আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল কাবুল , নিহত ৭৩

Share This Article

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান ৷আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত বোমা – বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনাত ৭৩ জন লোক নিহত হৈছে ৷ নিহতসকলৰ ভিতৰত ৬০ গৰাকী আফগান নাগৰিক আৰু আন ১৩ গৰাকী আমেৰিকান সেনা  ৷ আহত হৈছে ১৫০ ৰো অধিক লোক ৷ ইছলামিক ষ্টেট (আই এছ) য়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ৷

বিমান বন্দৰৰ সমীপৰ স্থানত কমেও ৬ টা বিস্ফোৰণ সংঘটিত কৰে আত্মঘাটী বোমাৰুয়ে ৷ আনকি গুলীচালনাও কৰে ৷ এই ঘটনাই এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

তালিবানে এই ঘটনাক গৰিহনা দি কৈছে যে আমেৰিকান সেনা অধ্যুষিত অঞ্চলত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷

ইফালে , আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে কৈছে যে যিসকলে আমেৰিকাৰ ক্ষতি কৰিব বিচাৰিছে , তেওলোকক ক্ষমা কৰা নহ’ব ৷ ইয়াৰ মূল্য ভৰিবই লাগিব ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.