সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫ বছৰ পাছত বন্ধ হ’ব পেট্ৰ’লৰ ব্যৱহাৰ : নীতিন গাডকাৰীৰ ঘোষণা

প্লাষ্টিকৰ পাছত এইবাৰ দেশত প্ৰচলন বন্ধ হ’ব পেট্ৰ’লৰ ৷ কোনো সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ নহয় এয়া ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজ মুখেৰে এই কথা ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি ৷ বাতৰি অনুসৰি , নীতিন গাডকাৰীয়ে মহাৰাষ্ট্ৰৰ এখন শিক্ষানুষ্ঠানে আগবঢ়োৱা সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি কয় যে  ৫ বছৰ পাছত দেশত পেট্ৰ’লৰ প্ৰচলন বন্ধ হ’ব ৷ তাৰ সলনি বাহনত ব্যৱহাৰ হ’ব বায়’ ইথানল ৷ মহাৰাষ্ট্ৰৰ বিদৰ্ভত উৎপাদন হৈ আছে বায়’ ইথানল ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গভীৰ পানীৰ পৰা গ্ৰীণ হাইড্ৰ’জেন উৎপাদন কৰিব পাৰি ৷ এই গ্ৰীণ হাইড্র’জেন মাত্ৰ ৭০ টকা প্ৰতিকিলো দৰত বজাৰত উপলব্ধ হ’ব ৷ এইদৰে পৰৱৰ্তী ৫ বছৰ পাছত দেশত পেট্ৰ’লৰ ব্যৱহাৰ শূণ্য হৈ পৰিব ৷ নীতিন গাডকাৰীয়ে ভূ গৰ্ভৰ পৰা আহৰণ কৰা ইন্ধন নিষিদ্ধ কৰাৰো ইংগিত প্ৰদান কৰে ৷ তেওঁ দেশৰ কৃষকসকল খাদ্য উৎপাদকৰ লগতে শক্তি উৎপাদক হোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

Leave A Reply

Your email address will not be published.