সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এক ভয়ংকৰ সাদৃশ্য ধৰা পৰিছে বিজেপি আৰু জিন্নাৰ মাজত !

বিজেপি চৰকাৰে ২০১৫ চনত এগৰাকী আৱেদনকাৰীয়ে ইণ্ডিয়া নামটো সলনিৰ বাবে জনোৱা জনস্বাৰ্থজড়িত আবেদন নস্যাৎ কৰিছিল৷।এই মন্তব্য থিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰৰ।২০১৫ চনত দেশৰ নাম ইণ্ডিয়াৰ পৰিবৰ্তে ভাৰত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এক আবেদন জনাইছিল, যি আৱেদনৰ বিৰোধিতা কৰিছিল স্বয়ং গৃহমন্ত্ৰালয়ে।এই আৱেদনৰ বিৰোধিতাৰে গৃহ মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ক জনাইছিল নাম সলনিৰ কোনো প্ৰয়োজন নাই।লগতে কেন্দ্ৰীয় চৰকাৰে জনাইছিল ‘ এনেকুৱা কোনোধৰণৰ পৰিস্থিতি অহা নাই যাৰ বাবে ভাৰতীয় সংবিধানৰ এক নং অনুচ্ছেদটো সলাবলগীয়া হ’ব।’ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদে ভাৰত আৰু ইণ্ডিয়া দুয়োটা নামকেই স্বীকৃতি দিছে।তাত স্পষ্টকৈ লিখা আছে ‘ৰাজ্যবোৰক একেলগে ইণ্ডিয়া অথবা ভাৰত বুলি জনা যায়।’২০১৫ চনৰ এটা বাতৰি শ্বেয়াৰ কৰি শশী থাৰুৰে তেওঁ তেতিয়া দিয়া মন্তব্যটো উল্লেখ কৰি কয় ‘ মই এই বিষয়ত মন্তব্য নিদিওঁ।চৰকাৰৰ মতামতক মই সমৰ্থন জনাইছোঁ।’ কিন্তু সময় সলনি হ’ল!বিৰোধীৰ ২৮ টা ৰাজনৈতিক দলৰ ঐক্যবদ্ধ মৰ্চাই বিগত ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত বৈঠকত নৱগঠিত মিত্ৰজোঁটৰ নাম I.N.D.I.A কৰিলে৷সেই দিনাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰৰ প্ৰফাইলত ইণ্ডিয়াৰ পৰিবৰ্তে ‘ভাৰত’ শব্দটো ব্যৱহাৰ কৰে।উল্লেখ্য যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জি 20 ৰ অভ্যাগত সকলৰ বাবে এক নৈশভোজৰ আয়োজন কৰিছে অহা ৯ ছেপ্তেম্বৰত।সেই নৈশভোজলৈ G 20 ৰ প্ৰতিনিধি হিচাপে অহা বিদেশৰ প্ৰতিনিধিসকল,মুখ্যমন্ত্ৰীসকলক নিমন্ত্ৰণ জনোৱা হৈছে৷পত্ৰখনত প্ৰেছিডেণ্ট অব ইণ্ডিয়াৰ পৰিবৰ্তে প্ৰেছিডেণ্ট অব ভাৰত বুলি লিখা হৈছে।ৰাষ্ট্ৰপতিৰ এই পত্ৰখন ৰাজহুৱা হোৱাৰ পিছতে সমগ্ৰ দেশত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷বিৰোধী দলবোৰেও চৰকাৰৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।
ইয়াৰ বিপৰীতে আকৌ শাসক NDA ই বিৰোধীক ভাৰত নামটো ব্যৱহাৰ কৰাত আপত্তি কৰা বাবে সমালোচনা কৰিছে।থিৰুৱন্তপুৰমৰ কংগ্ৰেছ সাংসদ  শশী থাৰুৰে কয় ইণ্ডিয়াক ভাৰত বুলি কোৱাত সাংবিধানিকভাৱে যিহেতু কোনো বাধ্যবাধকতা নাই ,মই ভাবোঁ চৰকাৰ ইমান মুৰ্খ নহয়,যে ঘপকৈ নিজৰ দেশৰ নাম ইণ্ডিয়াৰ পৰা ভাৰত বুলি সলাই লৈ নিজৰ ব্ৰেণ্ড ভেল্যু নোহোৱা কৰিব।বৰঞ্চ আমি দুয়োটা নামেই ব্যৱহাৰ কৰা উচিত।যিটো নামৰ জৰিয়তে আমাক সমগ্ৰ বিশ্বই জানে ,আমি সেই নামটো আঁতৰাই দিয়াটো একপ্ৰকাৰ মুৰ্খামিহে।’শশী থাৰুৰে লগতে কয় যে পাকিস্তানৰ প্ৰতিষ্ঠাতা মহম্মদ আলি জিন্নাই প্ৰথম ইণ্ডিয়া নামটোৰ বিৰোধিতা কৰিছিল।কিয়নো জিন্নাই কৈছিল যে এই নামটো বৃটিছৰ পৰা উত্তৰাাধিকাৰী সূত্ৰে লাভ কৰা যেন অনুভৱ হয়।কংগ্ৰেছ নেতা শশী থাৰুৰে কয় ‘ এতিয়া আমি সকলোৱে এটা কথা মনত পেলোৱা উচিত যে ইণ্ডিয়া নামটোৰ বিৰোধিতা কৰিছিল জিন্নাইহে৷ইয়াৰ পৰা এটা কথা স্পষ্ট যে বিজেপি চৰকাৰে জিন্নাক সমৰ্থন কৰে।’

Leave A Reply

Your email address will not be published.