সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জাতৰ বেলি মাৰ গ’ল নেকি ?

অৰূপ কলিতা

যোগী আদিত্যনাথ আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ল , অখিলেশ যাদৱ আকৌ এবাৰ পৰাজিত হ’ল ৷ পৰাজিত হ’ল আৰু এজন নেতা ৷ তেওৰ নাম জয়ন্ত চৌধুৰী৷ ৰাষ্ট্ৰীয় লোক দলৰ নেতা ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী , জাতসকলৰ অবিসম্বাদী নেতা চৌধুৰী চৰণ সিঙৰ নাতি ৷ জন্ম ১৯৭৮ চনত ৷ শৈশৱত বিদ্যালয়ত দুৰ্যোধনৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ জেছাছ খ্ৰীষ্ট চুপাৰষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ লাভ কৰিছিল ক্ৰিয়েটিভ ডান্সিঙৰ পুৰষ্কাৰ ৷ পুৰষ্কাৰ দিবলৈ আহিছিল কেন্দ্ৰীয় মন্ত্ৰী মাধৱৰাও সিন্ধিয়া ৷ কিন্তু সিদিনা মঞ্চলৈ উঠি নগ’ল জয়ন্ত ৷ তেওৰ ভাষাত – কোনে  ডান্সিঙৰ চাৰ্টিফিকেট বিচাৰে!

 

- Donation -

জয়ন্ত চৌধুৰীৰ দেউতাকৰ নাম অজিত সিঙ৷ সৌ তাহানিতে আমেৰিকাৰ ইলিনইচ ইনষ্টিটিউট অৱ টেকন’ল’জীৰ পৰা প্ৰযুক্তিবিদ্যাৰ উচ্চশিক্ষা গ্ৰহণ কৰে ৷ আই বি এমৰ সৈতে কাম কৰা এজন প্ৰথম শাৰীৰ ভাৰতীয় ৷ কিন্তু বেছি দিন চাকৰিত নাথাকিল৷ সোণকালেই দামী চাকৰি এৰি দেউতাক চৌধুৰে চৰণ সিঙৰ সৈতে ৰাজনীতিত যোগ দিলে ৷ একেই পথেই ল’লে জয়ন্ত চৌধুৰীয়েও ৷ ২০০৪ চনৰ নিৰ্বাচনৰ আগে আগে চাকৰি কৰ্পোৰেটৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত ল’লে জয়ন্তই ৷ এইবাৰ কিন্তু পৰিয়ালৰ ইচ্ছাত নহয় , নিজেই ৰাজনীতিত যোগ দিবলৈ আগ্ৰহী হৈ উঠিছিল ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি ৷ তেওৰ মতে –‘যদি ৪০ বছৰলৈ মই এক নগৰীয়া জীৱন যাপন কৰি থাকো , তাৰ পাছত ৰাজনীতিলৈ অহাটো মোৰ বাবে অতি কষ্টকৰ কাম হ’ব ৷ মই এতিয়াৰ পৰাই জনতাৰ মাজত থাকি জনতাক বুজিব লাগিব ৷’ কিন্তু ২০০৪ চনত জয়ন্তৰ বয়স আছিল মাত্ৰ ২৫ বছৰ ৷ সাংসদ পদত প্ৰতিদ্বন্দিতাৰ বাবে যোগ্য হৈ উঠিছিলহে মাত্ৰ ৷ সেইবাবেই তেও আৰু পাঁচ বছৰ অপেক্ষা কৰাৰ সিদ্ধান্ত ল’লে ৷

 

সেই সময়ত ভাৰতীয় ৰাজনীতিত অতি সক্ৰিয় আছিল জয়ন্ত চৌধুৰীৰ পিতৃ অজিত সিঙ ৷ কেন্দ্ৰত যি চৰকাৰেই নাহক কিয় , অজিত সিঙৰ বাবে মন্ত্ৰীৰ চকী এখন সংৰক্ষিত থাকিবই ৷ জাতসকলক সন্তুষ্ট কৰাৰ কৌশল ৷ ১৯৮৯ চনত ভি পি সিঙৰ চৰকাৰত মন্ত্ৰী হৈছিল , ১৯৯১ ত যেতিয়া কংগ্ৰেছ পুণৰ শাসনলৈ আহিল , তেতিয়াও নৰসিংহ ৰাও চৰকাৰৰ মন্ত্ৰী হ’ল অজিত সিঙ৷ ২০০১ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰো মন্ত্ৰী অছিল আৰু ২০১১ চনত ইউ পি এ চৰকাৰতো মন্ত্ৰী হ’ল ৷ কিন্তু বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰতি আগ্ৰহী নহ’ল জয়ন্ত ৷ কাৰণ ২০১৩ চনত পশ্চিম উত্তৰ প্ৰদেশত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ৷ জয়ন্তই এক সাক্ষাৎকাৰত এইদৰে কয়-‘ মুজাফ্ফৰনগৰত কি হৈছে , সেয়া মই নিজ চকুৰে দেখিছো ৷ বিজেপিয়ে কেনেদৰে সাম্প্ৰদায়িক সংঘৰ্ষক নিজৰ ৰাজনৈতিক উত্থাণৰ বাবে ব্যৱহাৰ কৰে সেয়া মই দেখিছো ৷ হৃদয়ৰ পৰা মই এজন উদাৰ মানুহ ৷ ‘

 

২০০৯ চনত মথুৰাৰ পৰা আনুষ্ঠানিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰা জয়ন্ত চৌধুৰী আছিল ভূমি অধিগ্ৰহণ আইন , প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উগ্ৰ সমৰ্থক ৷ কিন্ত দিন যোৱাৰ লগে লগে তেওৰ ৰাজনৈতিক চিন্তাও সলনি হ’ল ৷ শেহতীয়াকৈ তিনি বিতৰ্কিৰ কৃষি আইনৰ সংশোধনৰ বিপক্ষে থিয় দিলে জয়ন্ত চৌধুৰীৰ দল ৰাষ্ট্ৰীয় লোক দলে ৷  এই তিনি কৃষি আইনৰ জড়িয়তে খেতিপথাৰ কৰ্পোৰেটে দখল কৰিব বুলি অভিযোগ আনিলে ৷ সেই অভিযোগৰ ভিত্তিতে বিজেপিক ঘোষণা কৰা হল কৃষক বিৰোধী বুলি ৷ কৃষক বিৰোধী বিজেপিক প্ৰতিহত কৰিবলৈ সমাজবাদী পাৰ্টীৰে জোটবন্ধন গঠন কৰা হ’ল ৷ তেতিয়াও অমিত শ্বাহে কৈ থাকিলে –‘ জয়ন্ত চৌধুৰী – ৰাইট মেন , এন ৰং চাইট ৷’ সকলো প্ৰলোভন নেওচি জয়ন্ত চৌধুৰী বিজেপি বিৰোধী পক্ষট অটল থাকিল ৷ কিন্তু শেষত জয়ন্ত চৌধুৰীৰ দলো পৰাজিত হ’ল ৷ অখিলেশ যাদৱ বাবে এই পৰাজয় যিমানেই অন্ধকাৰ দিনৰ ইংগিত , সিমানেই জয়ন্ত চৌধুৰীৰ বাবে বেদনাময় এই পৰাজয়ৰ গ্লানি ৷

 

জয়ন্ত চৌধুৰী আৰু তেওৰ দল আছিল জাতসকলৰ মান স্বাভিমানৰ প্ৰতীক ৷ দিল্লীৰ কৃষক বিদ্ৰোহৰ সময়তো দেখা গৈছিল সেই দৃশ্য ৷ ৰাকেশ টিকেইটৰ চকুপানীয়ে নিশাৰ ভিতৰত একত্ৰিত কৰিছিল জাত সমাজক ৷ তাৰ পাছত এবছৰ ধৰি চলিছিল কৃষক বিদ্ৰোহ ৷ কৃষকৰ ওচৰত শেষত নতশিৰ হ’বলৈ বাধ্য হৈছিল কেন্দ্ৰ৷ কিন্তু নিৰ্বাচনত জাতসকলৰ নিজৰ দল ৰাষ্ট্ৰীয় লোক দলে লাভ কৰিলে মাত্ৰ ৮ খন আসন ৷ বহুতে ক’ব খুজিছে ইয়াৰ লগে লগে উত্তৰ ভাৰতত অতিকৈ আগ্ৰাসী আৰু সোচ্চাৰ জাতসকলৰ ৰাজনৈতিক বেলিও মাৰ গ’ল ৷

Leave A Reply

Your email address will not be published.