বিৰোধীয়ে যুঁজিছে আৰ এছ এছৰ ছায়াৰ সৈতে

Share This Article

কোৱা হয় ২০১৩ ৰ মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই ২০১৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ বিজয় উজু কৰি তুলিছিল ৷ মোদীৰ অপাৰ জনপ্ৰিয়তাই ২০১৭ ত উত্তৰ প্ৰদেশত শাসনলৈ আনিছিল বিজেপিক ৷ পুলৱামা – বালাকোটে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বিজয় অধিক মসৃণ কৰি তুলিছিল ৷ কিন্তু ২০২২ ত বিজেপিৰ এই অভাৱনীয় সফলতাৰ আঁৰত কি যুক্তি আছে ? সকলোৱে দেখিছিল- উত্তৰ প্ৰদেশত এইবাৰ কোনো বিশেষ নিৰ্বাচনী ঢৌ নাই ৷ কৃষক আন্দোলনে সলনি কৰিছে পশ্চিম উত্তৰ প্ৰদেশৰ পৰিস্থিতি ৷ জাটসকল নাৰাজ ৷ কেবাজনো অ’ বি চি নেতাই বিজেপি এৰি সমাজবাদী পাৰ্টীৰ সহযোগী হৈছে ৷ যোগী আদিত্যনাথৰ মেৰুকৰণৰ শ্ল’গান কাৰ্যকৰী হোৱা নাই ৷ কিন্তু তাৰ পাছতো নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিজয় সাব্যস্ত কৰিলে  বিজেপিয়ে ৷ কেনেকৈ এয়া সম্ভৱ হ’ল ?

যোগী আদিত্যনাথৰ ভাষণত উল্লেখ নাথাকে চাকৰিৰ কথা , তেও নকয় বেপাৰ – বাণিজ্যৰ কথা , তেও অৰ্থনীতিৰ কথা নকয় , সংস্থাপনৰ কথা নকয় ৷ তেও কয় – নিৰ্বাচন ৮০ শতাংশ আৰু ২০ শতাংশৰ মাজত অনুষ্ঠিত হোৱাৰ কথা ৷ মানে ২০ শতাংশ মুছলমানক বুজাবলৈ চেষ্টা কৰে ৷ তেও কয় অপৰাধীক এনকাউন্টাৰ কৰাৰ কথা ৷ অপৰাধীৰ ঘৰত বুলডেজাৰ চলোৱাৰ কথা ৷ কিন্তু শেষত দেখা যায় – যোগীৰ হাততে শাসনৰ চাবি – কাঠী তুলি দিছে উত্তৰ প্ৰদেশৰ জনতাই ৷ মানে যোগীয়ে যিবোৰ কথা কয় , ঠিক সেইবোৰ কথাই শুনিবলৈ বিচাৰি আছিল উত্তৰ প্ৰদেশৰ জনতাই ৷

জনতাৰ মনৰ কথা উপলব্ধি কৰি যোগেন্দ্ৰ যাদৱে ঠিকেই লিখিছে – আপুনি উত্তৰ প্ৰদেশৰ যিকোনো এজন সাংবাদিকক সোধক , তেও সমীকৰণ উলিয়াই দেখুৱাই দিব যোগী আদিত্যনাথৰ বিদায় আসন্ন ৷ এটাৰ পাছত আন এটা জাতিয়ে বিজেপিৰ সংগ এৰিছে ৷ সমাজবাদী পাৰ্টীৰ বিজয় নিশ্চিত ৷ কিন্তু আপুনি যিকোনো জাতিৰ এটা পৰিয়ালক সোধক , তেওলোকে ক’ব মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ কথা ৷ সন্তানৰ সংস্থাপনহীনতাৰ কথা ৷ উপাৰ্জন দিনে দিনে কমি অহাৰ কথা ৷ শেষত কিন্তু ক’ব – চৰকাৰে ঠিকেই কাম কৰি আছে ৷

ইয়াৰ অৰ্থ কি ?

সমস্যাই জুৰুলা কৰাৰ পাছতো জনতা বিজেপিৰ পক্ষত ৷ কাৰণ , তেওলোকৰ অৱচেতন মনত এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাই স্থায়ী ৰূপ লৈছে ৷ বৃহত্তৰ হিন্দুত্বৰ ছাতিৰ তলত সকলো সমাবেত হৈছে ৷ ব্যক্তিগত অনেক দুৰ্যোগৰ মাজতো যেতিয়া এটা সম্প্ৰদায় অহৰ্নিশে নিগ্ৰীহিত হোৱা দেখে , অদ্ভুত সুখ অনুভৱ কৰে ৷ সকলো বিপৰ্যয় পাহৰি এঘুমটি ভালকৈ শুব পাৰে ৷ এয়াই মূল কাৰণ , উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ অপ্ৰতিৰোধ্য বিজয়ৰ ৷ কিন্তু উত্তৰ প্ৰদেশৰ দৰে জাত পাতৰ ভিত্তিত বিভাজিত এখন ৰাজ্যক হিন্দুত্বৰ ছাটীৰ তলত সামৰি লোৱাটো সহজসাধ্য কথা নাছিল ৷ ইয়াৰ আঁৰত আছে বিজেপি , বিশেষকৈ আৰ এছ এছৰ দীৰ্ঘদিনীয়া পৰিশ্ৰম ৷

বদ্ৰীনাৰায়নৰ কিতাপ ‘ৰিপাব্লিক অৱ হিন্দুত্ব’ত ইয়াৰ বিতং বাখ্যা আছে ৷ কি লিখিছে বদ্ৰীনাৰায়নে ?

প্ৰাথমিক বিদ্যালয়সমূহত যেতিয়া গণিতৰ পাঠদান কৰা হয় , তেতিয়া প্ৰথমতেই এটা কথা বাৰে বাৰে শিকোৱা হয় যে বহীত অংকটো শুদ্ধকৈ পাতা ৷ নহ’লে উত্তৰ নোলাব ৷ ভাৰতৰ বিৰোধী শক্তিৰ ক্ষেত্ৰতো একেটাই কথা প্ৰযোজ্য ৷ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ যোৱাৰ আগতে তেওলোকে উপলব্ধি নকৰে বিজেপিৰ আচলতে শক্তি কিমান ৷ আৰ এছ এছৰ বিৰুদ্ধে ৰণাংগণত নমাৰ আগত বুজিবলৈ চেষ্টা নকৰে , কিমান গভীৰলৈ শিপাইছে হিন্দুত্ব ৷ যদি অংক পাতোতেই ভুল কৰে , তেনেহ’লে উত্তৰ ওলাব ক’ৰ পৰা ? ভাৰতৰ বিৰোধী শক্তিৰ এয়াই প্ৰধান আৰু প্ৰথম দুৰ্বলতা ৷

 

বদ্ৰীনাৰায়নে লিখিছে – সমস্যাটো তাতেই যে আমাৰ বিৰোধীয়ে আৰ এছ এছৰ এখন ছবিৰ লগতহে যুদ্ধ কৰি থাকে ৷ যি আচলতে আৰ এছ এছ নহয়েই ৷ ৰাজনৈতিক দলসমূহে আৰ এছ এছক আক্ৰমণ কৰা মানে আৰ এছ এছৰ ছাঁটোকহে আক্ৰমণ কৰে ৷ তেওলোক প্ৰকৃত আৰ এছ এছক বুজিবলৈ এতিয়াও সমৰ্থ হোৱা নাই ৷

বিৰোধীৰ শক্তিক নজনাকৈ , নিচিনাকৈ আক্ৰমণ কৰিবলৈ যোৱাটো মুৰ্খামিয়েই নহয় , এক আত্মঘাটী সিদ্ধান্তও ৷ যিটো বাৰে বাৰে কৰি আহিছে বিৰোধী শিবিৰে ৷

তেনেহ’লে আৰ এছ এছ আচলতে কি ? আৰ এছ এছৰ সামাজিক ভিত্তি কি ? বুজিবলৈ আকৌ উভতি যাবই লাগিব উত্তৰ প্ৰদেশলৈ ৷ কাৰণ , উত্তৰ প্ৰদেশ সকলো নতুন ৰাজনৈতিক কৌশলৰ প্ৰথম প্ৰয়োগশালা ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.