সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দ্য ক্ৰছকাৰেণ্ট ৰিপ’ৰ্ট কাৰ্ডঃ ৩৯১টা প্ৰতিশ্ৰুতিৰ মাত্ৰ ৭টাতহে সফল হিমন্ত বিশ্ব

এবছৰীয়া শাসনকালত কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি চৰকাৰে?

  • প্ৰত্যুষদ্বীপ কটকী 

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোটৰ চৰকাৰৰ প্ৰথমটো বছৰৰ বর্ষপূর্তিক লৈ সৃষ্টি হৈছে অভূতপূর্ব পৰিৱেশ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বর্ষপূর্তি পালনৰ পৰা আৰম্ভ কৰি ৰাজ্যত সৃষ্টি কৰিব বিচৰা হৈছে এক উৎসৱমুখৰ পৰিস্থিতিৰ। টিভিৰ পর্দাত, ৰাজপথৰ হর্ডিঙত ,সংবাদ পত্ৰৰ প্ৰথম পৃষ্ঠাত সকলোতে এবছৰীয়া হিমন্ত বিশ্ব শর্মা চৰকাৰৰ সফলতাৰ জয়গান। হিমন্ত বিশ্ব শর্মা চৰকাৰৰ সফলতাৰ এই জয়গানৰ প্ৰচাৰৰ ধামখুমীয়াত সকলো যেন আশ্বস্ত। কিন্তু সফলতাৰ জয়গানৰ এই প্ৰচাৰৰ বিপৰীতে কিমান সফল হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ? ২১ ৰ বিধানসভা নির্বাচনৰ পূর্বে বিজেপিয়ে প্ৰকাশ কৰিছিল সংকল্প পত্ৰ, যি সংকল্প পত্ৰৰ আধাৰত ৰাইজৰ পৰা ভোট বিচাৰি দিছপুৰৰ মচনদ দখল কৰিছিল বিজেপিয়ে। এই সংকল্প পত্ৰ পূৰণত কিমান সফল হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ- তাক লৈ দ্য ক্ৰছকাৰেন্টৰ এই বিশেষ প্ৰতিবেদন – ‘ৰিপ’র্ট কার্ড- হিমন্ত বিশ্ব শর্মা চৰকাৰৰ এবছৰ’৷

 

- Donation -

  • বিজেপিয়ে দিয়া মুঠ প্ৰতিশ্ৰুতি- ৩৯১
  • প্ৰতিশ্ৰুতি পূৰণ- ৭
  • আংশিক প্ৰতিশ্ৰুতি পূৰণ- ৪৫
  • প্ৰতিশ্ৰুতি পূৰণত শূন্য পদক্ষেপ- ২৭১

বিজেপিৰ ৩৯১ টা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ মূল্যাংকণ পঢ়িবলৈ এই পিডিএফত পঢ়িবলৈ পাব।

বিজেপিয়ে ২০১৬ চনৰ নির্বাচনত দহ বছৰীয়া ভিজন ডকুমেন্টেৰে ৪৭৬ টা প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল। এই ৪৭৬ টা প্ৰতিশ্ৰুতিৰ কেৱল ৫ টা প্ৰতিশ্ৰুতিহে এতিয়ালৈকে ৰূপায়ন কৰিছে বিজেপি মিত্ৰজোঁট চৰকাৰখনে। পুনৰ ২০২১ চনৰ নির্বাচনৰ পূর্বে বিজেপিয়ে ‘আত্মনির্ভৰশীল অসম’ শীর্ষক ইস্তাহাৰেৰে অসমবাসীক দিয়ে নতুন ৩৯১টা প্ৰতিশ্ৰুতি।

crosscurrent

কিন্তু ‘ভিজন ডকুমেন্ট’ৰ দৰে ‘আত্মনির্ভৰশীল অসম’ৰ প্ৰতিশ্ৰুতি পূৰণতো চূড়ান্ত ব্যর্থ বিজেপি মিত্ৰজোঁট চৰকাৰ। সর্বানন্দ সোণোৱালৰ ঠাইত মুখ্যমন্ত্ৰীৰ আসনত বহা হিমন্ত বিশ্ব শর্মা চৰকাৰে ড্ৰাগছ বিৰোধী অভিযান,অপৰাধীৰ এনকাউন্টাৰ,মাইক্ৰ’ফাইনেন্সৰ আংশিক ঋণ মাফ,সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্ছেদকে ধৰি কর্মসূচীৰে জনগণৰ সমর্থন আদায় কৰিছে। কিন্তু এখন আত্মনির্ভৰশীল অসম গঢ়িবলৈ বিজেপিয়ে দিয়া ‘আত্মনির্ভৰশীল অসম’ৰ প্ৰতিশ্ৰুতি পূৰণত  বিফল হৈছে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ।

বিজেপিয়ে দিয়া ৩৯১ টা প্ৰতিশ্ৰুতিৰ কেৱল ৭ টা প্ৰতিশ্ৰুতিহে পূৰণ কৰিবলৈ পদক্ষেপ লৈছে হিমন্ত বিশ্ব শর্মা চৰকাৰে। ৩৯১ টা প্ৰতিশ্ৰুতিৰ ২৭১ টা প্ৰতিশ্ৰুতিয়েই এতিয়ালৈকে পূৰণ কৰা নাই বা পূৰণ কৰিবলৈ কোনো পদক্ষেপ গ্ৰহন কৰা নাই হিমন্ত বিশ্ব শর্মা চৰকাৰে৷ ৩৯১ টা প্ৰতিশ্ৰুতিৰ কেৱল ৪৫ টা প্ৰতিশ্ৰুতি আংশিকভাবে কার্যকৰী কৰিছে বা কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। দ্য ক্ৰছকাৰেন্টে চৰকাৰী নথি, প্ৰকাশিত চৰকাৰী বিজ্ঞাপন, অসম চৰকাৰৰ বাজেট,আৰটিআই তথ্য আৰু বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ ভিত্তিত ‘ৰিপ’র্ট কার্ড- হিমন্ত বিশ্ব শর্মা চৰকাৰৰ এবছৰ’ এই প্ৰতিবেদন যুগুত কৰিছে।

দ্য ক্ৰছকাৰেন্টে কৰা এই অধ্যয়নত বিজেপিয়ে দিয়া ৩৯১ টা প্ৰতিশ্ৰুতিৰ ৫৪ টা প্ৰতিশ্ৰুতি পূৰণ সন্দর্ভত কোনো তথ্য লাভ কৰা নাই। উদাহৰণস্বৰূপে, কলকাতা,বেংগালুৰকে ধৰি বিভিন্ন ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰা হ’ব বুলি ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া হৈছিল। বিজেপিয়ে দিয়া ৩৯১ টা প্ৰতিশ্ৰুতিৰ ২ টা প্ৰতিশ্ৰুতি ধূসৰ। উদাহৰণস্বৰূপে ‘ডায়েল ১০৮’ ৰ এক সামগ্ৰিক জৰুৰীকালীন সেৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল। কিন্তু ‘ডায়েল ১০৮’ শীর্ষক এক জৰুৰীকালীন সেৱা পূর্বৰে পৰা চলি আছে। বিজেপিয়ে দিয়া ৩৯১ টা প্ৰতিশ্ৰুতিৰ ১২ টা প্ৰতিশ্ৰুতি ৰিপ’র্ট কার্ডত মূল্যায়ন কৰা হোৱা নাই। কিয়নো এই দহটা প্ৰতিশ্ৰুতি ৰূপায়নৰ সময়সীমা বিজেপিয়ে ৩ ৰ পৰা ১৫ বছৰ উল্লেখ কৰিছে। গতিকে এই ১২ টা প্ৰতিশ্ৰুতিক এই মূল্যায়নত ৰখা হোৱা নাই।

এই প্ৰতিবেদনত ২০২১ ৰ নির্বাচনত বিজেপিয়ে দিয়া দহটা জনপ্ৰিয় প্ৰতিশ্ৰুতিৰ ৰূপায়ণ সন্দর্ভত এক মূল্যায়ন দাঙি ধৰা হলঃ-

১) বিজেপিৰ প্ৰতিশ্ৰুতি আছিল, ২০২২ চনৰ ভিতৰত দুই লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰিব। ইয়াৰে এক লাখ নিবনুৱাক ২০২২ চনৰ ৩১ মার্চৰ ভিতৰত নিযুক্তি প্ৰদান কৰিব। বিজেপিৰ লগতে এইটোও প্ৰতিশ্ৰুতি আছিল যে ৮ লাখ নিবনুৱাক ব্যক্তিখণ্ডত সংস্থাপন প্ৰদান কৰিব।
ৰূপায়ণ- ৩১ মার্চ, ২০২২ৰ ভিতৰত ১১৫৭ জন নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি। ব্যক্তিগত খণ্ডত এজনো নিবনুৱাক অসম চৰকাৰৰ উদ্যোগত নিযুক্তি দিয়াৰ কোনো খবৰ প্ৰকাশ হোৱা নাই।

২) বিজেপিৰ প্ৰতিশ্ৰুতি আছিল, আহোম, কোঁচ ৰাজবংশী, চুতীয়া, চাহ জনজাতি,মৰাণ,মটকক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি।
ৰূপায়ণ- এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

৩) বিজেপিৰ প্ৰতিশ্ৰুতি আছিল, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা হ’ব।
ৰূপায়ণ- আজিৰ তাৰিখত চাহ শ্ৰমিকৰ মজুৰি এটকাও বৃদ্ধি কৰা নাই।

৪) বিজেপিৰ প্ৰতিশ্ৰুতি আছিল, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩০ লাখলৈ বৃদ্ধি কৰা হ’ব। আঁচনিৰ সাহার্যৰ ধন ৩০০০ টকা কৰা হ’ব।

ৰূপায়ণ- অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বর্তমান ২১ লাখ। সাহার্যৰ ধন ১ হাজাৰ টকা৷ ২০২২-২৩ বর্ষৰ বাজেটত হিতাধিকাৰীৰ সংখ্যা অতিৰিক্ত ৬ লাখ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। সাহার্যৰ পৰিমাণ ১২৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।

৫) বিজেপিৰ প্ৰতিশ্ৰুতি আছিল, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিব আৰু ঋণৰ কিস্তি বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰাকৈ আইন প্ৰণয়ণ কৰিব।
ৰূপায়ণ- আইন ৰূপায়ণ কৰা হ’ল। কিন্তু মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পক্ষত আইন ৰূপায়ণ হ’ল। ঋণগ্ৰস্ত দুখীয়া মহিলাক ঋণৰ কিস্তি বিচাৰি এজেন্টৰ হাৰাশাস্তি এতিয়াও অব্যাহত আছে। প্ৰতিশ্ৰুতি অনুসৰি সকলো ঋণগ্ৰস্থ মহিলাই এতিয়াও সকাহ লাভ কৰা নাই ৷

বি.দ্ৰ- একেধৰণৰ আইন অন্ধ্ৰপ্ৰদেশেও প্ৰণয়ণ কৰিছিল। কিন্তু তাত অসমৰ দৰে মাইক্ৰ’ফাইনেন্স কোম্পানীক ঋণৰ ধন আদায় কৰা হোৱা নাছিল। বলপূর্বকভাবে ঋণ আদায় কৰাটো আইনীভাবে বাধা দিয়াত ,স্বতঃস্ফুৰ্তভাবে ৰাজ্যখনৰ সকলো ঋণ আদায়গ্ৰস্ত মহিলা উপকৃত হৈছিল।

৬) ২০২১ ৰ নির্বাচনৰ বোধহয় আটাইতকৈ জনপ্ৰিয় প্ৰতিশ্ৰুতি আছিল- ‘মামাই ভাগিনক দিয়া প্ৰতিশ্ৰুতি’। মামাই প্ৰতিশ্ৰুতি দিছিল, কলেজীয়া সকলো ছাত্ৰীক প্ৰদান কৰা হব স্কুটী। মামাই প্ৰতিশ্ৰুতি দিছিল, সকলো কলেজীয়া ছাত্ৰক প্ৰদান কৰা হ’ব বুলেট বাইক।
ৰূপায়ণ- ২০২২-২৩ বর্ষৰ বাজেট অনুসৰি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উর্ত্তীণ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।
৭) বিজেপিৰ প্ৰতিশ্ৰুতি আছিল, সকলো প্ৰকৃত ভাৰতীয়কে মাটিৰ পট্টা প্ৰদান কৰা হ’ব৷
ৰূপায়ণ- নামমাত্ৰ কিছুসংখ্যকক মাটিৰ পট্টা প্ৰদান কৰা হৈছে। অসমৰ ভূমিহীন ২৩ লাখৰ প্ৰায় সকলোৱেই এতিয়ালৈকে পোৱা নাই মাটিৰ পট্টা।
৮) বিজেপিৰ প্ৰতিশ্ৰুতি আছিল, কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ৬০০০ টকাৰ লগতে অতিৰিক্তভাবে ২০০০ টকা প্ৰদান কৰিব।
ৰূপায়ণ- পূৰণ কৰা নহ’ল৷
৯) ‘বানমুক্ত অসম’, ’সকলো শিশুৰ উন্নয়ন (অষ্টম শ্ৰেণীৰ পৰা সকলোকে বাইচাইকেল)’, স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ সকলো খালী পদত নিযুক্তি, অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনত আত্মনির্ভৰশীলতাকে ধৰি ২০২১ চনৰ নির্বাচনী ইস্তাহাৰত অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিশ্ৰুতি দিয়া হৈছিল।
ৰূপায়ণ- এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।
১০) ২০২১ চনৰ নির্বাচনৰ ইস্তাহাৰত বিজেপিয়ে উত্থাপন কৰা আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো আছিল সভ্যতাৰ যুঁজ। বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল এখন শুদ্ধ এনআৰচি,সত্ৰৰ মাটি বেদখলমুক্ত কৰা, লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে আইন প্ৰৱর্তন কৰা, বিদেশী অনুপ্ৰৱেশ কৰিব নোৱাৰাকৈ সীমান্ত সুৰক্ষিত কৰা, সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে মূলঃ অসমীয়া ৰাজনৈতিক ভৱিষ্যত ৰক্ষা কৰা।
ৰূপায়ণ- এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

(দ্য ক্ৰছকাৰেন্টে বিজেপিৰ ২০২১ চনৰ নির্বাচনী ইস্তাহাৰৰ ওপৰত আৰু অসমবাসীৰ মাজত চর্চিত বিজেপিৰ ১০ টা জনপ্ৰিয় প্ৰতিশ্ৰুতিৰ ওপৰত উপলব্ধ সকলো তথ্যৰ আধাৰত ‘ৰিপ’র্ট কার্ড- হিমন্ত বিশ্ব শর্মা চৰকাৰৰ এবছৰ’ এই প্ৰতিবেদন যুগুত কৰিছে। এই সন্দর্ভত নতুন তথ্য, খবৰ পালে দ্য ক্ৰছকাৰেন্টে এই প্ৰতিবেদনত সংযোজিত কৰিব। ইন্টাৰনেটত ২০২১ চনৰ ১০ মে’ৰ পৰা অসম চৰকাৰ সন্দর্ভত প্ৰকাশিত খবৰৰ বাবে দ্য ক্ৰছকাৰেন্ট দায়বদ্ধ নহয়।)

Leave A Reply

Your email address will not be published.