সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অমৰ সিঙৰ দেহাৱসান

ভাৰতীয় ৰাজনীতিৰ এক পৰিচিত ব্যক্তি অমৰ সিঙ আৰু নাই ৷ ৰাজ্যসভাৰ সাংসদ তথা সমাজবাদী পাৰ্টীৰ প্ৰাক্তন নেতা অমৰ সিঙৰ আজি ছিংগাপুৰৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে ৷ বিগত প্ৰায় ছমাহ ধৰি ৰাজনীতিকগৰাকী ৰোগত আক্ৰান্ত হৈ আছিল ৷ কেইমাহমান পূৰ্বে ছিংগাপুৰৰ চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল ৷ মৃত্যুৰ সময়ত প্ৰবীন ৰাজনীতিকগৰাকীয়ে পত্নী আৰু দুই জীয়ৰীক এৰি থৈ যায় ৷ উল্লেখ্য যে , ২০১৩ চনতে তেওঁৰ কিডনী বিকল হৈ পৰিছিল ৷পাছত ২০১৬ চনত পুনৰ ৰাজনীতিৰ ক্ষেত্ৰখনৈ প্ৰত্যাৱৰ্তন কৰিছিল ৷ প্ৰয়াত অমৰ সিঙ সমাজবাদী পাৰ্টীৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল ৷ ২০১০ চনত তেওঁ দলৰ সকলো পদৰ পৰা পদত্যাগ কৰে ৷ পাছত মূলায়ম সিঙে তেওঁক দলৰ পৰাই বহিষ্কাৰ কৰে ৷

Leave A Reply

Your email address will not be published.