সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০২৭ চনত কোন হ’ব দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ?

চৰ্চা চলিছে যে ২০২৭ চনত ভাৰতে লাভ কৰিব দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ। দেশৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন. ভি ৰমনৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ৰ এখন উচ্চ স্তৰীয় সমিতিয়ে মুখ্য ন্যায়াধীশ পদৰ বাবে ন্যায়াধীশ বিভি নাগাৰাথনা সহ ৩ গৰাকী মহিলা আৰু ৬ গৰাকী পুৰুষৰ নাম প্ৰস্তাৱ কৰিছে। ন্যায়াধীশ বিভি নাগাৰাথনা বৰ্তমান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ । যদি ন্যায়াধীশ বিভি নাগাৰাথনাই কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত লাভ কৰে তেতিয়া ২০২৭ চনত নাগাৰাথনাই হব ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ । উল্লেখ্য যে ন্যায়াধীশ বিভি নাগাৰাথনাৰ পিতৃ ন্যায়াধীশ ই. এছ ভেংকটৰমিয়াহো আছিল দেশৰ মুখ্য ন্যায়াধীশ । তেওঁ ১৯৮৯ চনৰ ১৯ জুনৰ পৰা ১৯৮৯ চনৰ ১০ ডিচেম্বৰলৈকে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৬২ চনৰ ৩০ অক্টোবৰত জন্মগ্ৰহণ কৰা ন্যায়াধীশ বিভি নাগাৰাথনাক ২০০৮ চনত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ দুবছৰৰ পিছত বিভি নাগাৰাথনাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশৰ পদলৈ পদোন্নতি লাভ কৰিছিল। নাগাৰাথনাই প্ৰথমে বাংগালুৰুত অধিবক্তা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।
নাগাৰাথনাই প্ৰদান কৰা গুৰুত্বপূৰ্ণ ৰায়বোৰৰ ভিতৰত ইলেক্ট্ৰনিক মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়াটোৱেই উল্লেখনীয়। ২০১২ চনৰ ৰায়ত তেওঁ লিখিছিল যে-যদিও তথ্যৰ সত্য প্ৰচাৰ যিকোনো চেনেলৰ বাবে এক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা তথাপিও ব্ৰেকিং নিউজ, ফ্লেছ নিউজ বা আন যিকোনো নিউজৰ ক্ষেত্ৰত সংবেদনশীলতা নিয়ন্ত্ৰণ কৰাটোও যথেষ্ট প্ৰয়োজনীয়। নাগাৰাথনাই কেন্দ্ৰক প্ৰচাৰ মাধ্যম নিয়ন্ত্ৰণ কৰাৰ বাবে এটা স্বায়ত্তশাসিত আৰু বিধিবদ্ধ প্ৰণালী স্থাপন কৰিবলৈ আহ্বান জনাইছিল।
চলিত বৰ্ষত উচ্চতম ন্যায়ালয়ত নিযুক্তি লাভ কৰিলে মুঠ তিনিগৰাকী মহিলা ন্যায়াধীশ। নতুনকৈ নিযুক্তি লাভ কৰা আন দুগৰাকী মহিলা ন্যায়াধীশ হ’ল তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিমা কোহলী আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ বেলা ত্ৰিবেদী। অৱশ্যে ২০২৭ চনত দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে বিভি নাগাৰাথনাই নিযুক্তি লাভ কৰাৰ সম্ভাৱনাই অধিক।

Leave A Reply

Your email address will not be published.