অৰবিন্দ কেজৰীৱালৰ শৰীৰত জ্বৰ, ছৰ্দি-কাঁহ

Share This Article

মংগলবাৰে হ’ব ক’ৰোনা টেষ্ট

ক’ৰোনা ভাইৰাছৰ উপসৰ্গৰ দৰে প্ৰায়বিলাক উপসৰ্গ দেখা দিয়াৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আইছ’লেশ্যনত ৰখা হৈছে। কেজৰিৱালৰ শৰীৰত সামান্য জ্বৰ, চৰ্দি-কাঁহ ৰোগসমূহ হোৱাৰ পিছতেই আগন্তুক সতৰ্কতামূলকা ব্যৱস্থা হিচাপে মংগলাবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ কোভিড-১৯ টেষ্ট কৰোৱা হ’ব। সোমবাৰে এই কথা সদৰী কৰিছে  দিল্লী প্ৰশাসনে।

সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দেওবাৰে কিছু অসুস্থ হৈ পৰিছিল কেজৰীৱাল। সামান্য জ্বৰৰ লগতে কাঁহ হৈছিল কেজৰীৱালৰ। সেয়ে কৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ নিজকে ঘৰতেই আইছ’লেশ্যনত ৰাখিছিল। ফলত বাতিল কৰিছিল কেইবাখনো সভা। ‘আপ’ৰ বিশেষ সূত্ৰৰ খবৰ অনুসৰি, এই সন্দৰ্ভত চিকিত্সকৰ সৈতে আলোচনা কৰি পৰামৰ্শ লোৱা হৈছে। চিকিত্সকে তেওঁক এদিন জিৰণী লোৱাৰ পিছত কোভিড টেষ্ট কৰিবলৈ পৰামৰ্শ দিছে। চিকিত্সকৰ পৰামৰ্শমতেই মংগলবাৰে কৰা হ’ব কেজৰীৱালৰ কোভিড-১৯ টেষ্ট। যদিও এই সন্দৰ্ভত কোনোৱে প্ৰাৰম্ভিক ঘোষণা কৰা নাই, তথাপি আপৰ এক বিশেষ সূত্ৰই স্বীকাৰ কৰিছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে। সূত্ৰটোৰ মতে- কেজৰীৱালৰ হাপানী আৰু মধুমেহ ৰোগ আছে। ইয়াৰোপৰি নিয়মিত কাঁহো আছে মুখ্যমন্ত্ৰীগৰাকীৰ।  কিন্তু যিহেতু এতিয়া ক’ৰোনাৰ সময়, সেয়ে নিশ্চিতভাৱে টেষ্ট কৰাটো প্ৰয়োজনীয় বুলি সৃত্ৰটোৱে প্ৰকাশ কৰিছে।

আনহাতে আপৰ শীৰ্ষ নেতা সঞ্জয় সিংহয়ো খবৰৰ সত্যতা স্বীকাৰ কৰিছে। বিগত দুটা মাহত কেইবাখনো যাবতীয় প্ৰশাসনিক সভা চৰকাৰী বাসভৱনত অনুষ্ঠিত কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দেওবাৰে কেবিনেট বৈঠকতো ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি অংশগ্ৰহণ কৰিছিল কেজৰীৱালে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.