সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কন্যা ৰক্ষাৰ ধন ক’ত খৰচ কৰিলে মোদী চৰকাৰে?

বেটি বাচাও,বেটি পঢ়াও অভিযানৰ দ্বাৰা লাভাম্বিত নহল দেশৰ কন্যা সন্তান৷লাভাম্বিত হল,টিভি চেনেল,বাতৰি কাকত আৰু বিজ্ঞাপন সংস্থাসমূহ৷কাৰণ বেটি বাচাও,বেটি পঢ়াও আচনিৰ সর্বাধিক ধন ছোৱালীৰ উন্নয়নৰ পৰিবর্তে ব্যয় কৰা হল আচনিখনৰ প্ৰচাৰতহে৷এই কথা সংসদত স্বীকাৰ কৰিছে স্বয়ং ভাৰত চৰকাৰে৷
বেটি বাচাও বেটি পঢ়াও আচনিৰ বাবে ২০১৪ চনৰ পৰা ২০২১ চনলৈ ব্যয় কৰা হৈছে সর্বমুঠ ৬৮৩.০৫ কোটি টকা৷কিন্তু ইয়াৰে ৪০১.০৪ কোটি টকাই খৰচ কৰা হল আচনিখনৰ বিজ্ঞাপনৰ নামত৷অর্থাৎ মুঠ ব্যয়ৰ ৫৮ শতাংশ ধন খৰচ কৰা হল প্ৰচাৰৰ নামত৷এই তথ্য বুধবাৰে ৰাজ্যসভাত ডাঙি ধৰিছে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰানীয়ে৷

২০১৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল বেটি বাচাও,বেটি পঢ়াও আচনি৷এই আচনিৰ লক্ষ্য আছিল লৰা আৰু ছোৱালী সন্তানৰ মাজত বৈষম্য হ্ৰাস কৰা৷২০২১ চনৰ ডিচেম্বৰত কোকসভাত ভাৰত চৰকাৰে ডাঙি ধৰা এক তথ্য অনুসৰি, আচনিৰখনৰ মুঠ পুজিৰ ৮০ শতাংশই ব্যয় কৰা হৈছিল বিজ্ঞাপনৰ নামত৷সেই তথ্য অনুসৰি ২০১৬ চনৰ পৰা ২০১৯ চনলৈ আচনিখনৰ মুকলি কৰি দিয়া হৈছিল ৪৪৬.৭২ কোটি টকা৷কিন্তু আশ্চর্যজনকভাবে ইয়াৰে ৭৮.৯১ শতাংশ ধনেই ব্যয় কৰা হৈছিল প্ৰচাৰ কার্যসূচীত৷উল্লেখনীয় যে ২০১৪-১৫ বর্ষৰ পৰা ২০১৯-২০ বর্ষলৈ আচনিখনৰ বাবে আবন্টন দিয়া হৈছিল সর্বমুঠ ৮৪৮ কোটি টকা৷এই সময়ছোৱাত ৬২২ কোটি টকা ৰাজ্যসমূহৰ বাবে মুকলি কৰি দিয়া হল যদিও,বাস্তবত ৰাজ্যসমূহে আচনিখন ৰুপায়নৰ বাবে ব্যয় কৰিলে মাত্ৰ ১৫৬ কোটি টকা৷

- Donation -

আনহাতে আচনিখন মুকলি কৰাৰে পৰা ২০২০-২১ বর্ষলৈ ব্যয় কৰা হৈছে সর্বমুঠ ৬৮৩.০৫ কোটি টকা৷লক্ষণীয়ভাবে ইয়াৰ পৰা ৪০১.০৪ কোটি টকা ব্যয় কৰা হল প্ৰচাৰ তথা বিজ্ঞাপনৰ নামত৷অর্থাৎ বেটি বচাও,বেটি পঢ়াও আচনিৰ ৫৮ শতাংশ ধনেই ব্য্য হল মাত্ৰ প্ৰচাৰ আৰু বিজ্ঞাপনৰ নামত৷

Leave A Reply

Your email address will not be published.