সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি বজাৰলৈ আহিল জিওমিৰ এইটো নতুন স্মাৰ্টফোন

দেশত লকডাউন শিথিল হোৱাৰ লগে লগে জিওমিয়ে আজিৰে পৰা আৰম্ভ কৰিব লৈছে স্মাৰ্টফোনৰ বিক্ৰী৷আজি দুপৰীয়া ১২ বজাৰ লগে লগে কোম্পেনীটোৱে বজাৰত মুকলি কৰি দিয়ে Redmi Note 9 Pro নামৰ নতুন স্মাৰ্টফোনটো৷অৱশ্যে দেশৰ কেৱল অৰেঞ্জ আৰু গ্ৰীণ জ’নতহে এই নতুন স্মাৰ্ট ফোনটো বিক্ৰী কৰা হ’ব৷আমাজন আৰু জিওমিৰ নিজা ই-কমাৰ্চ সেৱাৰ জৰিয়তেও গ্ৰাহকসকলে ফোনটো ক্ৰয় কৰিব পাৰিব৷জিওমিৰ নতুন স্মাৰ্টফোনটোত আছে ৬.৬৭ ইঞ্চিৰ ডিচপ্লে,৫০২০ এম এইচ বেটৰী আৰু ৪৮ এমপি কেমেৰা৷ ভাৰতীয় বজাৰত স্মাৰ্টফোনটোৰ মূল্য হ’ল- ৪ জিবি ৰেম আৰু ৬৪ জিবি ষ্ট’ৰেজত ১৩৯৯৯ টকা আৰু ৬ জিবি ৰেম আৰু ১২৮ জিবি ষ্ট’ৰেজত ১৬৯৯৯ টকা৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.