জাতৰ বেলি মাৰ গ’ল নেকি ?

Share This Article

যোগী আদিত্যনাথ আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ল , অখিলেশ যাদৱ আকৌ এবাৰ পৰাজিত হ’ল ৷ পৰাজিত হ’ল আৰু এজন নেতা ৷ তেওৰ নাম জয়ন্ত চৌধুৰী৷ ৰাষ্ট্ৰীয় লোক দলৰ নেতা ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী , জাতসকলৰ অবিসম্বাদী নেতা চৌধুৰী চৰণ সিঙৰ নাতি ৷ জন্ম ১৯৭৮ চনত ৷ শৈশৱত বিদ্যালয়ত দুৰ্যোধনৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ জেছাছ খ্ৰীষ্ট চুপাৰষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ লাভ কৰিছিল ক্ৰিয়েটিভ ডান্সিঙৰ পুৰষ্কাৰ ৷ পুৰষ্কাৰ দিবলৈ আহিছিল কেন্দ্ৰীয় মন্ত্ৰী মাধৱৰাও সিন্ধিয়া ৷ কিন্তু সিদিনা মঞ্চলৈ উঠি নগ’ল জয়ন্ত ৷ তেওৰ ভাষাত – কোনে  ডান্সিঙৰ চাৰ্টিফিকেট বিচাৰে!

 

জয়ন্ত চৌধুৰীৰ দেউতাকৰ নাম অজিত সিঙ৷ সৌ তাহানিতে আমেৰিকাৰ ইলিনইচ ইনষ্টিটিউট অৱ টেকন’ল’জীৰ পৰা প্ৰযুক্তিবিদ্যাৰ উচ্চশিক্ষা গ্ৰহণ কৰে ৷ আই বি এমৰ সৈতে কাম কৰা এজন প্ৰথম শাৰীৰ ভাৰতীয় ৷ কিন্তু বেছি দিন চাকৰিত নাথাকিল৷ সোণকালেই দামী চাকৰি এৰি দেউতাক চৌধুৰে চৰণ সিঙৰ সৈতে ৰাজনীতিত যোগ দিলে ৷ একেই পথেই ল’লে জয়ন্ত চৌধুৰীয়েও ৷ ২০০৪ চনৰ নিৰ্বাচনৰ আগে আগে চাকৰি কৰ্পোৰেটৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত ল’লে জয়ন্তই ৷ এইবাৰ কিন্তু পৰিয়ালৰ ইচ্ছাত নহয় , নিজেই ৰাজনীতিত যোগ দিবলৈ আগ্ৰহী হৈ উঠিছিল ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি ৷ তেওৰ মতে –‘যদি ৪০ বছৰলৈ মই এক নগৰীয়া জীৱন যাপন কৰি থাকো , তাৰ পাছত ৰাজনীতিলৈ অহাটো মোৰ বাবে অতি কষ্টকৰ কাম হ’ব ৷ মই এতিয়াৰ পৰাই জনতাৰ মাজত থাকি জনতাক বুজিব লাগিব ৷’ কিন্তু ২০০৪ চনত জয়ন্তৰ বয়স আছিল মাত্ৰ ২৫ বছৰ ৷ সাংসদ পদত প্ৰতিদ্বন্দিতাৰ বাবে যোগ্য হৈ উঠিছিলহে মাত্ৰ ৷ সেইবাবেই তেও আৰু পাঁচ বছৰ অপেক্ষা কৰাৰ সিদ্ধান্ত ল’লে ৷

 

সেই সময়ত ভাৰতীয় ৰাজনীতিত অতি সক্ৰিয় আছিল জয়ন্ত চৌধুৰীৰ পিতৃ অজিত সিঙ ৷ কেন্দ্ৰত যি চৰকাৰেই নাহক কিয় , অজিত সিঙৰ বাবে মন্ত্ৰীৰ চকী এখন সংৰক্ষিত থাকিবই ৷ জাতসকলক সন্তুষ্ট কৰাৰ কৌশল ৷ ১৯৮৯ চনত ভি পি সিঙৰ চৰকাৰত মন্ত্ৰী হৈছিল , ১৯৯১ ত যেতিয়া কংগ্ৰেছ পুণৰ শাসনলৈ আহিল , তেতিয়াও নৰসিংহ ৰাও চৰকাৰৰ মন্ত্ৰী হ’ল অজিত সিঙ৷ ২০০১ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰো মন্ত্ৰী অছিল আৰু ২০১১ চনত ইউ পি এ চৰকাৰতো মন্ত্ৰী হ’ল ৷ কিন্তু বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰতি আগ্ৰহী নহ’ল জয়ন্ত ৷ কাৰণ ২০১৩ চনত পশ্চিম উত্তৰ প্ৰদেশত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ৷ জয়ন্তই এক সাক্ষাৎকাৰত এইদৰে কয়-‘ মুজাফ্ফৰনগৰত কি হৈছে , সেয়া মই নিজ চকুৰে দেখিছো ৷ বিজেপিয়ে কেনেদৰে সাম্প্ৰদায়িক সংঘৰ্ষক নিজৰ ৰাজনৈতিক উত্থাণৰ বাবে ব্যৱহাৰ কৰে সেয়া মই দেখিছো ৷ হৃদয়ৰ পৰা মই এজন উদাৰ মানুহ ৷ ‘

 

২০০৯ চনত মথুৰাৰ পৰা আনুষ্ঠানিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰা জয়ন্ত চৌধুৰী আছিল ভূমি অধিগ্ৰহণ আইন , প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উগ্ৰ সমৰ্থক ৷ কিন্ত দিন যোৱাৰ লগে লগে তেওৰ ৰাজনৈতিক চিন্তাও সলনি হ’ল ৷ শেহতীয়াকৈ তিনি বিতৰ্কিৰ কৃষি আইনৰ সংশোধনৰ বিপক্ষে থিয় দিলে জয়ন্ত চৌধুৰীৰ দল ৰাষ্ট্ৰীয় লোক দলে ৷  এই তিনি কৃষি আইনৰ জড়িয়তে খেতিপথাৰ কৰ্পোৰেটে দখল কৰিব বুলি অভিযোগ আনিলে ৷ সেই অভিযোগৰ ভিত্তিতে বিজেপিক ঘোষণা কৰা হল কৃষক বিৰোধী বুলি ৷ কৃষক বিৰোধী বিজেপিক প্ৰতিহত কৰিবলৈ সমাজবাদী পাৰ্টীৰে জোটবন্ধন গঠন কৰা হ’ল ৷ তেতিয়াও অমিত শ্বাহে কৈ থাকিলে –‘ জয়ন্ত চৌধুৰী – ৰাইট মেন , এন ৰং চাইট ৷’ সকলো প্ৰলোভন নেওচি জয়ন্ত চৌধুৰী বিজেপি বিৰোধী পক্ষট অটল থাকিল ৷ কিন্তু শেষত জয়ন্ত চৌধুৰীৰ দলো পৰাজিত হ’ল ৷ অখিলেশ যাদৱ বাবে এই পৰাজয় যিমানেই অন্ধকাৰ দিনৰ ইংগিত , সিমানেই জয়ন্ত চৌধুৰীৰ বাবে বেদনাময় এই পৰাজয়ৰ গ্লানি ৷

 

জয়ন্ত চৌধুৰী আৰু তেওৰ দল আছিল জাতসকলৰ মান স্বাভিমানৰ প্ৰতীক ৷ দিল্লীৰ কৃষক বিদ্ৰোহৰ সময়তো দেখা গৈছিল সেই দৃশ্য ৷ ৰাকেশ টিকেইটৰ চকুপানীয়ে নিশাৰ ভিতৰত একত্ৰিত কৰিছিল জাত সমাজক ৷ তাৰ পাছত এবছৰ ধৰি চলিছিল কৃষক বিদ্ৰোহ ৷ কৃষকৰ ওচৰত শেষত নতশিৰ হ’বলৈ বাধ্য হৈছিল কেন্দ্ৰ৷ কিন্তু নিৰ্বাচনত জাতসকলৰ নিজৰ দল ৰাষ্ট্ৰীয় লোক দলে লাভ কৰিলে মাত্ৰ ৮ খন আসন ৷ বহুতে ক’ব খুজিছে ইয়াৰ লগে লগে উত্তৰ ভাৰতত অতিকৈ আগ্ৰাসী আৰু সোচ্চাৰ জাতসকলৰ ৰাজনৈতিক বেলিও মাৰ গ’ল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.