উত্তৰ পূৱৰ কি কি সম্পদ লীজত দিয়া হ’ব পুঁজিপতিক ?

Share This Article

বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈ,টেলিকম সেৱাৰ পৰা প্ৰাকৃতিক গেছ পাইপলাইনলৈ-উত্তৰ পূর্বাঞ্চলৰ বিশাল ৰাজহুৱা সম্পত্তিৰ গৰাকী হবলৈ গৈ আছে এতিয়া আদানি-আম্বানীৰ দৰে কেইগৰাকীমান পুঁজিপতি৷ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে এতিয়া সমগ্ৰ দেশৰে ৰাজহুৱা সম্পত্তি লীজত দিয়া হ’ব দেশৰ কেইগৰাকীমান পুঁজিপতিক৷যাৰ জড়িয়তে উত্তৰ পূর্বৰ সাতখন ৰাজ্যৰ বিশাল পৰিমাণৰ ৰাজহুৱা সম্পত্তিৰ এতিয়া দায়িত্ব লাভ কৰিব কেইগৰাকীমান পুঁজিপতি,কেইটামান কোম্পানীয়ে৷

ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে উত্তৰ-পূর্বাঞ্চলৰ কি কি সম্পদ ব্যক্তিগতকৰণ কৰিব মোদী চৰকাৰে ?

ক্ৰীড়া

৬ লাখ কোটি টকা অর্জনৰ লক্ষ্যৰে ২০২৫ চনৰ ভিতৰত মোদী চৰকাৰে পুঁজিপতিক লীজত দিব দেশৰ ৰাজহুৱা সম্পত্তি৷কি কি সম্পত্তি ব্যক্তিগতকৰণ কৰা হব,তাৰো তালিকা যুগুতাই উলিয়াইছে চৰকাৰে৷অন্যান্য ৰাজহুৱা সম্পত্তিৰ লগতে মোদী চৰকাৰে পুঁজিপতিৰ হাতত গতাই দিব দেশৰ ক্ৰীড়া প্ৰকল্প সমূহ৷ক্ৰীড়া প্ৰকল্প ব্যক্তিগতকৰণ কৰি কেন্দ্ৰই অর্জন কৰিব ১১,৪৫০ কোটি টকা৷ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে উত্তৰ পূর্বৰ দুটাকৈ ক্ৰীড়া প্ৰকল্প৷মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে ব্যক্তিগতকৰণ কৰা হ’ব ছাইৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰ আৰু মণিপুৰৰ নেতাজী সুভাষচন্দ্ৰ বসু উত্তৰ পূব আঞ্চলিক কেন্দ্ৰ৷

টেলিকম

টেলিকম খণ্ডৰ সম্পত্তি লীজত দি কেন্দ্ৰই অর্জন কৰিব ৩৫,১০০ কোটি টকা৷ভাৰতনেট আৰু বি এছ এন এলৰ সম্পত্তি পুঁজিপতিৰ হাতত গতাই চৰকাৰে অর্জন কৰিব এই বিশাল টকা৷কেন্দ্ৰৰ পৰিকল্পনা অনুসৰি,অসম,মিজোৰাম,ত্ৰিপুৰা,অৰুণাচল প্ৰদেশ,মনিপুৰ,নগালেণ্ড আৰু মেঘালয়ৰ ভাৰতনেট ফাইবাৰৰ সম্পত্তি হস্তান্তৰ কৰা হব পুঁজিপতিক৷ভাৰত নেট ফাইবাৰৰ সম্পত্তি পুঁজিপতিক গতাই চৰকাৰে অর্জন কৰিব ২৬৩০০ কোটি টকা৷

প্ৰাকৃতিক গেছ

২৪,৪৬২ কোটি টকা অর্জনৰ লক্ষ্যৰে ভাৰত চৰকাৰে ব্যক্তিগতকৰণ কৰিব দেশৰ প্ৰাকৃতিক গেছ খণ্ডৰ সম্পদ সমূহ৷ ব্যক্তিগতকৰণ কৰা হব প্ৰাকৃতিক গেছ পাইপলাইন৷সেই অনুসৰি লীজত দিয়া হব,বাৰাউনী-গুৱাহাটী পাইপলাইন নেটৱর্কৰ ১০৯৮ কিলোমিটাৰ আৰু ত্ৰিপুৰা নেটৱর্কৰ ৬০ কিলোমিটাৰ৷

বিমান বন্দৰ

অসমৰ গুৱাহাটী বিমানবন্দৰ ইতিমধ্যে গৌতম আদানীৰ হাতত গতাই দিয়া হৈছে৷মুদ্ৰাকৰণ যোজনাৰ জৰিয়তে এইবাৰ গতাই দিয়া হব উত্তৰ পূর্বাঞ্চলৰ আন দুটা বিমানবন্দৰ৷মনিপুৰৰ ইম্ফল বিমানবন্দৰ ২৫৩ কোটি টকাত লীজত দিবলৈ সিদ্ধান্ত লোৱাৰ বিপৰীতে ত্ৰিপুৰাৰ আগৰতলা বিমানবন্দৰ লীজত দিয়া হব ৪১৮ কোটি টকাত৷

ৰাষ্ট্ৰীয় ঘাইপথ

ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ অধীনত পুঁজিপতিক গতাই দিয়াৰ বাবে লক্ষ্য কৰি লোৱা হৈছে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহো৷ঘাইপথ লীজত দি মোদী চৰকাৰে অর্জন কৰিব সর্বমুঠ ১,৬০,২০০ কোটি টকা৷পথ ব্যক্তিগতকৰণৰ এই তালিকাত আছে অসমৰ দুটাকৈ পথ৷অসমৰ শ্বিলং বাইপাছৰ ৪৯ কিলোমিটাৰৰ লগতে অসম-পশ্চিমবংগ সংযোগী ছালছাবাৰী ২৬ কিলোমিটাৰৰ পথ ব্যক্তিগতকৰণ কৰা হ’ব মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে৷

মোদী চৰকাৰৰ বিমুদ্ৰাকৰনৰ পিছত এইবাৰ মুদ্ৰাকৰণ যোজনা৷বিমুদ্ৰাকৰণে দেশবাসীক জ্বলাকলা কৰিছিল,এইবাৰ মুদ্ৰাকৰণে সমগ্ৰ দেশৰ ৰাজহুৱা আন্ত:গাঁথনিকে ফোপোলা কৰি নেপেলাবনে?অসম তথা উত্তৰ-পূর্বাঞ্চলৰ এই বিশাল পৰিমাণৰ সম্পত্তি ব্যক্তগতকৰণ কৰাৰ পিছত,উত্তৰ-পূর্বৰ হাতত নিজা বুলি কিবা বাকী থাকিবগৈনে?

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.