সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তান সংকট : ভাৰতে গ্ৰহণ কৰা ‘অপাৰেশ্যন দেৱীশক্তি’ কি ?

আফগানিস্তানৰ সংকট সন্দৰ্ভত বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক ৷বৈঠকত ৩১ টা ৰাজনৈতিক দলৰ ৩৭ গৰাকী প্ৰতিনিধি উপস্থিত থাকে ৷

বৈঠকৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে আফগানিস্তানত আৱদ্ধ হৈ থকা সকলো ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ ৷ইয়াৰ বাবে অপাৰেশ্যন দেৱী শক্তিৰ অধীনত বৃহস্পতিবাৰে পুৱা কাবুললৈ ৬ খন বিমান প্ৰেৰণ কৰা হৈছে ৷তাত এতিয়াও কিছুসংখ্যক ভাৰতীয় আৱদ্ধ হৈ আছে ৷ ইয়াৰ উপৰি ভাৰতলৈ আহিব বিচৰা কিছুসংখ্যক আফগান লোকো এই বিমানতে ভাৰতলৈ আহিব পাৰিব ৷ এনে লোকসকলৰ ই- ভিছাৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ চেষ্টা চলাই থকা হৈছে ৷

- Donation -

ভাৰতৰ একতাৰ বিষয়টো সন্মুখত লৈ আফগানিস্তান সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সকলো দলেই সহমত পোষণ কৰে ৷

 

Leave A Reply

Your email address will not be published.