সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসম চৰকাৰলৈ বিদেশৰ পৰা ২ হাজাৰ ই-মেইল

অসম চাৰকাৰলৈ ২ সহস্ৰাধিক বিদেশত আৱদ্ধ হৈ থকা লোকে ই- মেইল প্ৰেৰণ কৰি ৰাজ্যখনলৈ ঘূৰি অহাৰ ইচ্ছা ব্যক্ত কৰিছে৷আজি ৰাজ্য চৰাকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক টুইটযোগে এই কথা সদৰী কৰে৷ তেওঁ উল্লেখ কৰে যে ২ হাজাৰতকৈও অধিক লোকৰ পৰা চৰকাৰে ই-মেইল লাভ কৰিছে আৰু এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ বিদেশ মন্ত্ৰালয়ৰ লগত যোগাযোগ কৰা হৈছে৷ তেওঁলোকে ভাৰত চৰকাৰৰ নিয়ম অনুসৰি যি দেশত আৱদ্ধ হৈ আছে তাৰ এম্বেছীত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ বিদেশত আৱদ্ধ লোকসকলক ঘূৰাই অনাৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷উল্লেখ্য যে,লকডাউনৰ ফলত বিশ্বৰ বিভিন্ন দেশত অসমৰ বহু লোক আবদ্ধ হৈ পৰিছে৷ ৰাজ্য চৰকাৰে বিদেশত আবদ্ধ হৈ পৰা অসমৰ লোকসকলৰ বাবে আৰ্থিক সাহায্যৰ ব্যৱস্থা গ্ৰহন কৰিছে যদিও তেওঁলোক এতিয়া গভীৰ অনিশ্চয়তাৰ সন্মুখীন হৈ নিজৰ দেশলৈ ঘূৰি আহিব বিচাৰিছে৷

- Donation -


Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.