দেশত সূচনা হৈছে গৃহযুদ্ধৰ ৷ প্ৰতিহিংসা আৰু প্ৰতিস্পৰ্ধাই অশান্ত কৰি তুলিছে ইখনৰ পাছত সিখন ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰে বিৰোধীক মষিমূৰ কৰিবলৈ যিপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেই একেপাতেই অস্ত্ৰ হাতত তুলি লৈছে বিৰোধী শাসিত ৰাজ্যসমূহেও ৷ ৰাজ্যৰ আৰক্ষী বাহিনীসমূহৰ মাজত আৰম্ভ হোৱা সংঘাতে এতিয়া দেশত একপ্ৰকাৰ গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ অসম আৰক্ষীয়ে গৈ গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰি আনে অথচ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে গমেই নাপায় ৷ ইয়াৰ পাছতেই আন এটা ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজধানী দিল্লীত ৷ দিল্লীৰ বিজেপি নেতা তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰিবলৈ আজি ৰাজধানী দিল্লীত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ দল ৷ শুকুৰবাৰে পুৱা পঞ্জাৱ আৰক্ষীৰ চাইবাৰ চেলে দিল্লীত গ্ৰেপ্তাৰ কৰে বিজেপি নেতা তেজিন্দৰ সিঙ বগ্গাক ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত তেজিন্দৰ সিঙ বগ্গাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল পঞ্জাৱৰ মোহালি চাইবাৰ থানাত ৷ আৰক্ষীয়ে জাননী জাৰি কৰাৰ পাছতো তদন্তত সহযোগ কৰাৰ পৰা বিৰত আছিল দিল্লীৰ বিজেপি নেতাজন ৷ তাৰ পাছতে পুৱাই আহি দিল্লীত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ দল ৷ প্ৰায় ৫০ জন আৰক্ষীয়ে তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰি পঞ্জাৱ অভিমুখে ৰাওনা হয় ৷ কাহিনী ইয়াতেই শেষ নহয় ৷ তেজিন্দৰ সিঙৰ পিতৃয়ে ইয়াৰ পাছত দিল্লীৰ জনকপুৰী থানাত পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতেই হাৰিয়ানাত পঞ্জাৱ আৰক্ষীক বাধা প্ৰদান কৰে পঞ্জাৱ আৰক্ষীয়ে ৷এইবাৰ তেজিন্দৰ সিঙ বাগ্গাক লৈ যোৱা হাৰিয়ানা আৰক্ষীৰ জিন্মালৈ ৷ এইদৰেই এজন বিজেপি নেতাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰে তিনিখন ৰাজ্যৰ আৰক্ষী ৷ পঞ্জাৱ আৰক্ষীয়ে তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰিব বিচৰাৰ বিপৰীতে তেওক সুৰক্ষা দিয়াত ব্যস্ত হৈ পৰে দিল্লী আৰু হাৰিয়ানা আৰক্ষী ৷
জিগনেশ মেৱানী বা তেজিন্দৰ সিঙ বগ্গাতেই প্ৰতিহিংসাৰ কাহিনী আৰম্ভ হোৱা নাই ৷ ইয়াৰ পূৰ্বে বিৰোধী নেতাৰ ওপৰত কেন্দ্ৰই জাপি দিছে এটাৰ পাছত আনটো ইডিৰ গোচৰ ৷ মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূল নেতা অভিষেক বেনাৰ্জীক কেইবাবাৰো ই ডিয়ে জাননী জাৰি কৰিছে ৷ মহাৰাষ্ট্ৰৰ দুজনকৈ কেবিনেট মন্ত্ৰীক ই ডিয়ে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে ৷কেন্দ্ৰীয় সংদেশত সূচনা হৈছে গৃহযুদ্ধৰ ৷ প্ৰতিহিংসা আৰু প্ৰতিস্পৰ্ধাই অশান্ত কৰি তুলিছে ইখনৰ পাছত সিখন ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰে বিৰোধীক মষিমূৰ কৰিবলৈ যিপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেই একেপাতেই অস্ত্ৰ হাতত তুলি লৈছে বিৰোধী শাসিত ৰাজ্যসমূহেও ৷ ৰাজ্যৰ আৰক্ষী বাহিনীসমূহৰ মাজত আৰম্ভ হোৱা সংঘাতে এতিয়া দেশত একপ্ৰকাৰ গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ অসম আৰক্ষীয়ে গৈ গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰি আনে অথচ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে গমেই নাপায় ৷ ইয়াৰ পাছতেই আন এটা ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজধানী দিল্লীত ৷ দিল্লীৰ বিজেপি নেতা তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰিবলৈ আজি ৰাজধানী দিল্লীত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ দল ৷ শুকুৰবাৰে পুৱা পঞ্জাৱ আৰক্ষীৰ চাইবাৰ চেলে দিল্লীত গ্ৰেপ্তাৰ কৰে বিজেপি নেতা তেজিন্দৰ সিঙ বগ্গাক ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত তেজিন্দৰ সিঙ বগ্গাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল পঞ্জাৱৰ মোহালি চাইবাৰ থানাত ৷ আৰক্ষীয়ে জাননী জাৰি কৰাৰ পাছতো তদন্তত সহযোগ কৰাৰ পৰা বিৰত আছিল দিল্লীৰ বিজেপি নেতাজন ৷ তাৰ পাছতে পুৱাই আহি দিল্লীত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ দল ৷ প্ৰায় ৫০ জন আৰক্ষীয়ে তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰি পঞ্জাৱ অভিমুখে ৰাওনা হয় ৷ কাহিনী ইয়াতেই শেষ নহয় ৷ তেজিন্দৰ সিঙৰ পিতৃয়ে ইয়াৰ পাছত দিল্লীৰ জনকপুৰী থানাত পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতেই হাৰিয়ানাত পঞ্জাৱ আৰক্ষীক বাধা প্ৰদান কৰে পঞ্জাৱ আৰক্ষীয়ে ৷এইবাৰ তেজিন্দৰ সিঙ বাগ্গাক লৈ যোৱা হাৰিয়ানা আৰক্ষীৰ জিন্মালৈ ৷ এইদৰেই এজন বিজেপি নেতাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰে তিনিখন ৰাজ্যৰ আৰক্ষী ৷ পঞ্জাৱ আৰক্ষীয়ে তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰিব বিচৰাৰ বিপৰীতে তেওক সুৰক্ষা দিয়াত ব্যস্ত হৈ পৰে দিল্লী আৰু হাৰিয়ানা আৰক্ষী ৷
জিগনেশ মেৱানী বা তেজিন্দৰ সিঙ বগ্গাতেই প্ৰতিহিংসাৰ কাহিনী আৰম্ভ হোৱা নাই ৷ ইয়াৰ পূৰ্বে বিৰোধী নেতাৰ ওপৰত কেন্দ্ৰই জাপি দিছে এটাৰ পাছত আনটো ইডিৰ গোচৰ ৷ মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূল নেতা অভিষেক বেনাৰ্জীক কেইবাবাৰো ই ডিয়ে জাননী জাৰি কৰিছে ৷ মহাৰাষ্ট্ৰৰ দুজনকৈ কেবিনেট মন্ত্ৰীক ই ডিয়ে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে ৷কেন্দ্ৰীয় সংস্থাই বিৰোধী নেতাক জালত পেলোৱাৰ কুচকাৱাজ আৰম্ভ কৰাৰ পাছত বিৰোধী শাসিত ৰাজ্যসমূহৰ আৰক্ষী নামি পৰিছে বিজেপি নেতাৰ বিৰুদ্ধে অভিযানত ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ন ৰানে ৷ বিজেপিৰ ঘণিষ্ঠ সাংসদ নৱনীত ৰাণা আৰু তেওৰ বিধায়ক স্বামী ৰবি ৰানাকো মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ পশ্চিমবংগত চি আই ডিয়ে গোচৰ তৰিছে বিজেপি সাংসদ জগন্নাথ চৰকাৰৰ বিৰুদ্ধে ৷ এজন তৃণমূল বিধায়কক হত্যাৰ গোচৰত জগন্নাথ চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ নিজৰ দেহৰক্ষীক হত্যাৰ গোচৰত পশ্চিমবংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীক চমন দিছে পশ্চিমবংগৰ চি আই ডিয়ে ৷ বিজেপি নেতা ৰাকেশ সিঙক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কোকেইন সৰবৰাহৰ গোচৰত ৷ এইদৰেই বিৰোধী শাসিত ৰাজ্যত যিমানেই কেন্দ্ৰীয় সংস্থাসমূহে তৎপৰতা দেখুৱাইছে সিমানেই বিৰোধী ৰাজ্যৰ আৰক্ষীও নামি পৰিছে বিজেপি নেতাক জালত পেলোৱাৰ অভিযানত ৷ এইদৰেই দেশত এতিয়া সূচনা হৈছে এক অঘোষিত গৃহযুদ্ধৰ ৷ ক্ষমতাৰ নামত আৰম্ভ হোৱা প্ৰতিহিংসাৰ ৰাজনীতিয়ে যে দেশখনক টুকুৰা টুকুৰ কৰি পেলাব , তাৰ সম্ভাৱনা এই ঘটনাসমূহেই উজ্জ্বল কৰি তুলিছে ৷
বিৰোধী নেতাক জালত পেলোৱাৰ কুচকাৱাজ আৰম্ভ কৰাৰ পাছত বিৰোধী শাসিত ৰাজ্যসমূহৰ আৰক্ষী নামি পৰিছে বিজেপি নেতাৰ বিৰুদ্ধে অভিযানত ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ন ৰানে ৷ বিজেপিৰ ঘণিষ্ঠ সাংসদ নৱনীত ৰাণা আৰু তেওৰ বিধায়ক স্বামী ৰবি ৰানাকো মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ পশ্চিমবংগত চি আই ডিয়ে গোচৰ তৰিছে বিজেপি সাংসদ জগন্নাথ চৰকাৰৰ বিৰুদ্ধে ৷ এজন তৃণমূল বিধায়কক হত্যাৰ গোচৰত জগন্নাথ চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ নিজৰ দেহৰক্ষীক হত্যাৰ গোচৰত পশ্চিমবংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীক চমন দিছে পশ্চিমবংগৰ চি আই ডিয়ে ৷ বিজেপি নেতা ৰাকেশ সিঙক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কোকেইন সৰবৰাহৰ গোচৰত ৷ এইদৰেই বিৰোধী শাসিত ৰাজ্যত যিমানেই কেন্দ্ৰীয় সংস্থাসমূহে তৎপৰতা দেখুৱাইছে সিমানেই বিৰোধী ৰাজ্যৰ আৰক্ষীও নামি পৰিছে বিজেপি নেতাক জালত পেলোৱাৰ অভিযানত ৷ এইদৰেই দেশত এতিয়া সূচনা হৈছে এক অঘোষিত গৃহযুদ্ধৰ ৷ ক্ষমতাৰ নামত আৰম্ভ হোৱা প্ৰতিহিংসাৰ ৰাজনীতিয়ে যে দেশখনক টুকুৰা টুকুৰ কৰি পেলাব , তাৰ সম্ভাৱনা এই ঘটনাসমূহেই উজ্জ্বল কৰি তুলিছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post