সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইতিহাসত নাৰী আৰু নাৰীবাদ

[quote title=”দেৱদাসী প্ৰথাৰ প্ৰচলন হৈছিল,পুৰুষৰ বহুবিবাহ বহুলভাৱে হৈছিল,সকলোৱে গণিকা ৰাখিছিল।শিক্ষাৰ পোহৰ কেৱল আঢ্যবন্ত শ্ৰেণীৰ আছিল,যদিও সেয়া পৰ্যাপ্ত নাছিল।মধ্যযুগত নাৰীৰ স্থান বহুপৰিমানে নিম্নগামী হৈছিল।-শ্বাশ্বতী সভাপণ্ডিতৰ কলমত ” title_color=”” title_url=”” title_icon=”” title_icon_color=”” title_margin=”0px 0px 15px 0px” block_color=”#dd3333″ block_description=”” text_align=”center” author=”” link=”” desc=”” image=””][/quote]

লেখকঃ শ্বাশ্বতী সভাপণ্ডিত

- Donation -

“মহিলা হৈ কোনো জন্ম নলয়,সমাজ আৰু সংস্কৃতিয়েহে মহিলাৰ জন্ম দিয়ে।”(চিমন দি বিভয়ই)

পুৰুষ আৰু প্ৰকৃতি ইটো সিটোৰ পৰিপূৰক।নেলী অ’দচহুৰ্ণৰ মতে বহু সময়ত বিজ্ঞানীসকলে লিংগৰ বেলেগ বেলেগ সংজ্ঞা দিছে।কিন্ত্ত মূলতঃ পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যটো জৈৱিক।

কিন্ত্ত সাম্প্ৰতিক সময়তো নাৰীৰ সমঅধিকাৰ বা নাৰীবাদ এচামৰ বাবে কৌতুক আৰু এচামৰ বাবে কথাৰ ফুলজাৰি হৈ আছে।যেতিয়ালৈকে নাৰী বিবাহ নামৰ পুৰুষতান্ত্রিক প্ৰক্ৰিয়াটোক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ বুলি ভাবি থাকিব,লাজ নাৰীৰ অলংকাৰ বুলি পিন্ধি থাকিব,ঘৰৰ ডাঙৰ মঙহৰ টুকুৰাটো পুৰুষজনক যাচি থাকিব-তেতিয়ালৈকে নাৰী ‘সতীত্বৰ প্ৰতীক’ হৈ থাকিব।মুক্ত চিন্তা আৰু প্ৰগতিবাদী নাৰীৰ ধাৰণাটো কাগজ-পত্ৰতেই আৱদ্ধ হৈ থাকিব।নাৰী সৱলীকৰণ তেতিয়ালৈকে থাকিব,যেতিয়ালৈকে ‘নাৰী সৱলীকৰণ’ থাকিব।আমি কেৱল গাৰ্গী,লোপামুদ্ৰা অথবা কনকলতা,মুলাগাভৰুৰ উদাহৰণ দি থাকিলেই নহয়,আমি এইটোও চাব লাগিব যে তেওঁলোকৰ পাছত আমি কিমানগৰাকী কনকলতা অথবা গাৰ্গী হ’ব পাৰিছোঁ।বহল অৰ্থত আৰ্থ-সামাজিক পট পৰিৱৰ্তন কৰিব লাগিব আৰু ইয়াৰ গুৰি ধৰিব লাগিব সৱল নাৰীসকলে।‘নাৰী সৌন্দৰ্য্যৰ প্ৰতীক’,’নাৰী সদায় সহনশীল’-এনেধৰণৰ অমূলক আৰু অৰ্থহীন কথাবোৰ আমাৰ সমাজৰ পৰা আঁতৰাই এখন লিংগবিহীন সমাজ ব্যৱস্থা গঢ়ি তোলাত নাৰী-পুৰুষে সমানেই সহযোগ কৰিব লাগিব।পুৰুষতন্ত্রই কেৱল নাৰীকেই ক্ষতি কৰা নাই,পুৰুষকো ক্ষতি কৰিছে।পুৰুষে কান্দিব নালাগে,পুৰুষ নাৰীতকৈ আৰ্থিক আৰু শাৰিৰীকভাৱে অধিক সক্ষম হ’ব লাগিব,পুৰুষ বিয়াৰ পাছত পত্নীৰ ঘৰত থাকিলে ‘চপনীয়া’-এইবোৰ পুৰুষৰ ওপৰত সৰুতেই জাপি দিয়া কিছুমান বোজা।অৱশ্যে,এইবোৰত নাৰীৰ অৰিহণাও নথকা নহয়।বহু আধুনিকা নাৰীয়ে নাৰীবাদৰ অপপ্ৰয়োগ কৰে।যিটো পুৰুষতন্ত্রতকৈও ভয়াবহ কথা।সেয়ে,নাৰীবাদৰ ইতিহাস অধ্যয়ন খুব গুৰুত্বপূৰ্ণ।

ইতিহাসিক দৃষ্টিকোনেৰে নাৰীৰ প্ৰস্থিতি:
ঐতিহাসিক দৃষ্টিভংগীৰে চালে দেখা যায় যে বৈদিক যুগত নাৰীৰ স্থান উচ্চ আছিল যদিওবা সমাজ পুৰুষতান্ত্রিক আছিল।শৈক্ষিক,ধাৰ্মিক আৰু বৈবাহিক ক্ষেত্ৰত নাৰীৰ সম্পূৰ্ণ অধিকাৰ আছিল।বাল্যবিবাহ আৰু নাৰীৰ বহুবিবাহ প্ৰচলন নাছিল।কিন্ত্ত পুৰুষে বহুবিবাহ কৰিব পাৰিছিল।অৰ্থাৎ সমতা স্থাপন হোৱা নাছিল।ক্ৰমান্বয়ে,পৰৱৰ্তী বৈদিক যুগত নাৰীৰ অধিকাৰ আৰু অৱদমিত হ’বলৈ ধৰিলে।নাৰী পণ্যলৈ ৰূপান্তৰিত হ’ল।বিয়াৰ নিয়ম কঠোৰ হ’বলৈ ধৰিলে।নাৰীৰ সমমৰ্যাদা অন্ধকাৰ কুঠৰীত জাহ গ’ল।বৌদ্ধ যুগত নাৰীৰ স্থান পৰৱৰ্তী বৈদিক যুগতকৈও অৱনমিত হৈছিল।অৰ্থনৈতিক উৎপাদনত নাৰীৰ ভূমিকা হ্ৰাস হৈছিল,পুৰ্নবিবাহিত মহিলাক নিন্দা কৰা হৈছিল,শিক্ষাৰ অধিকাৰ নাৰীয়ে পোৱা নাছিল।স্বয়ং বৌদ্ধই নাৰী শিক্ষাৰ বিৰোধিতা কৰিছিল।কিন্ত্ত জৈন ধৰ্মত মাতৃ আটাইতকৈ সন্মানীয় আছিল।
আনহাতে,মৌৰ্য যুগত নাৰীৰ সামাজিক-অৰ্থনৈতিক-শৈক্ষিক সকলো অধিকাৰ আছিল।নাৰী সৈন্যবাহিনীয়ে ৰজাক সুৰক্ষা দিব পৰাকৈ প্ৰস্ত্তত আছিল।নাৰীৰ সম্পত্তিৰ অধিকাৰ আছিল।অসবৰ্ণ বিবাহ হ’লেও তেওঁলোকে নিজৰ অধিকাৰ লাভ কৰিছিল।বিধবা বিবাহ প্ৰচলন আছিল আৰু তেওঁলোকে নিজৰ জীৱনৰ সংগী বাচনি কৰাৰো অধিকাৰ আছিল।মৌৰ্য যুগৰ পৰৱৰ্তী সাতবাহনসকলৰ দিনটো নাৰীৰ স্থান অটুট আছিল।কিন্ত্ত গুপ্তযুগ আৰু পৰৱৰ্তী গুপ্ত যুগত নাৰীৰ আৰ্থ-সামাজিক প্ৰস্থিতি পুতৌজনক আছিল।দেৱদাসী প্ৰথাৰ প্ৰচলন হৈছিল,পুৰুষৰ বহুবিবাহ বহুলভাৱে হৈছিল,সকলোৱে গণিকা ৰাখিছিল।শিক্ষাৰ পোহৰ কেৱল আঢ্যবন্ত শ্ৰেণীৰ আছিল,যদিও সেয়া পৰ্যাপ্ত নাছিল।মধ্যযুগত নাৰীৰ স্থান বহুপৰিমানে নিম্নগামী হৈছিল।স্বাধীনোত্তৰ বা স্বাধীনতাৰ সময়চোৱাত কেইবাগৰাকী প্ৰগতিশীল নাৰীয়ে নাৰীৰ অধিকাৰৰ বাবে যুঁজিছিল।কিন্ত্ত প্ৰগতিশীল নাৰী এগৰাকী সেইসময়ৰ নাৰীসমাজৰ প্ৰতিবিম্ব হ’ব নোৱাৰে।কিন্ত্ত সেই সময়ৰ নাৰীৰ স্থান বিশ্বৰ প্ৰেক্ষাপটত সমালোচনা কৰিলে নাৰীবাদৰ প্ৰগতি লক্ষ্য কৰা যায়।

নাৰীবাদৰ উত্থান:
নাৰীবাদ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল সমাজবাদী দাৰ্শনিক চাৰ্লচ ফ’ৰিয়াৰে ১৮৩৭ চনত।বিশ্বৰ ইতিহাসত নাৰীবাদৰ তিনিটা তৰংগ দেখা যায়।
নাৰীবাদৰ প্ৰথম তৰংগ উত্থান হৈছিল ১৯-২০ শতিকাত ইউৰোপ আৰু সংযুক্ত যুক্তৰাষ্ট্ৰত।মহিলাসকলে হোৱাইট হাউচত সন্মুখত তেওঁলোকৰ অৰ্থনৈতিক অধিকাৰৰ বাবে প্ৰতিবাদ কৰিছিল।এই আন্দোলনৰ গুৰি ধৰিছিল এলিজাবেথ কেনভী ষ্টেন্টন আৰু মাটলদাহ গেগেয়ে।নাৰীবাদৰ প্ৰথম তৰংগৰ দাবী সমূহ আছিল-

১)মহিলাৰ ভোটদানৰ অধিকাৰ
২)শিক্ষাৰ অধিকাৰ
৩)সম্পত্তিৰ আৰু বিবাহৰ অধিকাৰ
৪)কাম কৰিবৰ বাবে সুস্থ পৰিবেশ পোৱাৰ অধিকাৰ

১৯১৯ চনৰ সংযুক্ত যুক্তৰাষ্ট্ৰৰ সংবিধানৰ ১৯ নং সংশোধনীত মহিলাৰ ভোটাধিকাৰ সাব্যস্ত হোৱাত প্ৰথম তৰংগৰ সফলতা।
নাৰীবাদৰ দ্বিতীয় তৰংগ:-
নাৰীবাদৰ দ্বিতীয় তৰংগ আৰম্ভ হৈছিল ১৯৬০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু সমগ্ৰ পশ্চিম বিশ্বত বিয়পি পৰিছিল।নাৰীবাদৰ দ্বিতীয় তৰংগৰ দাবীসমূহ আছিল-

১)পুৰুষতন্ত্র আৰু লিংগৰ ওপৰত সজাগতা সৃষ্টি কৰা
২)বৈবাহিক ধৰ্ষণ,ঘৰুৱা হিংসা তথা লিংগ বৈষম্যৰ ওপৰত সজাগতা অনা
৩)বৈধ গৰ্ভপাত আৰু জন্মহাৰ নিয়ন্ত্রণ
৪)মহিলাৰ যৌন স্বাধীনতা
এই তৰংগ ৯০ দশকৰ প্ৰথমাৰ্ধলৈকে আছিল বুলিব পাৰি।

নাৰীবাদৰ তৃতীয় তৰংগ:
নাৰীবাদৰ তৃতীয় তৰংগ আৰম্ভ হৈছিল ১৯৯০ চনত।নাৰীবাদৰ তৃতীয় তৰংগত আমি উপলব্ধি কৰিছোঁ নাৰী আৰু পুৰুষত প্ৰাকৃতিক পৃথকতা।লিংগ-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে যোগ্যতাৰ কথা।নাৰীৰ যৌন স্বাধীনতাৰ কথা।আমি আপেক্ষিকতাবাদত ভেজা দি নিতৌ অনুভৱ কৰিছোঁ আমাৰ সৱলতা আৰু অধিকাৰৰ কথা।
নাৰীবাদৰ প্ৰয়োগ আৰু বিশ্লেষণত আমাৰ যথেষ্ট দায়িত্ব আছে।আমি ইতিহাস জানোঁ,ইতিহাস বুজোঁ।সেয়ে আমি সমাজক এটা দিশ দেখুৱাব পাৰোঁ।শিক্ষাবোৰক জ্ঞানলৈ পৰিৱৰ্তিত কৰি জীৱনক যাপন নহয় উদযাপন কৰোঁ আহক।

(প্ৰকাশিত মন্তব্য লেখকৰ নিজা)

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.