সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২৫৮ কৌটি মূল্যৰ শিলৰ টুকুৰা সদৃশ পদাৰ্থ জব্দ

কলকাতা বিমানবন্দৰৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে চাৰিটা উজ্জ্বল ৰঙৰ শিলৰ টুকুৰাসদৃশ পদাৰ্থ ৷ এই  টুকুৰা কেইটাৰ প্ৰতিগ্ৰামৰ দাম হ’ব ১৭ কৌটি টকা ৷ চি আই ডিয়ে জব্দ কৰা  টুকুৰা কেইটাৰ ওজন ২৫০.০৫ গ্ৰাম ৷ সেই অনুসৰি চাৰিওটা টুকুৰাৰ মূল্য ২৫৮ কৌটি ৫০ লাখ টকা ৷টুকুৰা কেইটা কঢ়িয়াই অনা দুজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

আনন্দ বজাৰ পত্ৰিকাৰ খবৰ অনুসৰি , এই টুকুৰাকেইটা হ’ল শক্তিশালী তেজস্ক্ৰিয় পদাৰ্থ  কেলিফোৰ্ণিয়াম ৷ এই পদাৰ্থবিধ অতি মূল্যবান আৰু সাধাৰণভাৱে প্ৰকৃতিত পোৱা নাযায় ৷১৯৫০ চনত কেলিফৰ্ণিয়াৰ গৱেষণাগাৰত এই মৌলবিধ আবিষ্কাৰ কৰা হৈছিল ৷ কেঞ্চাৰ ৰোগৰ চিকিৎসা , মেটেল ডিটেক্টৰ , তেল  উদ্যোগ , ধাতু পৰীক্ষাত এই মৌলবিধ ব্যৱহাৰ কৰা হয় ৷

 

 

- Donation -

Leave A Reply

Your email address will not be published.