মোদী চৰকাৰৰ বিৰুদ্ধে কিয় গুজৰিছে বৰুণ গান্ধীয়ে ?

Share This Article

২০১২ চনত ৰাজনাথ সিঙে যুৱ সাংসদ বৰুণ গান্ধীক দিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব ৷ কিন্তু ২০১৪ চনত তেওৰ পৰা এই পদ কাঢ়ি নিয়া হ’ল ৷ চৰ্চা চলিছিল যে উত্তৰ প্ৰদেশত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বৰুণ গান্ধী ৷ যাৰ বাবে তেওক আগতীয়া প্ৰচাৰ অভিযানতো নমোৱা হৈছিল ৷ কিন্তু শেষ মুহূৰ্তত সেয়াও কাৰ্যকৰী নহ’ল ৷ ইপিনে , উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে বিজেপিৰ বিৰুদ্ধেই সোচ্চাৰ হৈ পৰিছে বৰুণ গান্ধী ৷ ৰাষ্ট্ৰীয় হিন্দী কাকত ‘দৈনিক ভাস্কৰ’ক দিয়া এটা বিস্ফোৰক সাক্ষাৎকাৰত তেও উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই কৃষকৰ ওপৰেৰে জীপ চলাই নিয়া ঘটনাৰ প্ৰসংগ উত্থাপণ কৰে ৷ তেও কয় যে লখিমপুৰ কাণ্ডত নাম সাঙোৰ খোৱা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগ এতিয়াও হোৱা নাই , তেওক সংৰক্ষণ দি কেন্দ্ৰীয় চৰকাৰে কি প্ৰমান কৰিব বিচাৰিছে ৷ সাক্ষাৎকাৰটোত বৰুণ গান্ধীয়ে কয় যে ৰঙা লাইটৰ গাড়ীৰ বাবে তেও ৰাজনীতি কৰিবলৈ অহা নাই ৷ তিনিবাৰৰ নিৰ্বাচিত সাংসদ হৈও তেও দৰমহা , চৰকাৰী আবাস বা অন্য কোনো চৰকাৰী সুবিধা গ্ৰহণ কৰা নাই ৷ নিজৰ দৰমহা তেও সেইসমূহ পৰিয়াললৈ আগবঢ়ায় যিয়ে পৰিস্থিতিগতকাৰণত আত্মহত্যা কৰিবলগীয়া হৈছে ৷ সাংসদে নিজৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা তেৱেই একমাত্ৰ সাংসদ বুলি বৰুণ গান্ধীয়ে সাক্ষাৎকাৰটোত মন্তব্য কৰে ৷ তেও এইবুলিও কয় যে ৰাইট টু ৰিকলৰ অধিকাৰৰ বাবেও তেও সংসদত প্ৰাইভেট মেম্বাৰ বিল উত্থাপণ কৰিছে ৷ ২০১৭ ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে চৰ্চা চলি থকাৰ পাছতো কিয় শেষ মুহূৰ্তত বঞ্চিত হ’বলগীয়া হ’ল বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বৰুণ গান্ধীয়ে কয় যে উত্তৰ প্ৰদেশত তেওৰ দাবীদাৰীত্ব জনসাধাৰণে উত্থাপণ কৰিছিল ৷ ২০১৪ ৰ পৰা ২০১৮ পৰ্যন্ত বিজনোৰৰ পৰা আৰম্ভ কৰি এলাহবাদলৈকে মাৰাথন যাত্ৰা কৰিছিল ৷ এই যাত্ৰাকালত অনেক স্পৰ্শকাতৰ তথ্য তেও লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ক্ৰাউড ফাণ্ডিঙৰ জড়িয়তে কৃষকৰ ঋণ পৰিশোধ কৰিবলৈ সক্ষম হৈছিল ৷ এই ইতিবাচক ৰাজনীতি জনসাধাৰণে গ্ৰহণ কৰি লৈছিল ৷ কৃষক আন্দোলনক লৈ বিজেপি সাংসদ গৰাকীয়ে কয় যে উত্তৰ প্ৰদেশৰ কৃষক সমাজে ‘ভোট কী চোট’ কেম্পেইন আৰু অধিক শক্তিশালী কৰিব পাৰে ৷ ইয়াৰ ফলত কাৰ লোকচান হ’ব সেয়া সহজেই অনুমেয় ৷ কিন্তু এইটো কথা স্পষ্ট যে কৃষক আন্দোলন স্থগিতহে হৈছে , সমাপ্ত হোৱা নাই ৷ গণতন্ত্ৰত জন আন্দোলন নিজেই এটা বৃহৎ শক্তি ৷ জেপি আন্দোলনৰ পৰা আন্না আন্দোলনলৈ , প্ৰতিটো গণ আন্দোলনে এটা কথা প্ৰমান কৰিছে যে গণ আন্দোলনে চৰকাৰ সলনি কৰিব পাৰে ৷ এতিয়াও কৃষক আন্দোলনে কেবাটাও বিষয়ত সঠিক উত্তৰ পাবলৈ বাকী আছে ৷ এতিয়াও নূন্যতম সমৰ্থন মূল্যৰ আইন প্ৰনয়ন হোৱা নাই , কৃষকৰ ওপৰেৰে গাড়ী চলোৱা ঘটনাত নাম সাঙোৰ খোৱা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই পদত্যাগ কৰা নাই , তেওক সুৰক্ষা দি কেন্দ্ৰীয় চৰকাৰে কি প্ৰমান কৰিব বিচাৰিছে বুলিও বৰুণ গান্ধীয়ে প্ৰশ্ন কৰে ৷যদি চৰকাৰে কৃষকৰ দাবীক আকৌ এবাৰ আওকান কৰিব বিচাৰে , তেনেহ’লে কৃষক আন্দোলন পুণৰ আৰম্ভ হ’ব পাৰে বুলিও তেও মন্তব্য কৰে ৷ সাক্ষাৎকাৰটোত বৰুণ গান্ধীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্তব্যৰো কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ কিছুদিন পূৰ্বে যোগী আদিত্যনাথে এইবাৰৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচন ৮০ শতাংশ আৰু ২০ শতাংশৰ মাজত অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছিল ৷ সন্দেহ নাই যে ২০ শতাংশ মুছলমানৰ কথাই তেও ক’বলৈ বিচাৰিছিল ৷ এই সন্দৰ্ভত বৰুণ গান্ধীয়ে আদিত্যনাথৰ মন্তব্যক পোনপটীয়াকৈ নাকচ কৰি কয় যে উত্তৰ প্ৰদেশৰ জনসাধাৰণে ৮০ শতাংশ আৰু ২০ শতাংশ হিন্দু – মুছলমান আৰু ৮০ শতাংশ আৰু ১৫ শতাংশ পিছপৰা বা আগবঢ়াক লৈ ভোটদান নকৰে ৷ এইবাৰ ভোট হ’ব মূল্যবৃদ্ধি , সংস্থাপনহীনতা , আৰ্থিক দুৰাৱস্থাৰ ওপৰত ৷ কোনো ভোটাৰকে জাতি বা ধৰ্মৰ পৰিচয়েৰে চোৱা উচিত নহয় বুলিও ৰাহুল গান্ধীয়ে মন্তব্য কৰে ৷

এইদৰেই বৰুণ গান্ধী সোচ্চাৰ হৈ পৰিছে নিজ দলৰ বিৰুদ্ধে ৷ তেওৰ মুখত শুনা গৈছে বিৰোধী নেতাৰ সুৰ ৷স্বাভাৱিকতে বৰুণ গান্ধীৰ এই সাক্ষাৎকাৰে বিব্ৰত কৰিছে বিজেপি দলৰ নেতৃত্বক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.