সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাৰত বিক্ৰী হ’ব সুৰা…

অৱশেষত সুৰা বিক্ৰীৰ বাবে খুলিল বাৰ আৰু ৰেষ্টুৰেন্ট৷ কৰ্ণাটক চৰকাৰে শেহতীয়া এক নিৰ্দেশনাযোগে ৰাজ্যখনৰ বাৰ আৰু ৰেষ্টুৰেন্টসমূত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে৷ কিন্তু বাৰত বহি কোনেও সুৰাপান কৰিব নোৱাৰিব৷ বাৰসমূহে খুচুৰা মূল্যত গ্ৰাহকক সুৰা বিক্ৰী কৰিব লাগিব৷ অহা ১৭ মে’ লৈকেহে এইদৰে সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে৷ সুৰাপায়ী সকলৰ বাবে এয়া সকাহৰ খবৰ হ’লেও বাৰৰ স্বত্বাধিকাৰীসকল সন্তুস্ত হোৱা নাই৷ তেওঁলোকৰ মতে এইদৰে খুচুৰা মূল্যত সুৰা বিক্ৰী কৰিবলগীয়া হ’লে বাৰসমূহ প্ৰচুৰ লোকচানৰ সন্মুখীন হ’ব৷ ইফালে ,অসম চৰকাৰৰ আবকাৰী বিভাগে পুনৰ অসমৰ সুৰা বিপনীসমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে৷

- Donation -


Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.