৫ বছৰ পাছত বন্ধ হ’ব পেট্ৰ’লৰ ব্যৱহাৰ : নীতিন গাডকাৰীৰ ঘোষণা

Share This Article

প্লাষ্টিকৰ পাছত এইবাৰ দেশত প্ৰচলন বন্ধ হ’ব পেট্ৰ’লৰ ৷ কোনো সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ নহয় এয়া ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজ মুখেৰে এই কথা ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি ৷ বাতৰি অনুসৰি , নীতিন গাডকাৰীয়ে মহাৰাষ্ট্ৰৰ এখন শিক্ষানুষ্ঠানে আগবঢ়োৱা সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি কয় যে  ৫ বছৰ পাছত দেশত পেট্ৰ’লৰ প্ৰচলন বন্ধ হ’ব ৷ তাৰ সলনি বাহনত ব্যৱহাৰ হ’ব বায়’ ইথানল ৷ মহাৰাষ্ট্ৰৰ বিদৰ্ভত উৎপাদন হৈ আছে বায়’ ইথানল ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গভীৰ পানীৰ পৰা গ্ৰীণ হাইড্ৰ’জেন উৎপাদন কৰিব পাৰি ৷ এই গ্ৰীণ হাইড্র’জেন মাত্ৰ ৭০ টকা প্ৰতিকিলো দৰত বজাৰত উপলব্ধ হ’ব ৷ এইদৰে পৰৱৰ্তী ৫ বছৰ পাছত দেশত পেট্ৰ’লৰ ব্যৱহাৰ শূণ্য হৈ পৰিব ৷ নীতিন গাডকাৰীয়ে ভূ গৰ্ভৰ পৰা আহৰণ কৰা ইন্ধন নিষিদ্ধ কৰাৰো ইংগিত প্ৰদান কৰে ৷ তেওঁ দেশৰ কৃষকসকল খাদ্য উৎপাদকৰ লগতে শক্তি উৎপাদক হোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.