সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিৰোধীয়ে যুঁজিছে আৰ এছ এছৰ ছায়াৰ সৈতে

অৰূপ কলিতা

কোৱা হয় ২০১৩ ৰ মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই ২০১৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ বিজয় উজু কৰি তুলিছিল ৷ মোদীৰ অপাৰ জনপ্ৰিয়তাই ২০১৭ ত উত্তৰ প্ৰদেশত শাসনলৈ আনিছিল বিজেপিক ৷ পুলৱামা – বালাকোটে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বিজয় অধিক মসৃণ কৰি তুলিছিল ৷ কিন্তু ২০২২ ত বিজেপিৰ এই অভাৱনীয় সফলতাৰ আঁৰত কি যুক্তি আছে ? সকলোৱে দেখিছিল- উত্তৰ প্ৰদেশত এইবাৰ কোনো বিশেষ নিৰ্বাচনী ঢৌ নাই ৷ কৃষক আন্দোলনে সলনি কৰিছে পশ্চিম উত্তৰ প্ৰদেশৰ পৰিস্থিতি ৷ জাটসকল নাৰাজ ৷ কেবাজনো অ’ বি চি নেতাই বিজেপি এৰি সমাজবাদী পাৰ্টীৰ সহযোগী হৈছে ৷ যোগী আদিত্যনাথৰ মেৰুকৰণৰ শ্ল’গান কাৰ্যকৰী হোৱা নাই ৷ কিন্তু তাৰ পাছতো নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিজয় সাব্যস্ত কৰিলে  বিজেপিয়ে ৷ কেনেকৈ এয়া সম্ভৱ হ’ল ?

যোগী আদিত্যনাথৰ ভাষণত উল্লেখ নাথাকে চাকৰিৰ কথা , তেও নকয় বেপাৰ – বাণিজ্যৰ কথা , তেও অৰ্থনীতিৰ কথা নকয় , সংস্থাপনৰ কথা নকয় ৷ তেও কয় – নিৰ্বাচন ৮০ শতাংশ আৰু ২০ শতাংশৰ মাজত অনুষ্ঠিত হোৱাৰ কথা ৷ মানে ২০ শতাংশ মুছলমানক বুজাবলৈ চেষ্টা কৰে ৷ তেও কয় অপৰাধীক এনকাউন্টাৰ কৰাৰ কথা ৷ অপৰাধীৰ ঘৰত বুলডেজাৰ চলোৱাৰ কথা ৷ কিন্তু শেষত দেখা যায় – যোগীৰ হাততে শাসনৰ চাবি – কাঠী তুলি দিছে উত্তৰ প্ৰদেশৰ জনতাই ৷ মানে যোগীয়ে যিবোৰ কথা কয় , ঠিক সেইবোৰ কথাই শুনিবলৈ বিচাৰি আছিল উত্তৰ প্ৰদেশৰ জনতাই ৷

- Donation -

জনতাৰ মনৰ কথা উপলব্ধি কৰি যোগেন্দ্ৰ যাদৱে ঠিকেই লিখিছে – আপুনি উত্তৰ প্ৰদেশৰ যিকোনো এজন সাংবাদিকক সোধক , তেও সমীকৰণ উলিয়াই দেখুৱাই দিব যোগী আদিত্যনাথৰ বিদায় আসন্ন ৷ এটাৰ পাছত আন এটা জাতিয়ে বিজেপিৰ সংগ এৰিছে ৷ সমাজবাদী পাৰ্টীৰ বিজয় নিশ্চিত ৷ কিন্তু আপুনি যিকোনো জাতিৰ এটা পৰিয়ালক সোধক , তেওলোকে ক’ব মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ কথা ৷ সন্তানৰ সংস্থাপনহীনতাৰ কথা ৷ উপাৰ্জন দিনে দিনে কমি অহাৰ কথা ৷ শেষত কিন্তু ক’ব – চৰকাৰে ঠিকেই কাম কৰি আছে ৷

ইয়াৰ অৰ্থ কি ?

সমস্যাই জুৰুলা কৰাৰ পাছতো জনতা বিজেপিৰ পক্ষত ৷ কাৰণ , তেওলোকৰ অৱচেতন মনত এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাই স্থায়ী ৰূপ লৈছে ৷ বৃহত্তৰ হিন্দুত্বৰ ছাতিৰ তলত সকলো সমাবেত হৈছে ৷ ব্যক্তিগত অনেক দুৰ্যোগৰ মাজতো যেতিয়া এটা সম্প্ৰদায় অহৰ্নিশে নিগ্ৰীহিত হোৱা দেখে , অদ্ভুত সুখ অনুভৱ কৰে ৷ সকলো বিপৰ্যয় পাহৰি এঘুমটি ভালকৈ শুব পাৰে ৷ এয়াই মূল কাৰণ , উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ অপ্ৰতিৰোধ্য বিজয়ৰ ৷ কিন্তু উত্তৰ প্ৰদেশৰ দৰে জাত পাতৰ ভিত্তিত বিভাজিত এখন ৰাজ্যক হিন্দুত্বৰ ছাটীৰ তলত সামৰি লোৱাটো সহজসাধ্য কথা নাছিল ৷ ইয়াৰ আঁৰত আছে বিজেপি , বিশেষকৈ আৰ এছ এছৰ দীৰ্ঘদিনীয়া পৰিশ্ৰম ৷

বদ্ৰীনাৰায়নৰ কিতাপ ‘ৰিপাব্লিক অৱ হিন্দুত্ব’ত ইয়াৰ বিতং বাখ্যা আছে ৷ কি লিখিছে বদ্ৰীনাৰায়নে ?

প্ৰাথমিক বিদ্যালয়সমূহত যেতিয়া গণিতৰ পাঠদান কৰা হয় , তেতিয়া প্ৰথমতেই এটা কথা বাৰে বাৰে শিকোৱা হয় যে বহীত অংকটো শুদ্ধকৈ পাতা ৷ নহ’লে উত্তৰ নোলাব ৷ ভাৰতৰ বিৰোধী শক্তিৰ ক্ষেত্ৰতো একেটাই কথা প্ৰযোজ্য ৷ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ যোৱাৰ আগতে তেওলোকে উপলব্ধি নকৰে বিজেপিৰ আচলতে শক্তি কিমান ৷ আৰ এছ এছৰ বিৰুদ্ধে ৰণাংগণত নমাৰ আগত বুজিবলৈ চেষ্টা নকৰে , কিমান গভীৰলৈ শিপাইছে হিন্দুত্ব ৷ যদি অংক পাতোতেই ভুল কৰে , তেনেহ’লে উত্তৰ ওলাব ক’ৰ পৰা ? ভাৰতৰ বিৰোধী শক্তিৰ এয়াই প্ৰধান আৰু প্ৰথম দুৰ্বলতা ৷

 

বদ্ৰীনাৰায়নে লিখিছে – সমস্যাটো তাতেই যে আমাৰ বিৰোধীয়ে আৰ এছ এছৰ এখন ছবিৰ লগতহে যুদ্ধ কৰি থাকে ৷ যি আচলতে আৰ এছ এছ নহয়েই ৷ ৰাজনৈতিক দলসমূহে আৰ এছ এছক আক্ৰমণ কৰা মানে আৰ এছ এছৰ ছাঁটোকহে আক্ৰমণ কৰে ৷ তেওলোক প্ৰকৃত আৰ এছ এছক বুজিবলৈ এতিয়াও সমৰ্থ হোৱা নাই ৷

বিৰোধীৰ শক্তিক নজনাকৈ , নিচিনাকৈ আক্ৰমণ কৰিবলৈ যোৱাটো মুৰ্খামিয়েই নহয় , এক আত্মঘাটী সিদ্ধান্তও ৷ যিটো বাৰে বাৰে কৰি আহিছে বিৰোধী শিবিৰে ৷

তেনেহ’লে আৰ এছ এছ আচলতে কি ? আৰ এছ এছৰ সামাজিক ভিত্তি কি ? বুজিবলৈ আকৌ উভতি যাবই লাগিব উত্তৰ প্ৰদেশলৈ ৷ কাৰণ , উত্তৰ প্ৰদেশ সকলো নতুন ৰাজনৈতিক কৌশলৰ প্ৰথম প্ৰয়োগশালা ৷

Leave A Reply

Your email address will not be published.