সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কংগ্ৰেছ নহয়,বিজেপিমুক্তহে হ’ব পঞ্জাৱ !

দেশত অত্যন্ত বেয়া দিন চলিছে বিজেপিৰ । অত্ছে দিনৰ শ্লোগান দিয়া বিজেপিৰ চলিছে নিজৰে বেয়া দিন । দেশৰ পাঁচ ৰাজ্যত নবেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন । ইফালে দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত আছে মাথোন ৫ টা মাহ ।বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যবোৰত প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰাৰ পিছতে আৰম্ভ হৈছে দলীয় বিসম্বাদ । প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীৰ ওপৰত কিছু কিছু অঞ্চলত চলিছে ভয়ংকৰ আক্ৰমণ ।প্ৰাৰ্থিত্ব লাভ কৰা লোকৰ গাড়ী ভাঙি,ঘৰৰ সন্মুখত প্ৰতিবাদী শ্লোগান দিও নিজৰ স্থিতি জাহিৰ কৰিছে বিসম্বাদী বিজেপিয়ে ।এই সকলোবোৰৰ মাজতে বিজেপিলৈ আহিছে এক ভয়ংকৰ বেয়া খবৰ ।শিৰোমণি আকালি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ লগতে কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই কংগ্ৰেছ নেতা কে চি বেণুগোপালক সাক্ষাৎ কৰি কংগ্ৰেছ দলত যোগদানৰ ইচ্ছাৰ বিষয়ে ব্যক্ত কৰিছে ।কংগ্ৰেছ দলৰ টুইটাৰ পে’জত লিখিছে ‘ শিৰোমণি আকালি দল আৰু পঞ্জাব বিজেপিৰ কেইবাগৰাকীও নেতাই সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালক সাক্ষাৎ কৰি কংগ্ৰেছ দলত যোগদানৰ ইচ্ছাৰ বিষয়ে অৱগত কৰিছে ।’উল্লেখ্য যে ২০২০ চনত আকালি দলে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিছিল । তিনিখন কৃষি আইনৰ বিৰোধিতা কৰিয়েই আকালি দলে সংগ ত্যাগ কৰিছিল বিজেপিৰ ।
ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই শুকুৰবাৰে চণ্ডীগড় বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিছিল যতীন্দৰ পল মালহোত্ৰাক ।আনহাতে,পাঞ্জাৱ কংগ্ৰেছে বিগত জুলাই মাহত সুনীল জাখাৰ সভাপতি পদত অধিষ্ঠিত হৈছে ।উল্লেখ্য পঞ্জাৱত মুঠ ১১৭ খন বিধানসভাৰ আসন আছে । ইয়াৰে ৯২ খন আসন আছে আপৰ অধীনত৷আনহাতে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ দখলত আছে ১৮ খন আসন । পঞ্জাৱত বিজেপিৰ মাত্ৰ ২ গৰাকী বিধায়ক আছে । আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপি দলে ইয়াৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিব বিচাৰিছে যদিও দলটোত দলত্যাগী সদস্যৰহে ধুম উঠিছে । পাঞ্জাৱত মুঠ ১৩ খন লোকসভাৰ আসন আছে । ইয়াৰে ৮ খন আসন আছে কংগ্ৰেছৰ দখলত । আনহাতে বিজেপিৰ দখলত আছে মাত্ৰ ২খন । তিনিখন কৃষি আইনৰ বিৰোধিতাৰে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে প্ৰায় এটা বছৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল পঞ্জাৱৰ কৃষকে। শেহতীয়াকৈ খালিস্তানী প্ৰসংগয়ো পঞ্জাৱত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । পঞ্জাৱত বৰ্তমান মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নেতৃত্বত চলি আছে আপৰ চৰকাৰ । বিগত নিৰ্বাচনত বিজেপিয়ে পঞ্জাৱ দখলৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও সেয়া বিজেপিৰ বাবে সফল নহ’ল ।বৰ্তমান বিজেপিৰ যিটো হাৰত খহনীয়া আৰম্ভ হৈছে ,এই হাৰ অব্যাহত থাকিলে পাঞ্জাৱ আগন্তুক দিনত বিজেপিমুক্ত হোৱাটো নিশ্চিত !

Leave A Reply

Your email address will not be published.