টেগ thecrosscurrent

ব্ৰীজ ৰ পৰিচালক কৃপাল কলিতা লৈ শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু মূল অভিনেত্ৰী শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

ব্ৰীজ ৰ জড়িয়তে অসমীয়া চলচ্চিত্ৰ লৈ আহিছে আন এক সূখবৰ ! ৫ -২১ আগষ্ট ২০২১ লৈ সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টি পথাৰ ৰ বেনাৰত কৃপাল কলিতা ৰ পৰিচালনা ৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ…

২০২৭ চনত কোন হ’ব দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ?

চৰ্চা চলিছে যে ২০২৭ চনত ভাৰতে লাভ কৰিব দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ। দেশৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন. ভি ৰমনৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ৰ এখন উচ্চ স্তৰীয় সমিতিয়ে মুখ্য ন্যায়াধীশ পদৰ বাবে ন্যায়াধীশ বিভি নাগাৰাথনা সহ ৩ গৰাকী মহিলা আৰু ৬…

কাবুলত আত্মঘাটী আক্ৰমণ কৰা আইছিছ খুৰাছান কি ?

আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত আত্মঘাটী বোমা বিস্ফোৰণৰ বাবে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছৰ খুৰাছান গোটক জগৰীয়া কৰা হৈছে ৷ আফগানিস্তানত সক্ৰিয় হৈ থকা চৰমপন্থী সংগঠনসমূহৰ ভিতৰত আইছিছৰ খুৰাছান গোটেই হ’ল আটাইতকৈ ভয়ানক ৷ ২০১৫ চনত ইৰাক আৰু ছিৰিয়াত ‘ইছলামিক…

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল কাবুল , নিহত ৭৩

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান ৷আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত বোমা – বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনাত ৭৩ জন লোক নিহত হৈছে ৷ নিহতসকলৰ ভিতৰত ৬০ গৰাকী আফগান নাগৰিক আৰু আন ১৩ গৰাকী আমেৰিকান সেনা  ৷ আহত হৈছে ১৫০…

২৫৮ কৌটি মূল্যৰ শিলৰ টুকুৰা সদৃশ পদাৰ্থ জব্দ

কলকাতা বিমানবন্দৰৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে চাৰিটা উজ্জ্বল ৰঙৰ শিলৰ টুকুৰাসদৃশ পদাৰ্থ ৷ এই  টুকুৰা কেইটাৰ প্ৰতিগ্ৰামৰ দাম হ’ব ১৭ কৌটি টকা ৷ চি আই ডিয়ে জব্দ কৰা  টুকুৰা কেইটাৰ ওজন ২৫০.০৫ গ্ৰাম ৷ সেই অনুসৰি চাৰিওটা টুকুৰাৰ মূল্য…

আফগানিস্তান সংকট : ভাৰতে গ্ৰহণ কৰা ‘অপাৰেশ্যন দেৱীশক্তি’ কি ?

আফগানিস্তানৰ সংকট সন্দৰ্ভত বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক ৷বৈঠকত ৩১ টা ৰাজনৈতিক দলৰ ৩৭ গৰাকী প্ৰতিনিধি উপস্থিত থাকে ৷ বৈঠকৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে আফগানিস্তানত আৱদ্ধ হৈ থকা সকলো ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয়…

প্ৰদেশ কংগ্ৰেছৰ সভাপতি , কাৰ্যকৰী সভাপতিক কোন কোন জিলাৰ দায়িত্ব ?

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিসকলক বিভিন্ন জিলাৰ দায়িত্ব অৰ্পন কৰিছে সভাপতি ভূপেন বৰাই ৷ বৃহস্পতিবাৰে অৰ্পন কৰা দায়িত্ব অনুসৰি কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক দায়িত্ব দিয়া হৈছে শিৱসাগৰ , চৰাইদেউ , যোৰহাট , মাজুলী , লখিমপুৰ , ধেমাজি , গোলাঘাট , নগাও…

পট পৰিৱৰ্তন : এ আই ইউ ডি এফক এৰি ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা !

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট উপ – নিৰ্বাচনৰ পূৰ্বে ভংগ হোৱাৰ উপক্ৰম হৈছে ৷ মূলত: এ আই ইউ ডি এফ দলৰ একাংশ নেতাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশংসা কৰাক লৈয়ে অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ দল…

নন্দিতা শইকীয়াৰ মৃত্যুৰ লগতে আন বিষয়ত কি কি সিদ্ধান্ত হ’ল আজিৰ কেবিনেটত ?

কেবিনেট  বৈঠকৰ আৰম্ভণিতে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ দুৰ্ভাগ্যজনক মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে।  চৰকাৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক ইতিমধ্যে গোচৰটোৰ দ্ৰুত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে , যাতে অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰিব পৰা…

উত্তৰ পূৱৰ কি কি সম্পদ লীজত দিয়া হ’ব পুঁজিপতিক ?

বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈ,টেলিকম সেৱাৰ পৰা প্ৰাকৃতিক গেছ পাইপলাইনলৈ-উত্তৰ পূর্বাঞ্চলৰ বিশাল ৰাজহুৱা সম্পত্তিৰ গৰাকী হবলৈ গৈ আছে এতিয়া আদানি-আম্বানীৰ দৰে কেইগৰাকীমান পুঁজিপতি৷ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে এতিয়া সমগ্ৰ দেশৰে ৰাজহুৱা সম্পত্তি লীজত দিয়া হ’ব দেশৰ কেইগৰাকীমান পুঁজিপতিক৷যাৰ জড়িয়তে উত্তৰ পূর্বৰ…