২৫৮ কৌটি মূল্যৰ শিলৰ টুকুৰা সদৃশ পদাৰ্থ জব্দ

Share This Article

কলকাতা বিমানবন্দৰৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে চাৰিটা উজ্জ্বল ৰঙৰ শিলৰ টুকুৰাসদৃশ পদাৰ্থ ৷ এই  টুকুৰা কেইটাৰ প্ৰতিগ্ৰামৰ দাম হ’ব ১৭ কৌটি টকা ৷ চি আই ডিয়ে জব্দ কৰা  টুকুৰা কেইটাৰ ওজন ২৫০.০৫ গ্ৰাম ৷ সেই অনুসৰি চাৰিওটা টুকুৰাৰ মূল্য ২৫৮ কৌটি ৫০ লাখ টকা ৷টুকুৰা কেইটা কঢ়িয়াই অনা দুজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

আনন্দ বজাৰ পত্ৰিকাৰ খবৰ অনুসৰি , এই টুকুৰাকেইটা হ’ল শক্তিশালী তেজস্ক্ৰিয় পদাৰ্থ  কেলিফোৰ্ণিয়াম ৷ এই পদাৰ্থবিধ অতি মূল্যবান আৰু সাধাৰণভাৱে প্ৰকৃতিত পোৱা নাযায় ৷১৯৫০ চনত কেলিফৰ্ণিয়াৰ গৱেষণাগাৰত এই মৌলবিধ আবিষ্কাৰ কৰা হৈছিল ৷ কেঞ্চাৰ ৰোগৰ চিকিৎসা , মেটেল ডিটেক্টৰ , তেল  উদ্যোগ , ধাতু পৰীক্ষাত এই মৌলবিধ ব্যৱহাৰ কৰা হয় ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.