ৰচাৰৰ একমাত্ৰ বিষয় নহয় ৷ মেৰুকৰণ হৈ পৰিছে বিজয়ৰ একমাত্ৰ ভৰষা ৷ কৰ্মসংস্থাপনহীনতা , মূল্যবৃদ্ধি , গৰাকী বিহীন পশু আদি ইছ্যুসমূহৰ লগতে সমাজবাদী পাৰ্টীৰ ৰামধেনু সদৃশ মিত্ৰতাই এইবাৰ উত্তৰ প্ৰদেশত বিজেপিক কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে ৷ এনে পৰিস্থিতিত উন্নয়নৰ শ্ল’গান বাদ দি বিজেপিয়ে ধৰ্মীয় মেৰুকৰণকে একমাত্ৰ অস্ত্ৰ হিচাপে লৈছে ৷ যাৰ বাবে প্ৰচাৰ কৰা হৈছে ঘৃণা বিয়পাব পৰা নানান বাৰ্তা ৷ আনকি প্ৰধানমন্ত্ৰীয়ে সমাজবাদী পাৰ্টীৰ প্ৰতীক চিহ্নক লৈ কৰা স্থুল মন্তব্যই দলটোৰ ভয়কে প্ৰতিফলিত কৰিছে ৷

- Donation -

Leave A Reply

Your email address will not be published.