আফগানিস্তান সংকট : ভাৰতে গ্ৰহণ কৰা ‘অপাৰেশ্যন দেৱীশক্তি’ কি ?

Share This Article

আফগানিস্তানৰ সংকট সন্দৰ্ভত বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক ৷বৈঠকত ৩১ টা ৰাজনৈতিক দলৰ ৩৭ গৰাকী প্ৰতিনিধি উপস্থিত থাকে ৷

বৈঠকৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে আফগানিস্তানত আৱদ্ধ হৈ থকা সকলো ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ ৷ইয়াৰ বাবে অপাৰেশ্যন দেৱী শক্তিৰ অধীনত বৃহস্পতিবাৰে পুৱা কাবুললৈ ৬ খন বিমান প্ৰেৰণ কৰা হৈছে ৷তাত এতিয়াও কিছুসংখ্যক ভাৰতীয় আৱদ্ধ হৈ আছে ৷ ইয়াৰ উপৰি ভাৰতলৈ আহিব বিচৰা কিছুসংখ্যক আফগান লোকো এই বিমানতে ভাৰতলৈ আহিব পাৰিব ৷ এনে লোকসকলৰ ই- ভিছাৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ চেষ্টা চলাই থকা হৈছে ৷

ভাৰতৰ একতাৰ বিষয়টো সন্মুখত লৈ আফগানিস্তান সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সকলো দলেই সহমত পোষণ কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.