পট পৰিৱৰ্তন : এ আই ইউ ডি এফক এৰি ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা !

Share This Article

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট উপ – নিৰ্বাচনৰ পূৰ্বে ভংগ হোৱাৰ উপক্ৰম হৈছে ৷ মূলত: এ আই ইউ ডি এফ দলৰ একাংশ নেতাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশংসা কৰাক লৈয়ে অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ দল ৷ সেয়ে এ আই ইউ ডি এফক আঁতৰাই ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগ এতিয়া দলটোৰ ভিতৰচ’ৰাত আলোচিত হৈছে ৷

বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে মহাজোটৰ একাংশ নেতাই মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই ৷ এই লৈ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ পৰা নেতৃত্বলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷গতিকে দলৰ সকলো নেতা কৰ্মীৰ মতামতৰ প্ৰতি শ্ৰদ্ধা জনাই পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব ৷১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে অখিল গগৈৰলগত তেওৰ শেহতীয়া বৈঠক আছিল সৌহাৰ্দ্যমূলক সাক্ষাৎ ৷ কেৱল উপ- নিৰ্বাচনেই নহয় , আগলৈও বিজেপিৰ বিভাজনকামী ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ এক মানসিক প্ৰস্তুতি চলাই থকা হৈছে ৷

ভূপেন বৰাৰ এই মন্তব্যই অসমৰ বিৰোধী ৰাজনীতিত পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.