ব্ৰীজ ৰ পৰিচালক কৃপাল কলিতা লৈ শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু মূল অভিনেত্ৰী শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

Share This Article

ব্ৰীজ ৰ জড়িয়তে অসমীয়া চলচ্চিত্ৰ লৈ আহিছে আন এক সূখবৰ ! ৫ -২১ আগষ্ট ২০২১ লৈ সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টি পথাৰ ৰ বেনাৰত কৃপাল কলিতা ৰ পৰিচালনা ৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ ব্ৰীজ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু পৰিচালক কৃপাল কলিতা ই লাভ কৰিছে শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান । ইতিমধ্যেই শিৱাৰাণী কলিতাই অটোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে।
লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা চহৰৰ শিৱা ৰাণী কলিতাই অভিনয় কৰা ব্ৰীজ ৰ চৰিত্ৰ টো যঠেষ্ট প্ৰত্যাহ্বান মূলক য’ত তেওঁ পথাৰত হালবোৱা ভৰা নদীত কলৰ ভুৰ চলোৱা ৰ দৰে কাম কৰিব লগা হৈছিল। ইয়াৰ উপৰি পৰিচালকে যথেষ্ট স্বাভাৱিক অভিনয় কৰাইছে।এই খন চিনেমা ত অভিনয় কৰাৰ পূৰ্বে শিৱা ৰাণী য়ে কোনো ধাৰাবাহিক বা চিনেমা ত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল। অভিনয় ৰ অভিজ্ঞতা কেৱল এখন মঞ্চ নাটকত অভিনয়।
পৰিচালক কৃপাল কলিতা ৰ ব্ৰীজ প্ৰথম খন‌ পুৰ্ণদৈৰ চিনেমা। সুদীৰ্ঘ সময় ধৰি কৃপালে নাটক চিনেমা ধাৰাবাহিক চুটি চিনেমা আদি ৰ পৰিচালনা চিত্ৰনাট্য ৰচনা অভিনয় আদিত নিৰবিচ্ছিন্ন ভাবে জড়িত হৈ আহিছে
ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে ৩৫ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে।৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান
ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা FIPRESCI- ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজ ৰ স্হান লাভ আদি উল্লেখযোগ্য।
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত ব্ৰীজে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ শিশু শিল্পী ৰ চাৰিটাকৈ মনোনয়ন লাভ কৰি দুটা সন্মান আজুৰি আনে।
কৃপাল কলিতা আৰু শিৱা ৰাণী কলিতা ৰ দ্বাৰা পুৰষ্কাৰ লাভে অসমীয়া চলচ্চিত্ৰ অনুৰাগী আৰু ব্ৰীজ ৰ পৰিয়ালক উৎসাহিত কৰি তুলিছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.