ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী

Share This Article

লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক’ৰোলোৰ সংক্ৰমণ বেছি বা কম হলে কোনো ৰাজ্যৰ সফলতা বা বিফলতা বুলি ধৰা নহ’ব। কিন্তু কাৰ্যতঃ যেতিয়াই মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগত কোৰোণাত আক্ৰান্তৰ বা মৃত্যুৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে, তেতিয়াই কেন্দ্ৰই সম্পূৰ্ণ দোষ ৰাজ্যলৈ ঠেলি দিছে।
এই প্ৰেক্ষাপটত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক’ৰোনাকলৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী শিবিৰে। মধ্যপ্ৰদেশত কমল নাথ চৰকাৰৰ পতন ঘটাবলৈ লক্ডাউন ঘোষণাত বিলম্ব কৰাত প্ৰথমে এনে অভিযোগ উত্থাপন হৈছিল। অন্যহাতে দেশত ক’ৰোনাৰ সংক্ৰমন আৰম্ভ হোৱাৰ পিছতো ড’নাল্ড ট্ৰাম্পক আদৰণি জনাবলৈ আহমেদাবাদ ষ্টেডিয়ামত বিপুল জনসমাগম ঘটোৱা হৈছিল। এই সন্দৰ্ভত এতিয়া তদন্তৰো দাবী জনাইছে কংগ্ৰেছে। উল্লেখ্য যে গুজৰাটত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৮৭ শতাংশই আহমেদাবাদৰ।
আনহাতে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগলৈ পৰ্যবেক্ষকৰ দল পঠিওৱাক লৈ তৃণমূল কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। পৰ্যবেক্ষকৰ দল প্ৰেৰণ কৰাত ৰাজনৈতিক উদ্দেশ্য আছে বুলি অভিযোগ আনিছে তৃণমূল কংগ্ৰেছে। ৰাজ্যত ক’ৰোণাৰ পাৰিসাংখ্যিক তথ্যক স্বচ্ছ বুলি দাবী কৰি কেন্দ্ৰৰ তথ্যসমূহৰ স্বচ্ছতাক লৈও ওলোটাই প্ৰশ্ন কৰিছে বিৰোধী দলটোৱে। তদুপৰি অ-বিজেপি মুখ্যমন্ত্ৰীৰ ৰাজ্যসমূহক আৰ্থিক সহায় নকৰাৰ অভিযোগো উত্থাপন কৰিছে বিৰোধীয়ে। আনহাতে চৰকাৰে একপক্ষীয়ভাৱে গ্ৰীণ জ’ন আৰু ৰেড জ’নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আন এক অভিযোগ আনিছে । আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কয়-মই প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিছো যে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বন্ধুৰ দৰে কথা পাতক, মালিকৰ দৰে নহয়।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.