নন্দিতা শইকীয়াৰ মৃত্যুৰ লগতে আন বিষয়ত কি কি সিদ্ধান্ত হ’ল আজিৰ কেবিনেটত ?

Share This Article

কেবিনেট  বৈঠকৰ আৰম্ভণিতে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ দুৰ্ভাগ্যজনক মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে।  চৰকাৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক ইতিমধ্যে গোচৰটোৰ দ্ৰুত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে , যাতে অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰিব পৰা যায়।

আন আন বিভাগক লৈ গ্ৰহণ কৰা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-

 শিক্ষা বিভাগ

➡   কেবিনেটে অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ অন্তিম বৰ্ষৰ বাবে শ্ৰেণীসমূহ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৮ বছৰৰ অধিক বয়সৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ টিকাকৰণৰ বাবে কাইলৈৰ পৰা অহা ৫ ছেপ্টেম্বৰলৈকে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,  জিলা প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় আৰু সকলো বিশ্ববিদ্যালয় চৌহদত ক’ভিড-১৯ৰ টিকাকৰণ শিবিৰ অনুষ্ঠিত হ’ব।

➡   শ্ৰেণীত উপস্থিত থকাৰ বাবে, ক’ভিড-১৯ ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰাটো বাধ্যতামূলক হ’ব। অৱশ্যে হোষ্টেলসমূহ খোলাৰ বাবে আৱাসীসকলে ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিব লাগিব।

➡   শিক্ষানুষ্ঠান খোলা আৰু সেই সম্পৰ্কীয় বিষয়বোৰ সামৰি অহা ৩১ আগষ্ট বা তাৰ পূৰ্বেই আদৰ্শ পৰিচালনা বিধি (এছ অ’ পি) জাৰি কৰা হ’ব।

জনস্বাস্থ্য কাৰিকৰী বিভাগ

➡  কেবিনেটে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩ (তিনিটা) নতুন সংমণ্ডল সৃষ্টি কৰাৰ সিদ্ধান্ত লয় আৰু নতুন সংমণ্ডলসমূহৰ বাবে ৯৩ টা নতুন পদ সৃষ্টিত অনুমোদন জনায়। এই সংমণ্ডলকেইটা হৈছে  মাজুলী (মুখ্য কাৰ্যালয় – কমলাবাৰী), দক্ষিণ শালমৰা-মানকাচৰ (মুখ্য কাৰ্যালয় – হাটশিঙিমাৰী) আৰু  বজালী (মুখ্য কাৰ্যালয় – পাঠশালা)।

ক্ৰীড়া বিভাগ

➡ কেবিনেটে প্ৰতি বছৰৰ ৩ ছেপ্টেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোক ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

➡ কেবিনেটে ক্ৰীড়া পেঞ্চনৰ পৰিমাণ বৰ্তমানৰ ৮,০০০/- টকাৰ পৰা ১০,০০০/- টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

➡ কেবিনেটে ক্ৰীড়াবিদসকললৈ আগবঢ়োৱা এককালীন আৰ্থিক সাহায্যৰ পৰিমাণ ৫০,০০০/- টকা নিৰ্ধাৰণ কৰে।

➡ কেবিনেটে লগতে সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু অলিম্পিকত পদক অৰ্জন কৰা খেলুৱৈসকলক প্ৰতি মাহে ১০,০০০/- টকাকৈ জীৱনজোৰা পেঞ্চন প্ৰদান কৰা হ’ব।

লোক নিৰ্মাণ বিভাগ

➡ লোক নিৰ্মাণ (গৃহ)বিভাগৰ কাম-কাজৰ সুষম ৰূপায়ণৰ বাবে ৰাজ্যখনত ৮টা নতুন চক্ৰ, ২০ টা নতুন সংমণ্ডল আৰু ২৮ টা উপ-সংমণ্ডল সৃষ্টিত কেবিনেটে অনুমোদন জনায়। বিভাগটোৰ বাবে ৮০৪ টা কাৰিকৰী পদ সৃষ্টিটো আজিৰ কেবিনেটে অনুমোদন জনায়।

অন্যান্য সিদ্ধান্ত

➡ জনসেৱাৰ স্বাৰ্থত আৰু চৰকাৰী কাৰ্যসূচী আৰু কাম-কাজৰ সুষম ৰূপায়ণৰ বাবে কৰ্মচাৰীসকলক উপযুক্তভাৱে নিয়োজিত কৰাৰ স্বাৰ্থত সংশ্লিষ্ট বিভাগৰ মুৰব্বীৰ সৈতে আলোচনাসাপেক্ষে কনিষ্ঠ অভিযন্তা পদৰ পৰ্যায়লৈকে জিলাখনৰ চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলক সংশ্লিষ্ট জিলাৰ ভিতৰতে বদলি কৰাৰ কৰ্তৃত্ব জিলা উপায়ুক্তক প্ৰদান কৰা বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

➡ ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হিচাপে নামকৰণ কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

➡   আজিৰ কেবিনেট বৈঠকত বিটিএডিৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে মন্ত্ৰী যোগেন মহন আৰু ইউ জি ব্ৰহ্মক দায়িত্ব অৰ্পণ কৰা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.