বিজেপি নেতাৰ ভাষণ মানেই খালী আসন !

Share This Article

মিছা কৈ কৈ অভ্যাসেই হ’ল নেকি গৃহমন্ত্ৰী অমিত শ্বাহৰ ?য’তে ত’তে কেৱল ইটোৰ পিছত সিটো মিছা কথাই কিয় কয় বিজেপি নেতৃত্বই ?প্ৰায় প্ৰতিগৰাকী বিজেপি নেতাৰ মতে ২০১৪ চনৰ আগলৈকে দেশত নাছিল কোনো IIT,IIM,NIT অথবা AIIMS.আনকি গৃহমন্ত্ৰী অমিত শ্বাহেও সেই কথা নিজ মুখেৰে কেইবাখনো সভাত উল্লেখ কৰিছিল । গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যৰ বিৰোধিতাৰে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটেই টুইটাৰত লিখিছে ‘প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ দূৰদৰ্শিতাৰ বাবেই আপোনাৰ জন্মৰ বহু আগতেই ভাৰতত বিভিন্ন শিক্ষানুষ্ঠানৰ জন্ম হৈছিল ।১৯৫১ চনত খড়গপুৰত প্ৰথমখন IIT,১৯৫৬ চনত দিল্লীত প্ৰথমখন AIIMS ,১৯৬৯ চনত ৱাৰাংগেলত NIT,১৯৬১ চনত কলকাতাত IIM স্থাপন কৰি ৰাষ্ট্ৰ নিৰ্মাণ কৰিছিল নেহেৰুজীয়ে। সুপ্ৰিয়া শ্ৰীনাটেই লিখিছে নেহেৰুজীয়ে আপোনালোকৰ দৰে ৰাজনীতি কৰা নাছিল,তেওঁ ৰাষ্ট্ৰ নিৰ্মাণ কৰিছিল । আপোনালোকেও চেষ্টা কৰক !এনেকুৱা মিছা কথাৰে আপোনালোকে কেৱল মিছা তথ্যহে দিব পাৰিব । হোৱাটচএপ ইউনিভাৰ্চিটিৰ লোকক ভুল তথ্য দিব পাৰিব ।আনহাতে,বিগত ১৬ অক্টোবৰত গৃহমন্ত্ৰী অমিত শ্বাহে ছত্তীশগড়ত ভাষণ প্ৰসংগত কংগ্ৰেছক সাম্প্ৰদায়িক দল বুলি উল্লেখ কৰি কয় যে ভুবনেশ্বৰ চাহু নামৰ ব্যক্তিজনৰ মৃত্যুত কংগ্ৰেছৰ হাত আছে । কংগ্ৰেছে ভোট বেংক ৰাজনীতিৰ বাবেই ছত্তীশগড়ত ভুৱনেশ্বৰ চাহুক হত্যা কৰিলে। গতিকে কোনো কাৰণতে কংগ্ৰেছক ভোট দিয়া উচিত নহয় ।তাৰ পৰিবৰ্তে পদুম ফুলক ভোট দিয়ক ।গৃহমন্ত্ৰী গৰাকীৰ সাম্প্ৰদায়িক সম্প্ৰীতি ব্যাঘাত জন্মাব পৰা ভাষণৰ জৰিয়তে নিৰ্বাচনী বিধি ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ।উল্লেখ্য যে ২০২৩ চনৰ ৮ এপ্ৰিলত ছত্তীশগড়ৰ বিৰানপুৰত দুটা গোটৰ মাজত সংঘৰ্ষ হৈছিল । সেই সংঘৰ্ষতে প্ৰাণ হেৰুৱাইছিল ভুৱনেশ্বৰ চাহুৱে৷প্ৰথম অৱস্থাত এটি শিশুক লৈ এই মতবিৰোধ আৰম্ভ হৈছিল দুটা পক্ষৰ । তাৰপিছতেই তেওঁলোকৰ অভিভাৱকসকল সংঘৰ্ষত লিপ্ত হয় । পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিল যে গাওঁখনত দুটা সপ্তাহৰ বাবে সান্ধ্যআইন বলবৎ কৰিবলগীয়া হয় । ঘটনাটোৰ ৪ দিন পিছত সংখ্যালঘু সম্প্ৰদায়ৰ এহাল পিতা-পুত্ৰক হত্যা কৰা হ’ল .। বিজেপিয়ে ইয়াৰ পিছৰে পৰাই ভূপেশ বাঘেল চৰকাৰক আক্ৰমণ কৰা আৰম্ভ কৰিছিল । চৰকাৰে ভুবনেশ্বৰ চাহুৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহাৰ্যৰ লগতে সংস্থাপন দিব বিচাৰিছিল যদিও ভুক্তভোগীৰ পৰিয়ালে সেই সাহাৰ্য গ্ৰহণ নকৰিলে । তেওঁলোকে কেৱল ন্যায়ৰ দাবীহে তুলিছিল চৰকাৰৰ ওচৰত৷বিজেপি দলে ছত্তীশগড় বিধানসভাত ভুৱনেশ্বৰ চাহুৰ মৃত্যুটোকে নিৰ্বাচনী ইছ্যু হিচাপে ল’ব বিচাৰিছে । তদুপৰি দলটোৱে ভুৱনেশ্বৰ চাহুৰ পিতৃ ইশ্বৰ চাহুক চাজা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।কিন্তু ইমানবোৰ কাৰচাজিৰ পিছতো ছত্তীশগড়ত বিজেপিয়ে ভোটাৰৰ মাজত কোনো প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই ।বৰঞ্চ সভাবোৰত ইজনৰ পিছত সিজন নেতাই খালী চকীৰ সন্মুখতে ভাষণ দিবলগীয়া হৈছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.