সাংবাদিকক পুনৰ মুখ বন্ধ কৰাৰ চেষ্টা প্ৰশাসনৰ! প্ৰতিবাদত নামিল সাংবাদিক

Share This Article

ক’ৰোনাই চলোৱা ত্ৰাসৰ মাজতো চৰকাৰী পক্ষই দৃষ্টিনিবদ্ধ ৰাখিছে সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰি প্ৰকাশ কৰা সংবাদসমূহ বাৰে বাৰে চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে। বিগত কালছোৱাত কেইবাগৰাকী সাংবাদিকৰ কলমত বাধা আৰোপ কৰিবলৈ যত্ন কৰি আহিছে বুলি বিভিন্ন পক্ষই প্ৰশাসন কিম্বা চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে। তাৰ মাজতেই উত্তৰপ্ৰদেশৰ ফতেহ জিলাত এনে এক ঘটনাই সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে সংবাদমাধ্যমত।
প্ৰকাশিত বাতৰি অনুসৰি, লক্ ডাউনৰ সময়ত দৰিদ্ৰ লোকসকলৰ কমিউনিটী কিটচেন(সম্প্ৰদায়ৰ ৰন্ধাঘৰ) বন্ধ হৈ পৰিছে বুলি টুইটাৰ যোগে অজয় ভদৌৰিয়া নামৰ সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰিছিল। তাৰপাছতেই তেওঁৰ বিৰুদ্ধে মহামাৰী অধিনিয়ম তথা ভাৰতীয় দণ্ডবিধিৰ অধীনত ৫০৫, ৩৮৫, ১৮৮, ২৭০, ২৬৯ ধাৰাত গোচৰ ৰুজু কৰিছে জিলা প্ৰশাসনে। কেৱল ইমানেই নহয়, সাংবাদিক ভদৌৰিয়াৰ বিৰুদ্ধে অপৰাধী ষড়যন্ত্ৰৰ সৈতে জড়িতৰ অভিযোগত ১২০(খ) ধাৰাও সংযুক্ত কৰিছে।
উল্লেখ্য যে বিগত দুটা মাহত উত্তৰপ্ৰদেশ চৰকাৰে ১৬জনকৈ লোকক ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য লিখাৰ অজুহাতত জে’ললৈ প্ৰেৰণ কৰিছে উত্তৰপ্ৰদেশ প্ৰশাসনে। এই কথাতে ক্ষুণ্ণ হৈ এতিয়া জিলাখনৰ সাংবাদিকসকলে জিলাখনেৰে বৈ যোৱা গংগা আৰু যমুনা নদীত নামি জল সত্যাগ্ৰহ প্ৰতিবাদ কৰে। সমগ্ৰ জিলাতে বহু সাংবাদিকে অনশন, জল সত্যাগ্ৰহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ নীতিৰ বিৰুদ্ধে। লগতে সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ নিৰ্দেশ দিয়া জিলা দণ্ডাধীশৰ বিৰুদ্ধেও সৰৱ হৈ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আৰু জিলা দণ্ডাধীশৰ বিৰুদ্ধে তদন্তৰ দাবী জনায় প্ৰতিবাদী সাংবাদিকসকলে।
জিলা প্ৰশাসনে দাখিল কৰা FIRত লিখা আছে যে পত্ৰকাৰ ভদৌৰিয়াই কমিউনিটী কিটচেন বন্ধ হোৱাৰ কথা প্ৰকাশ কৰাৰ ফলত বিশৃংখলতাৰ সৃষ্টি হৈছিল। কোৱাৰেণ্টীন চেণ্টাৰত-য’ত কমিউনিটী কিটচেনৰ পৰা খাদ্যৰ যোগান ধৰা হয়, থকা লোকসকলৰ মাজত হুলস্থূলৰ সৃষ্টি হৈছিল। খাদ্য সামগ্ৰী নাপাব বা শেষ হৈ যাব বুলি আতংকৰ সৃষ্টি হোৱাত হৈ -ছৈ লাগিছিল ৰোগীসকলৰ মাজত। ফলত বিশৃংখলতাই বিৰাজ কৰিছিল। সেয়ে প্ৰশাসনৰ মতে তেওঁ জগৰীয়া আৰু তেওঁৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ।
উল্লেখ্য যে পত্ৰকাৰ অজয় ভদৌৰিয়াই টুইটাৰত ফতেহ জিলাৰ বিজয়পুৰ ব্লকৰ অন্তৰ্গত অন্ধ দম্পতী এহালক প্ৰশাসনে অতি নিম্ন মানদণ্ডৰ অপুষ্টিকৰ খাদ্যসামগ্ৰী যোগান দিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.