সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰদেশ কংগ্ৰেছৰ সভাপতি , কাৰ্যকৰী সভাপতিক কোন কোন জিলাৰ দায়িত্ব ?

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিসকলক বিভিন্ন জিলাৰ দায়িত্ব অৰ্পন কৰিছে সভাপতি ভূপেন বৰাই ৷

বৃহস্পতিবাৰে অৰ্পন কৰা দায়িত্ব অনুসৰি কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক দায়িত্ব দিয়া হৈছে শিৱসাগৰ , চৰাইদেউ , যোৰহাট , মাজুলী , লখিমপুৰ , ধেমাজি , গোলাঘাট , নগাও আৰু মৰিগাও জিলাৰ ৷

- Donation -

কমলাক্ষ দে পুৰকায়স্থক পশ্চিম কাৰ্বি আংলঙ , হোজাই , কৰিমগঞ্জ , কাছাৰ , হাইলাকান্দি , দৰং , বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ দায়িত্ব দিয়া হৈছে ৷

জাকিৰ হুছেইন শিকদাৰক কামৰূপ(গ্ৰাম্য) , নলবাৰী , বৰপেটা , বঙাইগাও , গোৱালপাৰা , ধুবুৰী , দক্ষিণ শালমৰা আৰু বজালী জিলাৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷

বাকী জিলাসমূহৰ সাংগঠনিক দিশ চোৱা- চিতা কৰিব সভাপতি ভূপেন বৰাই নিজে ৷

 

Leave A Reply

Your email address will not be published.