বৃটিছে দিয়া নাছিল ‘ইণ্ডিয়া’ নাম

Share This Article

আমাৰ দেশৰ নাম কি হ’ব ? ভাৰত নে ইণ্ডিয়া ? নে ভাৰত আৰু ইণ্ডিয়া দুয়োটাই ?বৃটিছসকলে আমাৰ দেশৰ নাম ইন্ডিয়া ৰাখিছিল নেকি ? শেহতীয়াকৈ সৃষ্টি হোৱা এই বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ভাৰত স্বাধীন হোৱাৰ পাছতেই । সংবিধান সভাত ইয়াক লৈ চাৰি দিন ধৰি চলিছিল বিতৰ্ক ।অৱশেষত ১৯৪৯ চনৰ ১৮ ছেপ্তেম্বৰত সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ দেশৰ নাম হ’ব ‘ইণ্ডিয়া অৰ্থাৎ ভাৰত , ৰাজ্যসমূহৰ এক সংঘ’ ।তাৰ পূৰ্বে দেশৰ সংবিধানৰ প্ৰথম অনুচ্ছেদক লৈ তিনিদিন ধৰি বিতৰ্ক হৈছিল ।১৯৪৮ চনৰ ১৫ আৰু ১৭ নৱেম্বৰ আৰু ১৯৪৯ চনৰ ১৭ আৰু ১৮ ছেপ্তেম্বৰত এই বিতৰ্ক চলিছিল । শেষত ইন্ডিয়া অৰ্থাৎ ভাৰত দুয়োটা নামেই গৃহীত হৈছিল ।কিন্তু বিজেপিয়ে প্ৰচাৰ চলোৱাৰ দৰেই এই দেশৰ নাম বৃটিছে ইণ্ডিয়া ৰখা নাছিল । অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি নেতাসকলে বৃটিছে ভাৰতৰ নাম ইণ্ডিয়া ৰখা বুলি যি দাবী উত্থাপণ কৰি আহিছে , সেই দাবী গোকাট মিছা ।১৯৪৯ চনৰ ১৮ ছেপ্তেম্বৰ । সংবিধান সভাত সিদ্ধান্ত গৃহীত হৈছিল যে আমাৰ দেশখনৰ নাম হ’ব – ইন্ডিয়া অৰ্থাৎ ভাৰত , ৰাজ্যসমূহৰ এক সংঘ’।কিন্তু তাৰ পূৰ্বে সংবিধান সভাৰ কেবাগৰাকীও সদস্যই প্ৰস্তাৱ উত্থাপণ কৰিছিল যে আমাৰ দেশৰ নাম হ’ব লাগে ‘ভাৰত অৰ্থাৎ ইংৰাজীত ইণ্ডিয়া ‘। কিন্তু সংবিধান সভাত ৩৮ : ৫১ অনুপাতত সেই প্ৰস্তাৱ নাকচ হৈছিল ।তাৰ পাছতেই সংখ্যাগৰিষ্ঠ মতামতৰ ভিত্তিত গৃহীত হৈছিল দেশৰ নাম হ’ব ‘ ইণ্ডিয়া অৰ্থাৎ ভাৰত , ৰাজ্যসমূহৰ এক সংঘ’।ইণ্ডিয়াৰ বিপৰীতে দেশৰ নাম ভাৰত ৰখাৰ সপক্ষে প্ৰস্তাৱ উত্থাপণ কৰিছিল এইচ ভি কামাথে । তেও কৈছিল যে ইণ্ডিয়ান এটা জাৰ্মান শব্দ । ইউৰোপৰ বহু ঠাইত এই দেশৰ নাম হিন্দুস্তান হিচাপে জনা যায় ।এই দেশৰ সকলো মূল অধিবাসীক হিন্দু হিচাপে জনা যায় । এয়া হয়তো সিন্ধু নদীৰ প্ৰাচীন নাম হিন্দুৰ পৰা আহিছে । কামাথে লগতে ১৯৩৭ চনৰ আইৰিছ সংবিধানৰ উদাহৰণ দি কয় যে স্বাধীনতা পোৱাৰ পাছত আয়াৰলেণ্ডে নিজৰ নাম এইদৰেই সলাই লৈছিল । কামাথৰ প্ৰস্তাৱ আছিল দেশৰ নাম ‘ভাৰত অৰ্থাৎ ইংৰাজীত ইন্ডিয়া হওক ‘। একেদৰে সংবিধান সভাত চেঠ গোবিন্দ দাসে কৈছিল যে ভাৰতৰ উল্লেখ বিষ্ণু পুৰাণতো আছে । ইণ্ডিয়াৰ প্ৰচলন ভাৰতৰ পাছত আৰম্ভ হৈছিল । হৰগোবিন্দ পন্তৰ মতেও উত্তৰ ভাৰতৰ লোকসকলে দেশৰ নাম ভাৰতবৰ্ষ বিচাৰে বুলি প্ৰস্তাৱ উত্থাপণ কৰিছিল ।সেই অনুসৰিয়ে সংবিধান সভাত প্ৰস্তাৱ ৰখা হৈছিল যে দেশৰ নাম হ’ব ‘ভাৰত অৰ্থাৎ ইংৰাজীত ইণ্ডিয়া ৰাজ্যসমূহৰ এক সংঘ ‘ ।এই প্ৰস্তাৱক ৩৮ গৰাকী সদস্যই সমৰ্থন জনোৱাৰ বিপৰীতে ৫১ গৰাকী সদস্যই ইয়াৰ বিৰোধিতা কৰিছিল।ইয়াৰ পাছত সংখ্যাগৰিষ্ঠ সিদ্ধান্ত মৰ্মে দেশৰ নাম ৰখা হৈছিল ‘ইণ্ডিয়া অৰ্থাৎ ভাৰত ৰাজ্যসমূহৰ এক সংঘ ।অৰ্থাৎ ইণ্ডিয়া আৰু ভাৰত দুয়োটাই আমাৰ দেশৰ সংবিধান স্বীকৃত নাম । কিন্তু বিৰোধী জোটবন্ধনৰ নাম ‘ইণ্ডিয়া’ ৰখাৰ লগে লগে মোদী চৰকাৰে এশৰ নাম ইণ্ডিয়াৰ সলনি কেৱল ভাৰত ৰাখিব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে । কোৱা হৈছে যে ১৯৪৯ চনৰ ১৮ ছেপ্তেম্বৰত দেশৰ নাম ইণ্ডিয়া অৰ্থাৎ ভাৰত ‘ ৰখা হৈছিল । এতিয়া মোদী চৰকাৰে ২০২৩ চনৰ ১৮ ছেপ্তেম্বৰত দেশৰ নামৰ পৰা ইন্ডিয়া শব্দটো প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনাক লৈ আলোচনা আৰম্ভ হৈছে । কোৱা হৈছে যে ইণ্ডিয়াৰ লগত বৃটিছ উপনিৱেশিক ভাবনা জড়িত হৈ আছে ৷ সেইবাবেই এই নাম সলনিৰ দাবী জনাইছে বিজেপি নেতাসকলে।বৃটিছে আমাৰ দেশৰ নাম ইণ্ডিয়া ৰখাটোও এটা অসত্য কথা । বিজেপি নেতাসকলে হোৱাটছ এপ ইউনিভাৰ্ছিটীৰ জ্ঞান লৈ এই অৰ্ধসত্য বাৰ্তা বিয়পাই আছে । আচল সত্যটো হ’ল – গ্ৰীকসকলে এই দেশৰ নামাকৰণ কৰিছিল ইণ্ডিয়া হিচাপে । সিন্ধু নদীক গ্ৰীক ভাষাত ইন্দাছ বুলি জনা যায় । তাৰ পৰাই ইণ্ডিয়াৰ আৰম্ভণি ।তাৰো পূৰ্বে ৪৫০০ বছৰ পূৰ্বে ইৰাণৰ এলামাইত ৰজাই নাম দিছিল ‘মেলুহা’ ,২৫০০ বছৰ পূৰ্বে পাৰছিয়ান শাসক ডাৰিউছে ‘হিন্দ’ নাম দিছিল, ২৩০০ বছৰ পূৰ্বে গ্ৰীক পৰ্যটক মেগাস্থেনেছে দিছিল ‘ইণ্ডিয়া’ নাম, ২২০০ বছৰ পূৰ্বে সম্ৰাট অশোকে দিছিল ‘জাম্বুদ্বীপ’ নাম ,২১০০ বছৰ পূৰ্বে জৈন ৰজা খাৰাভেলাই দিছিল ‘ভাৰতবৰ্ষ’ নাম ।ইতিহাসবিদসকলৰ মতে পৰৱৰ্তী সময়ত বিশেষকৈ মোগল শাসিত অঞ্চলসমূহ হিন্দুস্তান হিচাপে পৰিচিত হৈ পৰিছিল।গতিকে বৃটিছে আমাৰ দেশৰ নাম ইণ্ডিয়া ৰখাটো এটা অতি ভুল তথ্য ।বৃটিছসকল ভাৰতলৈ আহিছিল ১৮৫৭ চনত । তেওলোকে ভাৰত শাসন কৰিবলৈ গঠন কৰিছিল ইষ্ট ইন্ডিয়া কোম্পানী । তাৰ পাছৰে পৰাই ইণ্ডিয়া নামটোৱে ব্যাপক প্ৰচাৰ লাভ কৰে । ইণ্ডিয়া নামটো বৃটিছসকলে দিয়া নাছিল। গ্ৰীকসকলে দিয়া এই নামে বৃটিছ শাসনত ব্যাপক প্ৰচাৰহে লাভ কৰিছিল । সংবিধান সভাত সেয়ে ইণ্ডিয়া অৰ্থাৎ ভাৰত ‘ নাম গৃহীত হৈছিল ৷এতিয়া বৃটিছৰ অজুহাত দি ইন্ডিয়া প্ৰত্যাহাৰ কৰাটো কিমানদূৰ সম্ভৱ হ’ব ? যদিহে দেশৰ নামৰ পৰা ইণ্ডিয়া শব্দটো প্ৰত্যাহাৰ কৰা হয় , তেনেহ’লে সংবিধানৰ প্ৰথম অনুচ্ছেদ প্ৰত্যাহাৰ কৰিব লাগিব ।অনুচ্ছেদ ৩৬৮ ত সংবিধান সংশোধনৰ ব্যৱস্থা আছে ।ইয়াৰ বাবে প্ৰয়োজনীয় বিধেয়ক দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনত গৃহীত হ’ব লাগিব ।অৰ্থাৎ ইণ্ডিয়া শব্দটো প্ৰত্যাহাৰৰ বাবে লোকসভাত ৩৫৬ আৰু ৰাজ্যসভাত ১৫৭ গৰাকী সদস্যৰ সমৰ্থন লাগিব।ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত ২০২০ চনত দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে কেৱল ভাৰত ৰখাৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল।কিন্তু ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি চৰকাৰৰ ওচৰত আবেদন দাখিল কৰিবলৈ কৈছিল। সেই সময়ত গৃহ মন্ত্ৰালয়ে শপতনামা দাখিল কৰি কৈছিল যে দেশৰ নাম সলনি কৰাৰ কোনো প্ৰয়োজন নাই ।তেতিয়ালৈকে সকলো ঠিকেই আছিল । মোদী চৰকাৰৰ আচনিৰ নামো ইণ্ডিয়াৰ নামেৰেই হৈছিল।খেলো ইন্ডিয়া , মেক ইন ইন্ডিয়া , ষ্টাৰ্ট আপ ইন্ডিয়া , ষ্টেণ্ড আপ ইন্ডিয়া , ডিজিটেল ইণ্ডিয়া – কিমান কি আচনিৰ নামত আছিল ইন্ডিয়া ।আনকি প্ৰধানমন্ত্ৰী মোদীয়ে ইন্ডিয়াৰ নামত মুকলিকৈ ভোট ভিক্ষাও কৰিছিল ।কিন্তু বিৰোধী মিত্ৰজোটে নিজৰ নাম ইণ্ডিয়া ৰখাৰ পাছতেই মোদীৰ বাবে ইণ্ডিয়া হৈ পৰিল উপনিৱেশিক নাম । আনকি এতিয়া দেশৰ নাম সলোৱাৰেই প্ৰস্তুতি আৰম্ভ কৰিছে ।ইয়াতকৈ আৰু ভণ্ডামিৰ কি উদাহৰণ থাকিব পাৰে ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.