গৰুয়ে নিশ্বাসত এৰে অক্সিজেন! ন্যায়াধীশে এয়া কি ৰায় দিলে?

Share This Article

ভাৰতৰ ন্যায়পালিকা কি স্তৰলৈ অৱনমিত হৈছে, সেয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ভাষণেই উদঙাই দিলে৷ দেওবাৰে বিশ্ব হিন্দু পৰিষদৰ এক শাখা সংগঠনৰ বৈঠকত ভাষণ দি ন্যায়াধীশ শ্বেখৰ যাদৱে কৈ দিলে যে ভাৰত দেশ ইয়াৰ সংখ্যাগুৰুৰ মতে পৰিচালিত হ’ব৷ এইগৰাকী ন্যায়াধীশে কেৱল ন্যায়ালয়ৰ বাহিৰতেই নহয়, ন্যায়ালয়ৰ ভিতৰতো অনেক বিভ্ৰান্তিকৰ মন্তব্য দি আহিছে৷ আনকি ধৰ্মীয় ভাৱনাকো তেওঁ নিজৰ ৰায়ৰ আধাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ এই একেগৰাকী ন্যায়াধীশ শ্বেখৰ যাদৱে ২০২১ চনৰ ১ ছেপ্তেম্বৰত দিয়া এক জামিন আবেদনৰ ৰায়ত লিখিছিল এইদৰে, ‘বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে গৰুয়েই একমাত্ৰ পশু যিয়ে উশাহত অক্সিজেন গ্ৰহণ কৰে আৰু নিশ্বাসতো অক্সিজেন ত্যাগ কৰে৷ পঞ্চগব্য,  যি গাই গৰুৰ গাখীৰ, দৈ, ঘিঁউ, মূত্ৰ আৰু গোবৰৰ দ্বাৰা প্ৰস্তুত হয়, সেয়া বহু জটিল ৰোগৰ ক্ষেত্ৰত লাভজনক৷ হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি, গাই গৰুত ৩৩ কোটি দেৱতা বাস কৰে৷ বেদত গাই গৰুৰ উল্লেখ হাজাৰ বছৰ পুৰণি৷ ঋকবেদত গাই গৰুক অঘন্যা, যজুৰ্বেদত অনুপমেয়, অথৰ্ববেদত গাই গৰুক সম্পত্তিৰ ঘৰ বুলি কোৱা হৈছে৷ ভগৱান শ্ৰীকৃষ্ণই সকলো জ্ঞান গোচৰণৰ পৰাই লাভ কৰিছে৷’

গৰু চুৰি আৰু হত্যাৰ গোচৰৰ জামিন নাকচ কৰি দিয়া ৰায়দানত তেওঁ গৰুৱে নিশ্বাসত অক্সিজেন এৰে বুলি যি মন্তব্য কৰিছে, তাক সকলো প্ৰাণীবিজ্ঞানৰ গৱেষকেই নাকচ কৰিছে৷ কিন্তু শ্বেখৰ যাদৱে নিজৰ ৰায়দানত কৰা এই অবৈজ্ঞানিক মন্তব্য আজিও এলাহবাদ উচ্চ ন্যায়ালয়ৰ ৱেবচাইটত উল্লেখ আছে৷ আনকি তেওঁ নিজৰ এক্তিয়াৰৰ বাহিৰলৈ গৈ এইবুলিও মন্তব্য কৰিছিল যে সকলো পৰিস্থিতিলৈ লক্ষ্য ৰাখি গাই গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে৷ গৰুৰ সুৰক্ষাক হিন্দুৰ মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে৷ ন্যায়াধীশ শ্বেখৰ যাদৱৰ আৰু এটা মন্তব্য চাওক৷ তেওঁ নিজৰ ৰায়ত লিখিছে–‘গাই গৰু বুঢ়া হোৱাৰ পাছতো গোবৰ ত্যাগ কৰি থাকে ৷ যাৰ বাবে গাই গৰুক মৃত্যু পৰ্যন্ত বেকাৰ বুলি ক’ব নোৱাৰি৷’ তেওঁ গো মূত্ৰক কোনো বৈজ্ঞানিক আধাৰ নোহোৱাকৈ বীজাণুনাশক বুলিও নিজৰ ৰায়দানত উল্লেখ কৰিছে৷ শ্বেখৰ যাদৱৰ এই ৰায়দানৰ পৰাই ওলাই পৰে যে দেওবাৰে তেওঁ যি বক্তব্য ৰাখিছে তাৰ আখৰা বহু দিনৰ আগৰে পৰাই আগৰে পৰাই ন্যায়ালয়ৰ মজিয়াত চলাই আহিছিল৷ আইন কানুন অথবা বৈজ্ঞানিক যুক্তিতকৈ সংখ্যাগুৰুৰ আস্থাৰ ভিত্তিতেই নিজৰ ৰায়দান কৰি আহিছিল৷

 

ন্যায়াধীশ হোৱাৰ পূৰ্বে শ্বেখৰ যাদৱ আছিল উত্তৰ প্ৰদেশ চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা৷ ২০১৯ চনত তেওঁক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়৷ ২০২১ চনৰ মাৰ্চত শ্বেখৰ যাদৱ হৈ পৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ৷ তাৰ পাছত লাহে লাহে ন্যায়ালয়ৰ ন্যায়াধীশৰ আসনত বহি তেওঁ আইন কানুনতকৈ ধৰ্মীয় বিষয়তহে অধিক সৰৱ হ’বলৈ আৰম্ভ কৰে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি সমৰ্থক হিচাপেও তেওঁ এক বক্তৃতা প্ৰদান কৰিছে৷ দ্য প্ৰিণ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, বিগত ছেপ্তেম্বৰ মাহত বৃটেইনৰ এটলী ৰোমত প্ৰদান কৰা এক বক্তৃতাত শ্বেখৰ যাদৱে কয় যে ২০১৪ চনৰ পৰাই ভাৰতত অমৃতকাল আৰম্ভ হৈছে৷ শ্বেখৰ যাদৱে দিয়া ভাষণৰ কেইটামান বাক্য আছিল এনেধৰণৰ, ‘আমি এতিয়া বিকাশৰ পথত আগুৱাইছো, এনেদৰেই এদিন চন্দ্ৰত উপনীত হ’ম৷ …আমাৰ প্ৰধানমন্ত্ৰীৰ ভিজনলৈ চাওক, তেওঁ কৈছে ৩-৪ বছৰৰ ভিতৰত আমি তৃতীয় স্থানত উপনীত হ’ম আৰু ২০৪৭ৰ ভিতৰত প্ৰথম হ’ম৷’

এইদৰেই বিগত তিনিটা বছৰত ন্যায়ালয়ত ধৰ্ম চৰ্চাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ মুকলি সমৰ্থনলৈকে সকলো কাম নিয়াৰিকৈ কৰি আহিছিল ন্যায়াধীশ শ্বেখৰ যাদৱে৷ কিন্তু বিশ্ব হিন্দু পৰিষদৰ সভাত দেশ সংখ্যাগুৰুৰ মতে পৰিচালিত হ’ব বুলি কৈ গোপন উদ্দেশ্য ৰাজহুৱা কৰি দিলে৷ তাৰ পাছতেই কেম্পেইন ফৰ জুডিচিয়েল একাউণ্টেবিলিটী এণ্ড ৰিফৰ্মে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত আপত্তি দাখিল কৰে৷ উচ্চতম ন্যায়ালয়ে শ্বেখৰ যাদৱৰ এই মন্তব্য সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছে৷ কিন্তু প্ৰশ্ন হৈছে–ভাৰতৰ ন্যায় ব্যৱস্থাত কেৱল এজনেই শ্বেখৰ যাদৱ আছে নেকি? ‘কাৰাভান’ আলোচনীৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আমোলত চৰকাৰৰ সৈতে বুজাবুজিৰে ন্যায়াধীশ নিযুক্তি দিয়া হৈছিল৷ অৰ্থাৎ ন্যায়াধীশ নিযুক্তি ব্যৱস্থাত চৰম আপোচ কৰা হৈছে৷ আইনৰ প্ৰতি আস্থাতকৈ, চৰকাৰৰ প্ৰতি আনুগত্যক অগ্ৰাধিকাৰ দিয়া হৈছে৷ যাৰ বাবে ন্যায়ালয়সমূহো লাহে লাহে ধৰ্ম চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে৷ এনে এক ন্যায় ব্যৱস্থাত সংখ্যালঘু, পাছপৰা শ্ৰেণী অথবা চৰকাৰ বিৰোধীয়ে ন্যায় লাভ কৰঅটো সম্ভৱনে? উত্তৰ এটাই–মুঠেই সম্ভৱ নহয়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.