‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷’
১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি প্ৰাসংগিক হৈ পৰিছে ট্ৰাম্পৰ নতুন শুল্কযুদ্ধৰ বাবে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকা ভ্ৰমণ সামৰি উভতি আহিল দেশলৈ ৷ এই ভ্ৰমণে কি দিব ভাৰতক? আপেক্ষিক দৃষ্টিত নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণৰ পৰা ভাৰতে পাবলগীয়া বিশেষ একো নাই ৷ আমেৰিকাই বেচিব, ভাৰতে কিনিব– সেয়াই এই ভ্ৰমণৰ মূল সাৰমৰ্ম যেন লাগিছে৷ আনকি ৰাছিয়াৰ পৰা কম দামত তেল ক্ৰয় কৰি থকা ভাৰতে আমেৰিকাৰ পৰা অধিক দামত তেল ক্ৰয় কৰিবলগীয়াও হ’ব পাৰে৷ অনাগত দিনত স্বাক্ষৰ হ’বলগীয়া বাণিজ্য চুক্তিৰ পৰা সেয়া স্পষ্ট হ’ব৷ কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীক সন্মুখত ৰাখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যি শুল্কযুদ্ধৰ ঘোষণা কৰিছে, তাৰ পৰা ভাৰতৰ ওপৰত ব্যাপক প্ৰভাৱ পৰাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷ ড’নাল্ড ট্ৰাম্পে সকলো দেশৰ ওপৰতে ‘পাৰস্পৰিক শুল্ক’ আৰোপৰ কথা মুকলিকৈ ঘোষণা কৰিছে ৷ শত্ৰু , মিত্ৰ কোনো দেশকেই যে পাৰস্পৰিক শুল্কৰ পৰা ট্ৰাম্পে ৰেহাই নিদিয়ে সেয়া তেওঁৰ বক্তব্যৰ পৰা মুকলিকৈ ওলাই পৰিছে ৷ কিন্তু কি এই পাৰস্পৰিক শুল্ক, কি প্ৰভাৱ পৰিব ভাৰতত? এই সন্দৰ্ভত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ পাইছে এক বিশদ বিশ্লেষণ ৷
শুল্ক হ’ল এক প্ৰকাৰৰ কৰ ৷ এখন দেশে আন এখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত এনে কৰ আৰোপ কৰে ৷ ধৰা হওক, আমেৰিকাৰ কোনো এজন নাগৰিকে অসমৰ দোকানৰ পৰা মূগাৰ মেখেলা চাদৰ এযোৰ অৰ্ডাৰ কৰিছে, তেতিয়া এই মুগাৰ মেখেলা চাদৰযোৰৰ ওপৰত আমেৰিকাই এটা নিৰ্দিষ্ট কৰ আৰোপ কৰিব ৷ যাৰ ফলত আমেৰিকাত এই কাপোৰযোৰৰ দাম বৃদ্ধি পাব ৷ অতিৰিক্ত দাম আদায় দিব লাগিব আমেৰিকাৰ ক্ৰেতাগৰাকীয়ে ৷ বিগত শতিকাত, বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা দেশসমূহ মুকলি বাণিজ্যৰ দিশে অগ্ৰসৰ হৈছিল ৷ বিশ্বজুৰি উন্নত আৰু উদ্যোগিক দেশসমূহৰ মাজত এক সহমত গঢ়ি উঠিছিল যে মুক্ত বাণিজ্য তেওঁলোক উভয়ৰ বাবেই লাভজনক ৷
কিন্তু ইয়াৰ ফলত বিপদত পৰিছিল উন্নয়নশীল আৰু দুখীয়া দেশসমূহ ৷ সেইবাবেই ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আৰু জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেডে উন্নয়নশীল দেশসমূহক এক বিশেষ সুবিধা দিবৰ বাবে সাজু হৈছিল ৷ কাৰণ বহু দেশৰ উন্নত দেশৰ লগত ফেৰ মাৰিব পৰাকৈ অৰ্থনৈতিক পৰিকাঠামো নাছিল ৷ এনে পৰিস্থিতিত এই দেশসমূহৰ সামগ্ৰীৰ ওপৰত আমেৰিকাৰ দৰে উন্নত দেশে কম শুল্ক আৰোপ কৰিছিল ৷ এতিয়ালৈকে এয়াই আছিল আমেৰিকাৰ বাণিজ্য নীতি ৷
ইফালে, ভাৰতৰ দৰে দেশে আমেৰিকা – ইউৰোপৰ পৰা অহা খাদ্য সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছিল ৷ যাতে তাৰ পৰা অহা সামগ্ৰীয়ে কোটি কোটি ভাৰতীয় কৃষক নিৰ্ভৰশীল হৈ থকা খাদ্যৰ বজাৰখন দখল কৰিব নোৱাৰে ৷ কিন্তু ট্ৰাম্পৰ ‘পাৰস্পৰিক শুল্ক’ই এই পৰম্পৰাগত বাণিজ্যৰ সকলো ৰেহৰূপ সলাই পেলোৱাৰ আশংকা কৰা হৈছে ৷
কিন্তু কিয় ট্ৰাম্পে এই কঠোৰ নীতি ল’বলৈ গৈ আছে ৷ বিশ্ব অৰ্থনীতিত আমেৰিকাৰ আটাইতকৈ কঠিন প্ৰতিদ্বন্দী হ’ল চীন ৷ চীনে অৰ্থনীতি বৰ্তমান সময়ত ট্ৰেড চাৰপ্লাছত চলি থকাৰ বিপৰীতে আমেৰিকাৰ অৰ্থনীতি চলি আছে ট্ৰেড ডেফিচিতত ৷ এই ট্ৰেড চাৰপ্লাছ বা ট্ৰেড ডেফিচিত গণনা কৰাৰ সহজ পদ্ধতিটো হৈছে – এখন দেশে কিমান আমদানি আৰু কিমান ৰপ্তানি কৰিছে তাৰ হিচাপ উলিওৱা ৷ উদাহৰণস্বৰূপে আমেৰিকাই যদি ১০০ টকাৰ সামগ্ৰী আমদানি কৰি ১০ টকাৰ সামগ্ৰী ৰপ্তানি কৰিছে, তেনেহ’লে আমেৰিকাৰ ট্ৰেড ডেফিচিত হ’ব ১০ টকা ৷ সেই হিচাপত আমেৰিকাৰ বৰ্তমানৰ ট্ৰেড ডেফিচিত প্ৰায় ১ ট্ৰিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে চীনৰ ট্ৰেড চাৰপ্লাছ হ’ল ১ ট্ৰিলিয়ন ডলাৰৰো অধিক৷ ট্ৰাম্পে ভাবে যে সমগ্ৰ বিশ্বই তেওঁলোকক ঠগি আছে, সেইবাবেই অধিক শুল্ক আৰোপ কৰি তেওঁ আমেৰিকাৰ এই ট্ৰেড ডেফিচিত নোহোৱা কৰিব ৷
- Donation -
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণক সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমে ট্ৰাম্পৰ ‘পাৰস্পৰিক শুল্ক’ আৰোপৰ প্ৰথমটো পৰীক্ষা হিচাপে গণ্য কৰিছে ৷ ট্ৰাম্পে সাদায়ে ভাৰতক আমেৰিকাৰ সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰা দেশসমূহৰ শীৰ্ষত থকা বুলি গণ্য কৰি আহিছে ৷ তেওঁ হাৰ্লি ডেভিডছন বাইকৰ উদাহৰণ দি কৈছিল যে এই বাইকৰ ওপৰত ভাৰতে অধিক কৰ আৰোপ কৰি থোৱাৰ বাবেই ভাৰতত এই বাইকৰ বিক্ৰী কম ৷ কিন্তু মোদীৰ ভ্ৰমণৰ পাছত বিশ্বৰ সংবাদ মাধ্যমে এটাই শিৰোণাম দিছে যে ভাৰতে আমেৰিকাৰ পৰা অধিকতকৈ অধিক সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ সামৰিক অস্ত্ৰ- শস্ত্ৰ, তেল আৰু গেছ ৷ হয়তো আমেৰিকাৰ সামগ্ৰী অহা দিনবোৰত ভাৰতত কম দামত উপলব্ধ হ’ব পাৰে ৷ এনেকৈ ভাৰতৰ সৈতে ট্ৰেড ডেফিচিত কম কৰাৰ লক্ষ্য লৈছে আমেৰিকাই ৷ কিন্তু তাৰ ফলত ভাৰতৰ হ’ব কি ?
ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মান অহা সময়ছোৱাত আৰু অধিক নিম্নগামী হৈ পৰাৰ সম্ভাৱনা প্ৰবল ৷ কাৰণ , ভাৰতে আমেৰিকাৰ সামগ্ৰী অধিক ক্ৰয় কৰিবলৈ যাওতে অধিক ডলাৰ ব্যয় কৰিবলগীয়া হ’ব ৷ শেহতীয়া বাজেটত বিত্তমন্ত্ৰীয়ে প্ৰায় ১ লাখ কোটি টকাৰ আয়কৰ ৰেহাইৰ কথা ঘোষণা কৰিছে ৷ কোৱা হৈছে যে এই ৰেহাই পোৱা ধন ভাৰতৰ কৰদাতাই বজাৰত ব্যয় কৰিলে স্থবিৰ হৈ পৰা অৰ্থনীতিয়ে নতুন গতি ল’ব ৷ কিন্তু যদি আমেৰিকান সামগ্ৰী হঠাৎ অপ্ৰত্যাশিতভাৱে কম দামত উপলব্ধ হয় আৰু ভাৰতীয় গ্ৰাহকে ৰেহাই পোৱা ধন সেই সামগ্ৰী ক্ৰয় কৰাত ব্যয় কৰে , তেনেহ’লে এয়া ভাৰতৰ অৰ্থনীতিতকৈ আমেৰিকাৰ অৰ্থনীতিৰ বাবেহে লাভজনক হ’ব ৷ ইফালে, ভাৰতে যে ‘আত্মনিৰ্ভৰ অভিযান’ আৰম্ভ কৰিছে , তাকো ব্যাহত কৰি তুলিব আমেৰিকাৰ নতুন বাণিজ্য নীতিয়ে