কাবুলত আত্মঘাটী আক্ৰমণ কৰা আইছিছ খুৰাছান কি ?

Share This Article

আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত আত্মঘাটী বোমা বিস্ফোৰণৰ বাবে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছৰ খুৰাছান গোটক জগৰীয়া কৰা হৈছে ৷ আফগানিস্তানত সক্ৰিয় হৈ থকা চৰমপন্থী সংগঠনসমূহৰ ভিতৰত আইছিছৰ খুৰাছান গোটেই হ’ল আটাইতকৈ ভয়ানক ৷

২০১৫ চনত ইৰাক আৰু ছিৰিয়াত ‘ইছলামিক ষ্টেট’ চৰম অৱস্থাত থকা সময়তে গঠন হৈছিল আইছিছ খুৰাছান গোট ৷ পাকিস্তান আৰু আফগানিস্তানত ই অধিক সক্ৰিয় ৷ তালিবানে ধৰ্মীয় গোড়ামি ত্যাগ কৰা বুলি যিসকলে ভাবে তেওলোকে আইছিছ খুৰাছান গোটত যোগ দিয়ে ৷

আইছিছ কুৰাছান ধৰ্মৰ ক্ষেত্ৰত ইমানেই গোড়া যে ছোৱালীয়ে অধ্যয়ণ কৰা বিদ্যালয় , চিকিৎসালয়ৰ মেটাৰ্ণিটী শাখাকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

আফগানিস্তানৰ পূৱ প্ৰান্তৰ নগৰহাৰত এই জিহাদী সংগঠনৰ মূল ঠিকনা আছে ৷ পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলা  নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু মানৱ সৰবৰাহৰ ব্যৱসায়ৰ পৰা তেওলোকে ধন সংগ্ৰহ কৰে ৷এসময়ত আইছিছ খুৰাছান গোটত ৩০০০ সদস্য আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত আফগান সেনা আৰু নাটো বাহিনীৰ অভিযানৰ ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হয় ৷

তালিবানৰ লগত আইছিছ খুৰাছান গোটৰ পোনপটীয়ে নেটৱৰ্ক নাই যদিও তৃতীয় এটা গোটৰ জড়িয়তে সম্পৰ্ক ৰক্ষা কৰি আহিছে ৷ তৃতীয় গোটটো হ’ল হক্কানী নেটৱৰ্ক ৷ এই হক্কানী নেটৱৰ্কৰ লগত আইছিছ খুৰাছানৰ ঘণিষ্ঠ সম্পৰ্ক আছে ৷সম্পৰ্ক ৰক্ষা কৰিলেও তালিবান আৰু আইছিছ খুৰাছানৰ মাজত তীব্ৰ মতপাৰ্থক্য আছে ৷ আইছিছ খুৰাছানৰ অভিযোগ যে তালিবানে জিহাদৰ পথ এৰি দোহাৰ বিলাসী হোটেলত বুজাবুজিৰ পথ বাছি ল’লে ৷

আইছিছ খুৰাছান এতিয়া আফগানিস্তানৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.