সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লিলিৰ বৈঠকে নহয়, বিকল্প অসমৰ নক্সাইহে বিৰোধীক দিব সফলতা

আকৌ বৈঠক বহিছে হোটেল লিলিত৷ এই লিলি হোটেলৰ বৈঠকতে গঠন হৈছিল বিৰোধী ঐক্যমঞ্চ৷ পৰৱৰ্তী সময়ত যাক অভিহিত কৰা হৈছিল ‘অসম সন্মিলিত মৰ্চা’ চমুকৈ অ.স.ম. হিচাপে৷ সেই লিলিতেই এদিন ভংগ হৈ যায় ‘অ.স.ম.’৷ উপ-নিৰ্বাচনৰ পাছত আকৌ কংগ্ৰেছক সামৰি অ.স.ম. গঠনৰ কুচকাৱাজ চলিছে৷ কিন্তু বিৰোধীয়ে জনা উচিত যে লিলিৰ বৈঠকে নহয়, এখন বিকল্প অসমৰ নক্সাইহে অসমৰ বিৰোধী শক্তিক সফলতা আনি দিব পাৰে৷ শাসক দল বিজেপিয়ে তৃণমূল পৰ্যায়লৈকে নিজৰ সংগঠন বিস্তাৰ কৰাই নহয়, প্ৰতিমুহূৰ্ততে নিজৰ সংগঠন তৎপৰ কৰি ৰাখিছে৷ একেসময়তে চৰকাৰী আঁচনিৰ অধীনত সামৰি লোৱা হৈছে লাখ লাখ হিতাধিকাৰীক৷ ২৭ লাখ পৰিয়ালে নিয়মীয়াকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, ৩২ লাখ মহিলাক দিয়া হ’ব ১০ হাজাৰকৈ টকা, ৪৮ হাজাৰ শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটী৷ বিহু কমিটী, ৰাস কমিটীলৈ বৰঙণি আছেই৷ চৰকাৰে মাহে মাহে হাজাৰ কোটিৰ ঋণ লৈ হ’লেও নিষ্ঠাৰে আঁচনিৰ ধন নিয়মীয়াকৈ বিতৰণ কৰি আছে৷ বিজেপিৰ এই প্ৰলোভনৰ ৰাজনীতিৰ সন্মুখত কোনোবাই ১২৫০ টকাৰ সলনি ৩ হাজাৰ টকা মাহিলি প্ৰদান কৰিব বুলি ঘোষণা কৰিলেই একেদিনাই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ নাযায়৷ কাৰণ, দিয়াৰ প্ৰতিশ্ৰুতি আৰু পাই থকাৰ অনুভৱ দুটা সুকীয়া বিষয়৷ এনে পৰিস্থিতিত বিৰোধীৰ হাতত এটাই বিকল্প আছে- এখন ‘বিকল্প অসমৰ নক্সা’ জনসাধাৰণৰ সন্মুখত বিশ্বাসযোগ্যভাৱে দাঙি ধৰা৷ বিজেপিয়ে নগদ ধন বিতৰণ আৰু ফ্লাইঅ’ভাৰ নিৰ্মাণৰ জৰিয়তে উন্নয়নৰ যি মডেল অসমবাসীৰ সন্মুখত দাঙি ধৰিছে, তাৰ বিপৰীতে এক স্বনিৰ্ভৰশীল, স্বাৱলম্বী আৰু স্বাভিমানী উন্নয়নৰ বিস্তাৰিত নীল নক্সা অসমবাসীৰ সন্মুখত দাঙি ধৰাটোহে বিৰোধীৰ প্ৰাথমিকতা হ’ব লাগিব৷
১৯৬২ চনৰ ১৭ ডিচেম্বৰত মাৰ্কিন চোৰাংছোৱা সংস্থা চি আই এ ‘অসমৰ অৰ্থনৈতিক গুৰুত্ব’ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷ য’ত লিখা হৈছিল এইদৰে, ‘উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমেই হৈছে ভাৰতৰ একমাত্ৰ নিজা খাৰুৱা তেল উৎপাদন কৰিব পৰা ৰাজ্য৷ এই বছৰৰ তৃতীয় কোৱাৰ্টাৰত অসমৰ তৈলক্ষেত্ৰত ৫,৫০,০০০ মেট্ৰিকটন পেট্ৰ’লিয়াম উৎপাদন হৈছে৷ যিটো ভাৰতৰ নিজা উৎপাদনৰ ৬০ শতাংশ৷ সেই একেটা বছৰত ভাৰতত মুঠ পেট্ৰ’লিয়াম উৎপাদন হৈছিল ৯,৫০,০০০ মেট্ৰিকটন৷’ অসমৰ কৃষিৰ বিষয়ে একেখন প্ৰতিবেদনত লিখা হৈছে এইদৰে, ‘অসমৰ কৃষি ভাৰতৰ বাবে বিশেষভাৱে প্ৰয়োজনীয় বিষয়৷ কাৰণ, অসমৰ বৈদেশিক মুদ্ৰা উপাৰ্জনৰ ক্ষমতা আছে৷ অসমে ভাৰতত উৎপাদন হোৱা চাহৰ ৫০ শতাংশ আৰু মৰাপাটৰ ২০ৰ পৰা ২৫ শতাংশ বিগত ৫ বছৰ ধৰি উৎপাদন কৰি আহিছে৷ ভাৰতৰ মুঠ ৰপ্তানিৰ ৪০ শতাংশ এই চাহ আৰু মৰাপাটৰ পৰাই আহে৷ অসমে ভাৰতৰ ধানৰো ৫ শতাংশ উৎপাদন কৰে যদিও ধান আৰু ঘেহুৰ আমদানি চলি আছে৷ দীৰ্ঘকালীনভাৱে অসমত নতুন প্ৰযুক্তি আৰু খেতিৰ পদ্ধতি সলনি কৰি ধানৰ উৎপাদন বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনা আছে৷ …চীনত যি ধৰণৰ প্ৰযুক্তি কৃষিত ব্যৱহাৰ হয়, সেই একেই পদ্ধতিৰে অসমত ধানৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়৷ উদাহৰণস্বৰূপে, চীনৰ কোৱাংটুং আৰু অসমৰ জলবায়ু একেই৷ তাত প্ৰতি হেক্টৰত ২,৭৫০ৰ পৰা ৩ হাজাৰ কিলোগ্ৰাম ধান উৎপাদন হয়৷ ইয়াৰ বিপৰীতে অসমত প্ৰতি হেক্টৰত ১,৪০০ কিলোগ্ৰাম ধানহে উৎপাদন হয়৷’ সেয়া আছিল ১৯৬২ চনত মাৰ্কিন চোৰাংছোৱা সংস্থাই দিয়া প্ৰতিবেদন৷ কিন্তু তাৰপাছৰ দশকবোৰত অসমে নিজৰ সম্ভাৱনাবোৰ বিকাশ কৰাৰ সলনি অধোগতিৰ পথহে ল’লে৷ ১৯৫০-৫১ চনত অসমৰ জনমূৰি আয় ভাৰতৰ জনমূৰি আয়তকৈ ৪ শতাংশ অধিক আছিল৷ কিন্তু ১৯৯৮-৯৯ চনত ৰাষ্ট্ৰীয় গড়তকৈ অসমৰ জনমূৰি আয় ৪১ শতাংশ হ্ৰাস পায়৷ সেই অৱস্থাৰ আৰু উন্নতি নহ’ল৷ জনমূৰি আয়ৰ ক্ষেত্ৰত অসম এতিয়া ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ২৯ সংখ্যক স্থানত আছে৷ পৰিস্থিতি বেয়াতকৈও বেয়াৰ দিশলৈ ধাৱমান হৈছে৷ অৰুণোদয় আঁচনিৰ ধন আৰু বিনামূলীয়া চাউল এতিয়া অসমৰ জনসাধাৰণৰ জীয়াই থকাৰ একমাত্ৰ সম্বলত পৰিণত হৈছে৷ এই পৰিস্থিতিত অৰুণোদয়ৰ ধন সামান্য বঢ়াই দিয়াটো কোনোপধ্যেই উন্নয়ণৰ একক হ’ব নোৱাৰে৷
চৰকাৰী দয়াই যেতিয়া জনতাৰ জীয়াই থকাৰ অপৰিহাৰ্য অংগত পৰিণত হয়, তেতিয়া বিৰোধীৰ দায়িত্ব হৈ পৰে এক বিকল্প অৰ্থনীতিৰ ৰোডমেপ প্ৰস্তুত কৰি জনতাৰ সন্মুখত দাঙি ধৰা৷ ইয়াৰ বাবে বিৰোধীয়ে গাঁৱে গাঁৱে ভ্ৰমণ কৰিব লাগিব৷ জনতাৰ সমস্যাৰ খতিয়ান সংগ্ৰহ কৰিব লাগিব, তাৰ সমাধানৰ ৰূপৰেখা প্ৰস্তুত কৰিব লাগিব৷ শিক্ষা আৰু স্বাস্থ্য কিদৰে সহজসভ্য কৰিব পাৰি, নাগৰিকৰ শ্ৰমশক্তি আৰু আয়ুস কিদৰে বৃদ্ধি কৰিব পাৰি তাৰো আঁচনি দেখুৱাব লাগিব৷ সৰ্বোপৰি, প্ৰতিটো পৰিয়াল, প্ৰতিখন গাঁও, প্ৰতিখন জিলা কিদৰে নিজৰ সম্পদেৰে স্বাৱলম্বী হৈ উঠিব পাৰে, তাৰ হ্ৰাস্বকালীন আৰু দীৰ্ঘকালীন পৰিকল্পনা বিতংভাৱে দাঙি ধৰি জনসাধাৰণক আশ্বস্ত কৰিব লাগিব৷ অন্যথা লিলিৰ সপোন লিলিতেই মৰহি যাব৷

Leave A Reply

Your email address will not be published.